ঐতিহাসিক ডিব্ৰুগড়ত এশখন দুৰ্গা পূজা
বানপানীৰ সমস্যাৰে পৰা মহাকাল-কামাখ্যাৰ আৰ্হিলৈ নিৰ্মাণ পূজা মণ্ডপ
মহাষষ্ঠীৰে পৰা জনসমুদ্ৰত ডিব্ৰুগড়
বিভাস দুৱৰা,১৭অক্টোবৰ:
ডিব্ৰুগড়ত প্ৰায় এশখন দুৰ্গা পূজা মণ্ডপ।কালি মহাষষ্ঠীৰে পূজা আৰম্ভণী হয়। সন্ধিয়াৰে পৰা অধিকাংশ দুৰ্গা পূজা মণ্ডপ আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। ইয়াৰ সমান্তৰালভাৱে দুৰ্গোৎসৱ উপলক্ষে ডিব্ৰুগড় আৰক্ষীয়ে বিশেষ যান-বাহন নিয়ন্ত্ৰণ আৰু নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে। আনহাতে, দুৰ্গা পূজা সমিতিসমূহেও জিলা প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া নিয়মসমূহ যথাসম্ভৱ মানি চলি শান্তিপূৰ্ণ পৰিৱেশত দুৰ্গোৎসৱ উদযাপনৰ প্ৰস্তুতি চলাইছে। দুৰ্গোৎসৱক লৈ সাধাৰণ ৰাইজৰ মাজতো যথেষ্ট উৎসাহ-উদ্দীপনা পৰিলক্ষিত হৈছে। ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা কেইখনমান উল্লেখযোগ্য দুৰ্গা পূজাৰ বিশেষত্বসমূহ তুলি ধৰা হৈছে।
মাৰোৱাৰী পট্টী দুৰ্গা পূজা:
ডিব্ৰুগড়ৰ অন্যতম জনপ্ৰিয় মাৰোৱাৰী পট্টী দুৰ্গা পূজা সমিতিয়ে এইবাৰ ৮২সংখ্যক দুৰ্গোৎসৱ উদযাপন কৰিবলৈ সাজু হৈছে। প্ৰতিবছৰৰ দৰে এইবাৰো ভক্তসকলে দৰ্শন কৰিবলৈ পাব এক ব্যতিক্ৰমী আৰু আকৰ্ষণীয় মাতৃৰ দৰবাৰ।
সমিতিৰ সভাপতি ধীৰজ মুংকাই জানিবলৈ দিয়া অনুসৰি, এইবাৰ উজ্জয়িনীৰ মহাকাল মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে এক বিশাল আৰু দৃষ্টিনন্দন পূজা মণ্ডপ। দুৰ্গোৎসৱৰ চাৰিওটা দিনতে মহাকালৰ চাৰিটা পৃথক ৰূপ বিশেষভাৱে প্ৰদৰ্শন কৰা হ’ব, যি ভক্তসকলৰ বাবে বিশেষ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিব। ইয়াৰ লগতে মণ্ডপত ভগৱান শিৱৰ বাৰটা জ্যোতিৰ্লিংগও প্ৰদৰ্শন কৰা হ’ব।
ইয়াৰ উপৰি দিল্লীৰ পৰা আমন্ত্ৰণ কৰা শিল্পীসকলে চাৰিওটা দিনতে ভগৱান শিৱৰ লীলাৰ আধাৰত নৃত্য-নাটিকা পৰিৱেশন কৰিব। লগতে দুৰ্গোৎসৱৰ সময়ছোৱাত বিভিন্ন সাংস্কৃতিক আৰু ধৰ্মীয় কাৰ্যসূচীৰো আয়োজন কৰা হৈছে।
ঝালুকপাৰা দুৰ্গা পূজা:
ঝালুকপাৰা সাৰ্বজনীন দুৰ্গা পূজা সমিতিয়ে এইবাৰ এক ব্যতিক্ৰমী বিষয়বস্তুৰ জৰিয়তে সময়ৰ পৰিৱৰ্তন আৰু মানুহৰ বাতৰি পঢ়াৰ অভ্যাসৰ সলনি হোৱা দিশটো তুলি ধৰাৰ প্ৰয়াস কৰিছে। এইবাৰৰ পূজা মণ্ডপৰ বিষয়বস্তু হৈছে ‘মোবাইলে ল’লে বাতৰি কাকতৰ স্থান’। ডিজিটেল মাধ্যম আৰু কৃত্ৰিম বুদ্ধিমত্তা (এআই)ৰ ক্ৰমবৰ্ধমান প্ৰভাৱৰ মাজত পৰম্পৰাগত বাতৰি কাকতৰ সলনি হৈ অহা ভূমিকাক এই বিষয়বস্তুৰ জৰিয়তে প্ৰতিফলিত কৰা হ’ব।ডিব্ৰুগড়ৰ অন্যতম উল্লেখযোগ্য এই দুৰ্গা পূজাই এইবাৰ ৬৯সংখ্যক বৰ্ষত ভৰি দিছে। প্ৰতিবছৰে আকৰ্ষণীয় সজ্জা আৰু ব্যতিক্ৰমী বিষয়বস্তুৰ বাবে এই পূজাই ভক্ত তথা দৰ্শনাৰ্থীৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে। এইবাৰো পূজা মণ্ডপৰ নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ উদ্যোক্তা আৰু কাৰিকৰসকল দিনে-নিশাই ব্যস্ত হৈ আছে।
ঝালুকপাৰা দুৰ্গা পূজা সমিতিৰ সভাপতি কৃষ্ণা ভাৰতীয়াই জানিবলৈ দিয়ে যে এইবাৰৰ বিষয়বস্তুৰ জৰিয়তে মোবাইল ফোন আৰু ডিজিটেল মাধ্যমে বাতৰি লাভ কৰাৰ পৰম্পৰাগত পদ্ধতিটো কেনেদৰে সলনি কৰিছে, সেই কথা দেখুওৱাৰ চেষ্টা কৰা হৈছে।তেওঁ কয় যে এটা সময়ত মানুহে বাতৰি আৰু বিভিন্ন তথ্যৰ বাবে বাতৰি কাকত তথা কিতাপৰ ওপৰত নিৰ্ভৰ কৰিছিল। কিন্তু বৰ্তমান মোবাইল ফোনৰ জৰিয়তে নিমিষতে বিভিন্ন তথ্য লাভ কৰাটো 
ভাৰতীয়াৰ মতে, পূজা মণ্ডপত পুৰণি দিনৰ সেই দৃশ্যসমূহ পুনৰ জীৱন্ত কৰি তোলাৰ প্ৰয়াস কৰা হৈছে, যেতিয়া ৰে’ল ষ্টেচন, চেলুন আৰু চাহৰ দোকানৰ দৰে ৰাজহুৱা স্থানত মানুহ একত্ৰিত হৈ বাতৰি কাকত পঢ়িছিল আৰু বিভিন্ন খবৰ তথা তথ্যৰ আদান-প্ৰদান কৰিছিল। বিশেষকৈ চাহৰ দোকানসমূহ বাতৰি কাকত পঢ়া আৰু বিভিন্ন বিষয়ত আলোচনা কৰাৰ অন্যতম প্ৰধান কেন্দ্ৰ আছিল। তাত বহি মানুহে দেশ-বিদেশৰ খবৰ পঢ়াৰ লগতে বিভিন্ন বিষয়ত নিজৰ মতামত বিনিময় কৰিছিল।কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগে লগে এই পৰম্পৰা যথেষ্ট সলনি হৈছে। বৰ্তমান অধিকাংশ লোকেই মোবাইল ফোন আৰু ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে বাতৰি লাভ কৰে।
সমিতিৰ সভাপতিগৰাকীয়ে লগতে কয় যে এইবাৰৰ বিষয়বস্তু কেৱল প্ৰযুক্তিগত পৰিৱৰ্তন প্ৰদৰ্শনতে সীমাবদ্ধ নহয়; বৰঞ্চ সমাজৰ পৰিৱৰ্তিত জীৱনশৈলী আৰু তথ্য আহৰণৰ অভ্যাসৰ ওপৰতো আলোকপাত কৰিব।এইবাৰৰ আন এক বিশেষ আকৰ্ষণ হৈছে পৰিৱেশ অনুকূল প্ৰতিমা। সমিতিৰ সভাপতিৰ মতে, প্ৰায় দুই লাখ দিয়াচলাইৰ কাঠিৰে মা দুৰ্গাৰ প্ৰতিমা নিৰ্মাণ কৰা হৈছে। প্ৰতিমাখনত কাৰিকৰসকলৰ নিখুঁত কাম, সৃজনশীলতা আৰু কঠোৰ পৰিশ্ৰমৰ নিদৰ্শন দেখিবলৈ পোৱা যাব। ব্যতিক্ৰমী সামগ্ৰীৰে নিৰ্মিত এই প্ৰতিমাই শিল্পকলাৰ নিপুণতাৰ লগতে পৰিৱেশ সজাগতাৰ বাৰ্তাও বহন কৰিব।বিশেষ বিষয়বস্তু, আকৰ্ষণীয় সজ্জা আৰু অভিনৱ প্ৰতিমাৰ বাবে ঝালুকপাৰা দুৰ্গা পূজা ডিব্ৰুগড় জিলাৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে। প্ৰতিবছৰে জিলাখনৰ বিভিন্ন অঞ্চলৰ লগতে ওচৰ-পাজৰৰ বহু ঠাইৰ পৰা দৰ্শনাৰ্থী ইয়ালৈ আহে। এইবাৰ বাতৰি কাকতৰ পৰা মোবাইললৈ হোৱা যাত্ৰাক প্ৰতিফলিত কৰা বিষয়বস্তুৰ বাবে পূজাখন বিশেষ চৰ্চালৈ আহিছে।
মাষ্টাৰপাৰা দুৰ্গা পূজা:
অসমত বানপানীয়ে সৃষ্টি কৰা ব্যাপক ধ্বংসলীলা আৰু সংকটৰ মাজতো আশা, সাহস তথা মানৱীয় সেৱাৰ বাৰ্তা প্ৰচাৰ কৰাৰ উদ্দেশ্যে ডিব্ৰুগড়ৰ মাষ্টাৰপাৰা দুৰ্গা পূজা সমিতিয়ে এইবাৰৰ পূজাৰ বিষয়বস্তু হিচাপে ‘বানপানীৰ মাজত আশাৰ এক ৰেঙণি’ নিৰ্বাচন কৰিছে।এই বিষয়বস্তুৰ জৰিয়তে অসমৰ বিভিন্ন অঞ্চল, বিশেষকৈ শিৱসাগৰ আৰু চৰাইদেউ জিলাত বানপানীয়ে সৃষ্টি কৰা ক্ষয়-ক্ষতিৰ লগতে বানত আৱদ্ধ লোকসকলক উদ্ধাৰ কৰিবলৈ উদ্ধাৰকাৰী দলসমূহে চলোৱা প্ৰচেষ্টা প্ৰদৰ্শন কৰা হ’ব।ডিব্ৰুগড়ৰ অন্যতম উল্লেখযোগ্য মাষ্টাৰপাৰা দুৰ্গা পূজাত প্ৰতিবছৰে বহু ভক্ত আৰু দৰ্শনাৰ্থীৰ সমাগম ঘটে। এইবাৰ পূজা মণ্ডপৰ জৰিয়তে প্ৰাকৃতিক দুৰ্যোগৰ ভয়াৱহতাৰ লগতে এনে বিপদৰ সময়ত ৰাইজক সহায় কৰিবলৈ আগবাঢ়ি অহা উদ্ধাৰকাৰীসকলৰ ত্যাগ আৰু কৰ্তব্যনিষ্ঠাক তুলি ধৰাৰ প্ৰয়াস কৰা হৈছে।
মাষ্টাৰপাৰা দুৰ্গা পূজা সমিতিৰ উপ-সভাপতি অশোক চাৰাফে বিষয়বস্তুৰ বিষয়ে জানিবলৈ দি কয় যে মণ্ডপত অসমত বানপানীয়ে সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতি প্ৰদৰ্শন কৰা হ’ব। ইয়াৰ লগতে বানৰ পানীত আৱদ্ধ লোকসকলক সুৰক্ষিতভাৱে উদ্ধাৰ কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এনডিআৰএফ) আৰু অন্যান্য উদ্ধাৰকাৰী দলৰ ভূমিকাও বিশেষভাৱে তুলি ধৰা হ’ব।
