...

ডিব্ৰুগড়ত দেৱী আৰাধনাৰে মুখৰিত শাৰদীয় দুৰ্গোৎসৱ

ডিব্ৰুগড়ত দেৱী আৰাধনাৰে মুখৰিত শাৰদীয় দুৰ্গোৎসৱ

চাইন অন ডেস্ক,১৮ অক্টোৱৰ:

এয়া যে শৰতৰ বতৰ,কহুঁৱাৰ বতৰ। শেৱালিৰ সুবাস, কঁহুৱাৰ মৃদু ঢৌ আৰু ঢাকৰ ধ্বনিৰে মুখৰিত চৌদিশ। ধৰালৈ আগমন ঘটিছে দেৱী দুৰ্গাৰ। শাৰদীয় দুৰ্গোৎসৱক লৈ এতিয়া উখল-মাখল ডিব্ৰুগড়ৰ আকাশ-বতাহ।ধৰ্মীয় পৰম্পৰা আৰু পূজাৰ নীতি-নিয়ম অনুসৰি দেৱী দুৰ্গাৰ আৰাধনাৰে উখল-মাখল হৈ পৰিছে ডিব্ৰুগড়ৰ প্ৰতিখন পূজা মণ্ডপ। পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ, ধূপ-ধূনাৰ সুবাস আৰু শাৰদীয় উৎসৱৰ পৰিৱেশে এক আধ্যাত্মিক আবহৰ সৃষ্টি কৰিছে।প্ৰতিখন পূজা মণ্ডপতে দেখা গৈছে ভিন্নধৰ্মী থীম, নান্দনিক সজ্জা আৰু আকৰ্ষণীয় আলোকসজ্জা। মণ্ডপসমূহৰ অনন্য ৰূপে দৰ্শনাৰ্থীক আকৰ্ষিত কৰাৰ সমান্তৰালকৈ উৎসৱৰ আনন্দ দুগুণে বৃদ্ধি কৰিছে।ডিব্ৰুগড়ৰ চৌকিডিঙীস্থিত কে.পি. ৰোডৰ দুৰ্গাপূজা সমিতিয়েও এইবাৰ গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। কেৱল আড়ম্বৰ আৰু মনোৰঞ্জনতে সীমাবদ্ধ নাথাকি, পূজাৰ জৰিয়তে সমাজলৈ এক ইতিবাচক বাৰ্তা প্ৰেৰণৰ প্ৰয়াস কৰিছে উদ্যোক্তাসকলে।সুন্দৰ প্ৰতিমা, নান্দনিক সজ্জা আৰু আলোকসজ্জাই মণ্ডপৰ সৌন্দৰ্য অধিক বৃদ্ধি কৰিছে। প্ৰতিটো মণ্ডপতে বাজি উঠা শাৰদীয় দুৰ্গোৎসৱৰ চিনাকি ঢাকৰ ধ্বনিয়ে সৃষ্টি কৰিছে উৎসৱমুখৰ পৰিৱেশ।পশ্চিমবংগৰ লগতে অসমতো সাৰ্বজনীন উৎসৱ হিচাপে পৰিগণিত হোৱা দুৰ্গোৎসৱে জাতি, ধৰ্ম আৰু বৰ্ণ নিৰ্বিশেষে সকলোৰে মাজত সম্প্ৰীতি, মৰম আৰু ঐক্যৰ এনাজৰীডাল অধিক সুদৃঢ় কৰি আহিছে।ইফালে, কে.পি. ৰোডৰ পূজাৰ আন এক উল্লেখযোগ্য দিশ হৈছে প্ৰয়াত শীলা দাশৰ স্মৃতিত তেওঁৰ স্বামী, সমাজসেৱক তথা ইউকো বেংকৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী শেখৰ ৰঞ্জন দাশে এইবাৰ শ্ৰীশ্ৰী মা দুৰ্গাৰ প্ৰতিমা আগবঢ়াইছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে।এই পূজাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে এক উৎসৱমুখৰ পৰিৱেশৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *