ডিব্ৰুগড়ত দুৰ্গাপূজাৰ উলহ মালহেৰে ৰাইজৰ বিৰ দি বাট নোপোৱা অৱস্থা
বহুজনৰ কৰ্মসংস্থান আৰু উপাৰ্জনৰ উৎসৱ
চাইন অন ডেস্ক,১৭অক্টোবৰ:
ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে ডিব্ৰুগড়তো চহৰৰ বিভিন্ন ঠাইত দুৰ্গাপূজাৰ মণ্ডপত প্ৰতিমা স্থাপন কৰি ৰাইজে উদযাপন কৰিছে এই পূজা। এই পূজা কেৱল এটা ধৰ্মীয় উৎসৱ নহয়,এয়া বঙালীসকলৰ লগতে অসমীয়া সকলো এই উৎসৱত একাত্ম হৈ পৰিছে।সামাজিক, সাংস্কৃতিক আৰু সাৰ্বজনীন উৎসৱ দুৰ্গাপূজাই দেশৰ অৰ্থনীতিত এক ডাঙৰ ভূমিকা পালন কৰাৰ লগতে এইকেইদিনত বহু মানুহৰ কৰ্মসংস্থান আৰু উপাৰ্জনৰ বাট মুকলি কৰিছে। দুৰ্গাপূজা এতিয়া আৰু কেৱল এটা ধৰ্মীয় সম্প্ৰদায়ৰ উৎসৱ হৈ থকা নাই, পশ্চিমবংগৰ লগতে অসমতো এই পূজা সাৰ্বজনীন আৰু একপ্ৰকাৰ অবিচ্ছেদ্য উৎসৱত পৰিণত হৈছে। এয়া এনে এক অন্তৰ্ভুক্তিমূলক উৎসৱ যিয়ে ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলো মানুহৰ মাজত সম্প্ৰীতি, মৰম আৰু ঐক্যৰ বন্ধন গঢ়ি তোলে। দুৰ্গাপূজা কেৱল এটা ধৰ্মীয় বা সামাজিক উৎসৱেই নহয়, এয়া দক্ষিণ এছিয়াৰ বিশেষকৈ বাংলাদেশ আৰু ভাৰতৰ পশ্চিমবংগৰ অৰ্থনীতিৰ বাবে এক বিশাল চালিকাশক্তি। প্ৰতি বছৰে এই উৎসৱক কেন্দ্ৰ কৰি বজাৰ অৰ্থনীতিত হাজাৰ হাজাৰ কোটি টকাৰ আৰ্থিক লেনদেন হয়। ই উৎপাদকৰ পৰা আৰম্ভ কৰি প্ৰান্তীয় শ্ৰমজীৱী মানুহ, সকলোৰে পকেটলৈ ধনৰ যোগান ধৰে।
দুৰ্গাপূজাত ডাঙৰৰ লগতে সৰু লৰা-ছোৱালীৰো নতুন জোতা, সাজ পোচাক কিনাৰ ধূম পৰে। পূজা উপলক্ষে , শাৰী , মেখেলা চাদৰ আৰু প্ৰসাধনৰ কিনা-বেচা বহুগুণে বৃদ্ধি পায়। দেশৰ শীৰ্ষস্থানীয় ফেচন ব্ৰেণ্ডৰ পৰা আৰম্ভ কৰি ফুটপাথৰ দোকানবোৰত এই সময়ছোৱাত বিক্ৰী বৃদ্ধি পায়। পূজাৰ সাজ-সজ্জাৰ বাবে সোণ, ইমিটেচন জুৱেলাৰী আৰু প্ৰসাধন সামগ্ৰীৰ বজাৰত ব্যাপক কিনা-বেচা চলে। অসমতো ঐতিহ্যবাহী পাইকাৰী আৰু খুচুৰা মাৰ্কেটবোৰত শাঁখা, সেন্দূৰ, প্ৰতিমাৰ মুকুট আৰু শাৰীৰ কোটি কোটি টকাৰ ব্যৱসায়ৰ লগতে দেশৰ বিভিন্ন স্থানত প্ৰতিমা আৰু পূজাৰ সামগ্ৰীৰ ৰমৰমীয়া ব্যৱসায় হয়। প্ৰতিমা নিৰ্মাণৰ সৈতে জড়িত ভাস্কৰ আৰু মৃৎশিল্পীসকলৰ বছৰৰ উপাৰ্জনৰ এক ডাঙৰ অংশ আহে এই উৎসৱৰ পৰা। প্ৰতিমা শিল্পীসকলে মাটি, খেৰ আৰু ৰঙৰ কাম কৰি প্ৰতিমা তৈয়াৰ কৰে আৰু ইয়াৰ মাধ্যমেৰে লাখ লাখ টকালৈকে উপাৰ্জন কৰে। ডিব্ৰুগড়ত বিশাল বিশাল মণ্ডপ, পেন্ডেল নিৰ্মাণ, ডেকোৰেচন আৰু চকু ছাট মৰা আলোকসজ্জাৰ পিছত কোটি কোটি টকা খৰচ হয়, যিয়ে হাজাৰ হাজাৰ শ্ৰমিকৰ সাময়িক কৰ্মসংস্থানৰ সৃষ্টি কৰে। পূজাৰ ঢাক বজোৱা শিল্পী কলকাতাৰ পৰা আহি অসমৰ পৰা বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰি লৈ যায়।পেন্ডেল নিৰ্মাণ, আলোকসজ্জা, চাউন্ড চিষ্টেম আৰু সাজ-সজ্জাৰ কামত নিয়োজিত কাৰিকৰ আৰু ব্যৱসায়ীসকলে এই সময়ত অতিৰিক্ত উপাৰ্জনৰ সুযোগ পায়।