তেওঁ কয়, “এইবাৰৰ বিষয়বস্তু হৈছে ‘বানপানীৰ মাজত আশাৰ এক ৰেঙণি’। অসমত বানপানীয়ে ব্যাপক ধ্বংসলীলা চলোৱাৰ ফলত বহু লোকে কঠিন পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছে। এনে সময়ত এনডিআৰএফৰ জোৱান আৰু অন্যান্য উদ্ধাৰকাৰী দলে বানৰ পানীত আৱদ্ধ লোকসকলক সুৰক্ষিতভাৱে উদ্ধাৰ কৰিবলৈ প্ৰশংসনীয় প্ৰচেষ্টা চলাইছে।”
এই বিষয়বস্তুৰ জৰিয়তে বানপীড়িত লোকসকলৰ সংগ্ৰাম, উদ্ধাৰকাৰীসকলৰ সাহস আৰু সংকটৰ সময়ত মানুহৰ মাজত গঢ়ি উঠা একতা তথা সহযোগিতাৰ মনোভাৱ প্ৰতিফলিত কৰাই সমিতিৰ মূল উদ্দেশ্য।মাষ্টাৰপাৰা দুৰ্গা পূজা সমিতিৰ এই পদক্ষেপে ধৰ্মীয় উৎসৱৰ লগতে সামাজিক সজাগতাৰ বাৰ্তাও প্ৰচাৰ কৰিব। প্ৰাকৃতিক দুৰ্যোগৰ মাজতো মানৱীয় সংবেদনশীলতা, সামূহিক প্ৰচেষ্টা আৰু আনক সহায় কৰাৰ মানসিকতাই আশাৰ নতুন ৰেঙণি কঢ়িয়াই আনিব পাৰে—এই বাৰ্তাই পূজা মণ্ডপৰ মূল আকৰ্ষণ হৈ পৰিব।
মিউনিচিপাল দুৰ্গা পূজা:
‘অসমীয়া আমাৰ মাতৃভাষা’ শীৰ্ষক ভাবনাক সন্মুখত ৰাখি এইবাৰ মিউনিচিপাল দুৰ্গা পূজা মণ্ডপ নিৰ্মাণ কৰা হৈছে। ৪১সংখ্যক দুৰ্গোৎসৱ উদযাপন কৰিবলৈ সাজু হোৱা এই পূজা সমিতিয়ে মণ্ডপ নিৰ্মাণত প্ৰাকৃতিক সামগ্ৰী ব্যৱহাৰ কৰিছে।পাত, বাঁহ আৰু কাগজেৰে নিৰ্মাণ কৰা হৈছে পূজা মণ্ডপটো। ইয়াৰ লগতে অসমীয়া সাহিত্যলৈ বিশেষ অৱদান আগবঢ়োৱা সাহিত্যিকসকলৰ আলোকচিত্ৰ আৰু তেওঁলোকৰ পৰিচয়ো প্ৰদৰ্শন কৰা হৈছে। নতুন প্ৰজন্মক অসমীয়া সাহিত্যৰ বিশিষ্ট ব্যক্তিসকলৰ বিষয়ে অৱগত কৰাই এই পদক্ষেপৰ মূল উদ্দেশ্য।
জ্যোতিনগৰ দুৰ্গা পূজা:
পাৰিবাৰিক পৰিৱেশ আৰু পৰম্পৰাগত প্ৰতিমাৰ বাবে পৰিচিত জ্যোতিনগৰ দুৰ্গা পূজাই প্ৰতিবছৰে ভক্তসকলৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে। এইবাৰ ৰাষ্ট্ৰীয় পক্ষী ময়ূৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে পূজা মণ্ডপ।