...

অসম এছ’চিয়েছন বেংগালোৰৰ সৌজ্যনত দুৰ্গা পূজা উদযাপন

অসম এছ’চিয়েছন বেংগালোৰৰ সৌজ্যনত দুৰ্গা পূজা উদযাপন

চাইন অন ডেস্ক,১৯অক্টোবৰ:

শাৰদীয় দুৰ্গ্যোৎসৱৰ বতৰ,চৌদিশে উখল মাখল পৰিবেশ ৷ প্ৰবাসত থাকিও শিপাক নাপাহৰা এই সকল অসমীয়াই ‘অসম এছ’চিয়েছন বেংগালোৰ’ৰ সৌজ্যনত অইন বেলিৰ দৰে এইবেলিও অতি ধুম ধামেৰে দুৰ্গা পূজাৰ আয়োজন কৰিছে।যোৱা ১৬ অক্টোবৰৰ পৰা ২১ অক্টোবৰলৈ HAL কল্যাণ মণ্টপত এই বাৰৰ দুৰ্গা পূজা উদযাপন কৰিছে ৷ এই ছয়টা দিনৰ বাবে বাংগালৰোৰ এটা কোণত যেন অসমে প্ৰাণ পাই উঠিছে।অসম এছ’চিয়েছন বাংগালোৰৰ এইবাৰৰ দুৰ্গা পূজাৰ উদ্দেশ্য হ’ল “অসমীয়া সংস্কৃতিক বাংগালোৰলৈ লৈ অহা ৷ সম্পূৰ্ণ অসমীয়া আৰ্হিত বনোৱা পূজা মণ্ডপ,মুগা মেখেলা চাদৰ,অসমীয়া পৰম্পৰা আৰু প্ৰামাণিকতা বিধি বিধানেৰে পুৰোহিতৰ পূজা আৰু অসমীয়া ৰান্ধনীৰ হাতৰ থলুৱা খাদ্যৰে প্ৰতিদিনৰ ভোগ৷আটাইতকৈ ভাল লগা কথা এইয়ে যে অসম এছ’চিয়েছন বাংগালোৰৰ পূজাত অনাথ শিশু সকলৰ
প্ৰতিবছৰে আয়োজন কৰা হয় ‘দুৰ্গাপাত্ৰ অভিযান’। এই অনুষ্ঠানত শিশুসকলক বিশেষ অতিথি হিচাপে আদৰি অনা হয়, মা দুৰ্গাৰ আশীৰ্বাদ লোৱাৰ সুযোগ দিয়া হয় আৰু তেওঁলোকক ভোগ খুওৱা হয়। প্ৰতিদিনে সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানেৰে মুখৰিত হৈছে পূজাৰ বাকৰি ৷ লগতে আছে বিভিন্ন ধৰণৰ খাদ্যৰ বিপণী ৷ অসম এছ’চিয়েছন বাংগালোৰৰ এই ধৰণৰ প্ৰচেষ্টাই ইতিমধ্যে বহুতো স্বীকৃতি লাভ কৰিবলৈও সক্ষম হৈছে ৷ যোৱা বছৰ জয়নগৰৰ শালিনী গ্ৰাউণ্ডত অনুষ্ঠিত দুৰ্গা পূজাই মৈত্ৰী বন্ধন দুৰ্গোৎসৱ পুৰস্কাৰ ২০২৫-ত ‘শ্ৰেষ্ঠ ভোগ’ (মধ্যম বাজেট শাখা)ৰ প্ৰথম পুৰস্কাৰ লাভ কৰিছিল। ২০২৪ চনতো অসম এছ’চিযেছন বাংগালোৰৰ পূজাই ‘মৈত্ৰী বন্ধন’ আৰু ‘টীম টেম্পল দেখো দুৰ্গা পূজা বঁটা’ত শ্ৰেষ্ঠ সাজ সজ্জাৰ বঁটা লাভ কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *