...

গোৱালপাৰাৰ লক্ষীপুৰ দুৰ্গাপূজাৰ ২৪০ বছৰ

গোৱালপাৰাৰ লক্ষীপুৰ দুৰ্গাপূজাৰ ২৪০ বছৰ

ইংৰাজৰ বিৰূদ্ধে যুঁজ দিয়াৰ প্ৰস্তুতি ৰূপে আৰম্ভ হোৱা ৰাজ্যৰ এখন স্বকীয় বৈশিষ্ট্যৰ পূজা

ধুবুৰী,১৩ অক্টোবৰ:

২৪০ বছৰৰ পৰা নিৰবচ্ছিন্ন ভাবে অনুষ্ঠিত হৈ অহা অবিভক্ত গোৱালপাৰা জিলা তথা বৰ্তমানৰো গোৱালপাৰা জিলাৰ  লক্ষীপুৰৰ তিনআনিৰ দুৰ্গাপূজাখনৰ সৈতে জড়িত হৈ আছে বিশেষ এক ইতিহাস। দৰাচলতে ১৭৮৬ চনত ইংৰাজৰ লগত যুঁজ দিয়াৰ বাবে শক্তি আৰোহণ আৰু যুদ্ধৰ প্ৰস্তুতিৰ চলাবলৈ মেছপাৰাৰ প্ৰতাপী জমিদাৰ ৰণাৰাম চৌধুৰীয়ে আৰম্ভ কৰিছিল এই বিশেষ পূজাখন। অৱশ্যে বৈষ্ণব হৈও জমিদাৰ চৌধুৰীয়ে দুর্গাপূজা কৰিবলৈ লোৱাটো সহজভাবে লোৱা নাছিল পৰিয়ালটোৰ গুৰু বালিজানা সত্রৰ সত্রধিকাৰে। লোকশ্ৰুতি মতে খংত টিঙিৰি-তুলাহৈ সত্ৰাধিকাৰ গৰাকীয়ে আহি পূজাৰ আগতেই অৰ্দ্ধনিৰ্মিত দুর্গা প্ৰতিমা ব্ৰহ্মপুত্ৰৰ বুকুত বিসৰ্জন দিবলৈ নিৰ্দেশ  দিছিল৷ কিন্তু প্ৰতিমা বিসৰ্জনৰ পিছত বালিজানালৈ উভতি যোৱাৰ সময়ত মাজবাটত ৰংচইৰ কাষত পাহাৰৰ পৰা নামি অহা এটা হাতীয়ে তেখেতৰ বাট আগচি ধৰে। এই ঘটনাই সত্ৰাধিকাৰ গৰাকীৰ  মনত গভীৰ ৰেখাপাত কৰে আৰু পুনৰ  উভতি আহি জমিদাৰ ৰণাৰামক দুৰ্গাপূজা কৰিবলৈ অনুমতি প্ৰদান কৰে৷ উল্লেখ্য যে, বৈষ্ণৱ সংস্কৃতিৰ প্ৰভাৱ হিচাপে বৰ্তমানো এই দুৰ্গা পূজাখনত নাই কোনো ধৰণৰ বলী-বিধানৰ প্ৰচলন। তদুপৰি এই পূজাখনৰ নিজস্ব কিছু স্বকীয় লোকাচাৰো আছে। পূৰ্বে দেৱী প্ৰতিমা বিসৰ্জনৰ পিছত যাত্ৰা পূজা অনুষ্ঠিত হৈছিল যদিও বৰ্তমানে তাৰ ঠাইত মহিলা-শিশুসকলৰ মাজত এক বিশেষ খেল অনুষ্ঠিত হয়। এই বেলি ২৩৮ বছৰত ভৰি দিবলগীয়া এই পূজাখনৰ পূৰ্বৰ জাকজমকতা বহু পৰিমাণে হ্ৰাস পাইছে যদিও অতি জাগ্ৰত বুলি লোকবিশ্বাস থকা এই পূজাখনলৈ পূজাৰ কেইদিনদেবী দুৰ্গাৰ আশীষ লবলৈ উপস্থিত বহু দূৰ-দূৰণিৰ ভক্তপ্ৰাণ ৰাইজ।

Leave a Reply

Your email address will not be published. Required fields are marked *