পাঁচবছৰৰ বাবে পশ্চিমবংগক নেতৃত্ব দিব শুভেন্দ্ৰই…
কলকাতা, ৮ মে’ঃ
অৱশেষত অন্ত পৰিল জল্পনা-কল্পনা৷ শুকুৰবাৰে বিজেপিৰ ২০৭ জন বিজয়ী প্ৰাৰ্থীৰ সৈতে বৈঠক কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুভেন্দু অধিকাৰীক পশ্চিমবঙ্গ বিধানসভাৰ বিধায়িনী দলৰ নেতা হিচাপে নিৰ্বাচন কৰে। শাসকীয় দলৰ বিধায়িনী নেতা শুভেন্দ্ৰ অধিকাৰী হ’ব ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। শনিবাৰে কলকাতাৰ ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত নতুন চৰকাৰে শপত ল’ব। বিধায়িনী দলৰ বৈঠকৰ পিছতে অমিত শ্বাহে কয়, ‘সংসদীয় দলৰ নেতা নিৰ্বাচনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। আঠটা প্ৰস্তাৱ আহিছিল আৰু সকলো প্ৰস্তাৱতে এটা মাত্ৰ নাম আছিল। দ্বিতীয় এটা নামৰ বাবে পৰ্যাপ্ত সময় দিয়া হৈছিল, কিন্তু কোনো দ্বিতীয় নাম নাহিল। সেয়েহে মই শুভেন্দু অধিকাৰীক পশ্চিমবঙ্গৰ মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰিছো।’
যিকোনো ৰাজ্যত নিৰ্বাচনৰ পিছত বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ সময়ত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই সেই ৰাজ্যলৈ কেন্দ্ৰীয় পৰ্যবেক্ষক প্ৰেৰণ কৰে। এইবাৰ পশ্চিমবঙ্গৰ ক্ষেত্ৰত শ্বাহক মুখ্য পৰ্যবেক্ষক হিচাপে প্ৰেৰণ কৰা হৈছিল। তেওঁৰ সৈতে সহযোগী পৰ্যবেক্ষক হিচাপে দায়িত্ব দিয়া হৈছিল চুবুৰীয়া ৰাজ্য ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিক। তেওঁলোকৰ তত্ত্বাবধানত শুকুৰবাৰে বিয়লি নিউ টাউনৰ বিশ্ববাংলা কনভেনচন চেণ্টাৰত হ’বলগীয়া বিধায়কসকলৰ বৈঠক অনুষ্ঠিত হয়। তাতেই সৰ্বসন্মতিক্ৰমে বিধায়িনী দলৰ নেতা তথা মুখ্যমন্ত্ৰী হিচাপে শুভেন্দুৰ নাম স্থিৰ কৰা হয়। বৈঠকৰ পিছত বিজেপি নেতৃত্বই নতুন মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰে। বিধায়কসকলৰ সমৰ্থন লৈ শুভেন্দুৱে এইবাৰ লোক ভৱনলৈ যাব আৰু ৰাজ্যপাল আৰ.এন. ৰবিৰ ওচৰত চৰকাৰ গঠনৰ বাবে দাবী উত্থাপন কৰিব।
মুখ্যমন্ত্ৰী যে শুভেন্দুৱেই হ’ব, তাক লৈ কৌতুহল থাকিলেও পদ্ম শিবিৰত বিশেষ সংশয় নাছিল। ভোটৰ ফলাফল ঘোষণাৰ পৰাই মুখ্যমন্ত্ৰী পদৰ বাবে তেওঁকেই আটাইতকৈ শক্তিশালী দাবীদাৰ বুলি গণ্য কৰা হৈছিল। কাৰণ, তেওঁ একেৰাহে দুবাৰকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীক নিৰ্বাচনী যুঁজত পৰাস্ত কৰিছে। ২০২১ চনৰ বিধানসভা নিৰ্বাচনত শুভেন্দুৱে নিজৰ সমষ্টি নন্দীগ্ৰামৰ পৰা মমতা বেনাৰ্জীৰ বিৰুদ্ধে যুঁজি ১৯৫৬ টা ভোটত জয়ী হৈছিল। নিজৰ ঘৰুৱা মাটিত মমতাকে হৰুৱাৰ পিছত এইবাৰ মমতাৰ নিজৰ এলেকালৈ আহি তেওঁক প্ৰত্যাহ্বান জনাইছিল শুভেন্দুৱে। নন্দীগ্ৰাম আৰু ভৱানীপুৰ— এই দুয়োটা সমষ্টিৰ পৰা তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। মমতাৰ বিৰুদ্ধে কেৱল জয়লাভেই নহয়, পূৰ্বতকৈ জয়ৰ ব্যৱধানো বহুখিনি বৃদ্ধি কৰিছে। ভৱানীপুৰত তেওঁ মমতাকে ১৫ হাজাৰতকৈও অধিক ভোটত পৰাস্ত কৰিছে।
পশ্চিমবঙ্গৰ ৰাজনৈতিক ইতিহাসত বিৰোধী দলৰ নেতা আৰু মুখ্যমন্ত্ৰীৰ এনে ‘মুখামুখি যুঁজ’ অতি বিৰল। পূৰ্বে কোনেও এনে দৃশ্য দেখা বুলি মনত পেলাব পৰা নাই। তদুপৰি, মুখ্যমন্ত্ৰীক নিৰ্বাচনত বিৰোধী দলৰ নেতা স্বয়ং হৰুৱাই দিছে— এনেকুৱাও সচৰাচৰ দেখা নাযায়। ভৱানীপুৰৰ লগতে নন্দীগ্ৰামতো শুভেন্দু জয়ী হৈছে। তাত তৃণমূল প্ৰাৰ্থী পবিত্ৰ কৰক তেওঁ প্ৰায় ১০ হাজাৰ ভোটত পৰাস্ত কৰিছে। ইয়াৰ পিছতে বিজেপিৰ ভিতৰচৰাতে একাংশই ক’বলৈ আৰম্ভ কৰিছিল যে শুভেন্দুৱেই মুখ্যমন্ত্ৰী পদৰ যোগ্য দাবীদাৰ আৰু আন কাকো এই দায়িত্ব দিয়াটো উচিত নহ’ব।
ইয়াৰ পাছতো বিজেপি চৰকাৰৰ নতুন মুখ্যমন্ত্ৰী কোন হ’ব, তাক লৈ জল্পনা-কল্পনা অব্যাহত আছিল। তাৰ এটা কাৰণ অৱশ্যে দলটোৰ ইতিহাস। অতীতে দেশৰ বহু ৰাজ্যত চৰকাৰ গঠনৰ সময়ত মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰি বিজেপি নেতৃত্বই আচৰিত কৰি দিছে। এনে বহু ব্যক্তিক সংসদীয় দলৰ নেতা নিৰ্বাচন কৰা হৈছে যাৰ কথা কোনেও ভবা নাছিল। পশ্চিমবঙ্গৰ ক্ষেত্ৰতো তেনে কিবা কৰা হ’ব নেকি তাক লৈ চৰ্চা চলিছিল। অৱশ্যে একাংশৰ মতে, আন ৰাজ্যৰ দৰে পশ্চিমবঙ্গৰ মুখ্যমন্ত্ৰী পদত বিশেষ চমক দিয়াৰ সুযোগ নাছিল। মমতাকে ভৱানীপুৰত হৰুৱাই শুভেন্দুৱে মুখ্যমন্ত্ৰী পদৰ বাবে নিজৰ দাবী অতি শক্তিশালী কৰি তুলিছিল। তাক উপেক্ষা কৰাটো সম্ভৱ নাছিল; কৰিলে দলৰ ভিতৰতে এটা অংশত ক্ষোভৰ সৃষ্টি হ’লহেঁতেন। নিৰ্বাচনত ইমান ডাঙৰ জয়ৰ পিছত কেন্দ্ৰীয় নেতৃত্বই সেই বিপৰদ ল’বলৈ নিবিচাৰিলে।