আয়োজকসকলৰ মতে, জনসাধাৰণৰ মাজত জীৱ-জন্তু আৰু পক্ষীৰ সংৰক্ষণৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে এই বিশেষ বিষয়বস্তু নিৰ্বাচন কৰা হৈছে। ইয়াৰ লগতে দুৰ্গোৎসৱৰ সময়ছোৱাত বিভিন্ন বিশেষ কাৰ্যসূচীৰো আয়োজন কৰা হ’ব।এই পূজাসমূহৰ উপৰি ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তত আন বহু দুৰ্গা পূজা সমিতিয়েও আকৰ্ষণীয় মণ্ডপ আৰু বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে দুৰ্গোৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি চলাইছে।
আনহাতে ডিব্ৰুগড়ত মিত্ৰ সংঘ দুৰ্গা পূজাৰ বিশেষ আকৰ্ষণ হ’ব কামাখ্যা মন্দিৰৰ অম্বুবাচী মেলা।
৪৫সংখ্যক বৰ্ষত ভৰি দিব গ্ৰাহাম বজাৰ মিত্ৰ সংঘৰ দুৰ্গোৎসৱ, পূজা মণ্ডপত প্ৰতিফলিত হ’ব নীলাচল পাহাৰৰ আধ্যাত্মিক ঐতিহ্য।
ডিব্ৰুগড়ৰ অন্যতম উল্লেখযোগ্য দুৰ্গা পূজা আয়োজনসমূহৰ ভিতৰত অন্যতম গ্ৰাহাম বজাৰ মিত্ৰ সংঘ দুৰ্গা পূজা সমিতিয়ে এইবাৰ নিজৰ পূজা মণ্ডপৰ জৰিয়তে মা কামাখ্যা মন্দিৰৰ বিখ্যাত অম্বুবাচী মেলাৰ আধ্যাত্মিক মহিমা আৰু সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য তুলি ধৰিবলৈ সাজু হৈছে। এইবাৰ সমিতিয়ে অম্বুবাচী মেলাক পূজাৰ মূল বিষয়বস্তু হিচাপে নিৰ্বাচন কৰিছে। পূজা মণ্ডপত দৰ্শনাৰ্থীসকলে অসমৰ ধৰ্মীয় পৰম্পৰা, সাধু-সন্ত আৰু তান্ত্ৰিক সাধনাৰ সৈতে জড়িত বিভিন্ন দৃশ্য প্ৰত্যক্ষ কৰিবলৈ পাব।গ্ৰাহাম বজাৰ মিত্ৰ সংঘৰ দুৰ্গা পূজা ১৯৮৪ চনত স্থানীয় ৰাইজৰ সামূহিক প্ৰচেষ্টাত আৰম্ভ হৈছিল। এইবাৰ পূজা আয়োজনটোৱে ৪৫সংখ্যক বৰ্ষত ভৰি দিব। প্ৰতিষ্ঠাৰ সময়ৰে পৰা সমিতিখনে পৰম্পৰাগত ধৰ্মীয় ৰীতি-নীতি পালনৰ লগতে ব্যতিক্ৰমী বিষয়বস্তু আৰু আকৰ্ষণীয় মণ্ডপ সজ্জাৰ বাবে বিশেষ পৰিচয় লাভ কৰি আহিছে। প্ৰতিবছৰে নতুনত্ব প্ৰদৰ্শনৰ প্ৰয়াসৰ ফলত এই পূজাই ডিব্ৰুগড়ৰ প্ৰধান 
সমিতিৰ সভাপতি উত্তম চাহু আৰু সম্পাদক নিশান্ত জৈনে জানিবলৈ দিয়া অনুসৰি, এইবাৰ পূজা মণ্ডপৰ জৰিয়তে ডিব্ৰুগড়তে ভক্ত আৰু দৰ্শনাৰ্থীসকলক নীলাচল পাহাৰত অৱস্থিত মা কামাখ্যা মন্দিৰ আৰু অম্বুবাচী মেলাৰ আধ্যাত্মিক অনুভূতি প্ৰদান কৰাৰ প্ৰয়াস কৰা হৈছে।
