জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগত চৰকাৰক কঠোৰ প্ৰশ্ন গৌৰৱ গগৈৰ
এছআইটিৰ তদন্তক লৈ প্ৰশ্ন প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ
অভিযুক্তসকলে এটাৰ পিছত এটাকৈ জামিন পোৱাক লৈ চৰকাৰক সমালোচনা
চাইন অন ডেস্ক,১৮ অক্টোবৰঃ
জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তক লৈ পুনৰ অসম চৰকাৰক কঠোৰ প্ৰশ্নৰে থকা-সৰকা কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। তদন্ত প্ৰক্ৰিয়াৰ স্বচ্ছতা আৰু অসম চৰকাৰে গঠন কৰা বিশেষ তদন্তকাৰী দলৰ কাৰ্যদক্ষতাক লৈ প্ৰশ্ন উত্থাপন কৰি গগৈয়ে কয় যে আৰম্ভণিৰে পৰাই তেওঁ তদন্ত উচিত ধৰণে হোৱা নাই বুলি ভাবি আহিছে।গৌৰৱ গগৈৰ অভিযোগ, ছিংগাপুৰ চৰকাৰে জুবিন গাৰ্গৰ মৃত্যুক স্বাভাৱিক মৃত্যু বুলি প্ৰকাশ কৰাৰ সময়ত অসম চৰকাৰে বিষয়টোক গুৰুত্বসহকাৰে লোৱা নাছিল। সেই সময়ত মুখ্যমন্ত্ৰীয়ে ছিংগাপুৰ চৰকাৰতকৈ অসম চৰকাৰে অধিক ভালদৰে কাম কৰা বুলি দাবী কৰিছিল। কিন্তু এতিয়া তদন্তৰ অগ্ৰগতি আৰু অভিযুক্তসকলে এটাৰ পিছত এটাকৈ জামিন লাভ কৰা ঘটনাই সেই দাবীৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্নৰ সৃষ্টি কৰিছে বুলি মন্তব্য কৰে কংগ্ৰেছ সভাপতি গৌৰৱ গগৈয়ে৷ তেওঁ প্ৰশ্ন কৰে, অসম চৰকাৰে যদি সঁচাকৈয়ে উন্নত মানৰ তদন্ত কৰিছে আৰু এছআইটিৰ হাতত সকলো তথ্য-প্ৰমাণ আছে, তেন্তে অভিযুক্তসকলে কিয় এটাৰ পিছত এটাকৈ জামিন লাভ কৰিছে? গোচৰটোৰ সকলো গুৰুত্বপূৰ্ণ তথ্য এছআইটিৰ হাতত থাকিলে অভিযুক্তসকলে জামিন লাভ কৰাৰ পৰিস্থিতি কিয় সৃষ্টি হ’ল, সেই সন্দৰ্ভতো তেওঁ প্ৰশ্ন উত্থাপন কৰে। গগৈয়ে লগতে কয় যে এছআইটি গঠন কৰিছে অসম চৰকাৰে আৰু তদন্তৰ সময়ছোৱাত মুখ্যমন্ত্ৰীয়েও সঘনাই সংবাদমেল অনুষ্ঠিত কৰি গোচৰটোৰ সন্দৰ্ভত বিভিন্ন কথা প্ৰকাশ কৰিছিল। কিন্তু মুখ্যমন্ত্ৰীয়ে বিধানসভাৰ মজিয়াত উত্থাপন কৰা অভিযোগসমূহ আদালতত এছআইটিয়ে কিয় প্ৰমাণ কৰিব পৰা নাই, সেই প্ৰশ্নৰ উত্তৰ চৰকাৰে দিব লাগিব বুলি তেওঁ মন্তব্য কৰে। তেওঁৰ মতে, মুখ্যমন্ত্ৰীয়ে নিজেই উত্থাপন কৰা অভিযোগসমূহৰ সমৰ্থনত প্ৰয়োজনীয় তথ্য-প্ৰমাণ আদালতত দাঙি ধৰাত তদন্তকাৰী সংস্থাটো কিয় সফল হোৱা নাই, সেয়া গুৰুত্বসহকাৰে বিচাৰ কৰিবলগীয়া বিষয়। জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰসংগত ৰাজনীতিৰ ঊৰ্ধ্বলৈ গৈ সকলোকে একত্ৰিত হোৱাৰ আহ্বান জনাই গৌৰৱ গগৈয়ে কয় যে এই ক্ষেত্ৰত বৰ্তমানৰ অসম চৰকাৰে দায়িত্ব গ্ৰহণ কৰিব লাগিব। তদন্তত কিবা বিশেষ কাৰণত গাফিলতি বা ত্ৰুটি ৰৈ গৈছে নেকি, সেই বিষয়েও প্ৰশ্ন উত্থাপন কৰি তেওঁ চৰকাৰৰ পৰা ইয়াৰ স্পষ্ট উত্তৰ দাবী কৰে। জুবিন গাৰ্গৰ ন্যায় নিশ্চিত কৰাৰ স্বাৰ্থত ৰাজনৈতিক মতভেদ পাহৰি সকলোৱে একত্ৰিত হৈ চৰকাৰক প্ৰশ্ন কৰা উচিত বুলিও মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে৷