পশ্চিমবঙ্গ বিধানসভাৰ ২৯৪ খন আসনৰ ভিতৰত ২৯৩ খনৰ ফলাফল যোৱা ৪ মে’ত জনা গৈছে। ২০৭ খনতে বিজেপি প্ৰাৰ্থী জয়ী হৈছে। তৃণমূল ৮০ খন আসনত জয়ী হৈছে আৰু ছখন আসন লাভ কৰিছে বামপন্থী, কংগ্ৰেছ আৰু অন্যান্য দলসমূহে। দক্ষিণ ২৪ পৰগণাৰ ফলতা সমষ্টিত অহা ২১ তাৰিখে পুনৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। তাৰ পূৰ্বে শনিবাৰে বিজেপিৰ শপতগ্ৰহণ উপলক্ষে কলকাতালৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। শ্বাহ শুকুৰবাৰে পুৱাই চহৰখনত উপস্থিত হয় আৰু দক্ষিণেশ্বৰ মন্দিৰত পূজা-অৰ্চনাও কৰে। তেওঁলোকৰ উপস্থিতিত নতুন চৰকাৰৰ শপতগ্ৰহণক লৈ এতিয়া ৰাজ্যিক বিজেপিৰ ভিতৰচৰাত ব্যাপক উৎসাহ দেখা গৈছে।
পশ্চিমবঙ্গৰ সপ্তদশ বিধানসভাৰ কাৰ্যকাল বুধবাৰে, ৭ মে’লৈকে আছিল। সেই দিনাই লোক ভৱনৰ পৰা বিধানসভা ভংগ কৰি দিয়াৰ জাননী জাৰী কৰে ৰাজ্যপালে। বিধানসভা ভংগ কৰাৰ অৰ্থ হ’ল চৰকাৰ আৰু নাই। সাধাৰণতে ক্ষমতাৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত নিৰ্বাচনত পৰাজয় স্বীকাৰ কৰি বিদায়ী মুখ্যমন্ত্ৰীয়ে ৰাজ্যপালৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে। নতুন চৰকাৰে
শপত নোলোৱালৈকে ৰাজ্যপালে তেওঁকেই তত্ত্বাৱধায়ক মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব পালন কৰিবলৈ অনুৰোধ জনায়। পশ্চিমবঙ্গৰ ক্ষেত্ৰত তেনে নহ’ল। বিজেপিৰ ধুমুহাত উৰি যোৱাৰ পাছতো হাৰ মানিবলৈ অস্বীকাৰ কৰে তৃণমূল নেত্ৰী মমতা বেনাৰ্জীয়ে। তেওঁ জনাই দিছে যে মুখ্যমন্ত্ৰী পদৰ পৰা ইস্তফা নিদিয়ে কাৰণ তেওঁৰ দল পৰাস্ত হোৱা নাই। জোৰকৈ ভোট লুট কৰি তেওঁলোকক হৰুৱা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে মমতাই আৰু আইনী যুঁজৰ হুংকাৰ দিছে। নিৰ্বাচনত পৰাজিত হোৱাৰ পিছতো মুখ্যমন্ত্ৰীয়ে ইস্তফা নিদিয়াত পশ্চিমবঙ্গত এক অভূতপূৰ্ব পৰিস্থিতিৰ সৃষ্টি হৈছে। ৰাজ্যপালে বিচাৰিলে বিধানসভা ভংগ কৰাৰ লগে লগে মমতাকে মুখ্যমন্ত্ৰী পদৰ পৰা বৰ্খাস্ত কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ তেনে নকৰিলে। আকৌ তেওঁক নতুন চৰকাৰৰ শপতগ্ৰহণলৈকে ‘তত্ত্বাৱধায়ক মুখ্যমন্ত্ৰী’ হিচাপে কাম চলাই যাবলৈও কোৱা নাই। ফলত বৃহস্পতিবাৰৰ সন্ধিয়াৰ পৰা শনিবাৰলৈকে ৰাজ্যৰ শাসনভাৰ আপাততঃ পোনপটীয়াকৈ ৰাজ্যপালৰ হাতত। বহু লোকৰ মতে, তেওঁ বিচাৰিলে ডেৰ দিনৰ বাবে পশ্চিমবঙ্গত ৰাষ্ট্ৰপতি শাসন জাৰী কৰিব পাৰিলেহেঁতেন, কিন্তু কৰা নহ’ল। এই পৰিস্থিতিত নতুন চৰকাৰ গঠনক লৈ সকলো জল্পনা-কল্পনাৰ অন্ত পৰিল শুকুৰবাৰে। শুভেন্দুৰ নেতৃত্বতে অহা পাঁচ বছৰ ৰাজ্যখন চলাব নিৰ্বাচিত বিজেপি চৰকাৰে।
Like this:
Like Loading...