মণ্ডপৰ সজ্জাত কলাত্মক শিল্পকৰ্ম, পৰম্পৰাগত ঢাকৰ গুমগুমনি আৰু বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ জৰিয়তে ধৰ্মীয় বিশ্বাস তথা অসমৰ সমৃদ্ধ ঐতিহ্যৰ এক সুন্দৰ সমন্বয় দেখিবলৈ পোৱা যাব।
তেওঁলোকে কয় যে অম্বুবাচী মেলা অসমৰ অন্যতম গুৰুত্বপূৰ্ণ আধ্যাত্মিক অনুষ্ঠান। এই মেলাত অংশগ্ৰহণ কৰিবলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা সাধু-সন্ত, তান্ত্ৰিক আৰু ভক্তসকলে মা কামাখ্যা ধামত সমবেত হয়। এইবাৰ পূজা মণ্ডপত সেই ধৰ্মীয় পৰিৱেশক জীৱন্ত ৰূপত তুলি ধৰাৰ পৰিকল্পনা কৰা হৈছে।মণ্ডপত অম্বুবাচী মেলালৈ অহা সাধু-সন্ত আৰু তান্ত্ৰিকসকলৰ দৃশ্যও প্ৰদৰ্শন কৰা হ’ব। ইয়াৰ ফলত দৰ্শনাৰ্থীসকলে এই ব্যতিক্ৰমী ধৰ্মীয় অনুষ্ঠানটোৰ পৰম্পৰা আৰু বৈশিষ্ট্যসমূহ ওচৰৰ পৰা বুজি পোৱাৰ সুযোগ লাভ কৰিব।
আয়োজকসকলৰ মতে, পূজা মণ্ডপ নিৰ্মাণ আৰু সজ্জাৰ ক্ষেত্ৰত পৰিৱেশ অনুকূল সামগ্ৰী ব্যৱহাৰ কৰা হৈছে। ধৰ্মীয় বিশ্বাস আৰু কলাত্মক উপস্থাপনৰ লগতে পৰিৱেশ সংৰক্ষণৰ প্ৰতিও জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাটো সমিতিৰ অন্যতম উদ্দেশ্য।
গ্ৰাহাম বজাৰ মিত্ৰ সংঘৰ দুৰ্গা পূজাত প্ৰতিবছৰে বহু ভক্ত আৰু দৰ্শনাৰ্থীৰ সমাগম ঘটে। ডিব্ৰুগড়ৰ উপৰি অসমৰ বিভিন্ন প্ৰান্তৰ পৰাও লোকসকলে এই পূজাৰ ব্যতিক্ৰমী বিষয়বস্তু আৰু আকৰ্ষণীয় মণ্ডপ সজ্জা চাবলৈ আহে। আয়োজকসকলে আশা প্ৰকাশ কৰিছে যে এইবাৰ অম্বুবাচী মেলাক আধাৰ কৰি কৰা উপস্থাপনেও ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিব আৰু পূজাৰ দিনকেইটাত বৃহৎ সংখ্যক ভক্তৰ সমাগম ঘটিব।
সমিতিৰ বিষয়ববীয়াসকলে কয় যে পৰম্পৰাগত ৰীতি-নীতি অক্ষুণ্ণ ৰাখি প্ৰতিবছৰে এক নতুন বিষয়বস্তু উপস্থাপন কৰাটোৱেই তেওঁলোকৰ পূজাৰ অন্যতম বিশেষত্ব। ৰাইজৰ পৰা লাভ কৰা প্ৰশংসা আৰু উৎসাহে সমিতিখনক প্ৰতিবছৰে নতুনত্বৰ সন্ধান কৰিবলৈ অনুপ্ৰাণিত কৰি আহিছে।
সমিতিয়ে সকলো ভক্ত আৰু ৰাইজক পূজা মণ্ডপলৈ অহাৰ বাবে আমন্ত্ৰণ জনাই কয় যে এইবাৰো ধৰ্মীয় পৰম্পৰা, সাংস্কৃতিক ঐতিহ্য আৰু আকৰ্ষণীয় সজ্জাৰ সমন্বয়েৰে দুৰ্গোৎসৱক স্মৰণীয় কৰি তোলাৰ বাবে তেওঁলোক প্ৰয়াসৰত হৈ আছে।
