...

ডিব্ৰুগড় মহানগৰত এছ বি আইৰ খনিকৰ শাখা উদ্বোধন

ডিব্ৰুগড় মহানগৰত এছ বি আইৰ খনিকৰ শাখা উদ্বোধন

স্থানীয় বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী প্ৰশান্ত ফুকনে কৰে শুভ উদ্বোধন

চাইন অন ডেস্ক,১৬ অক্টোবৰঃ

ডিব্ৰুগড় মহানগৰৰ খনিকৰত ভাৰতীয় ষ্টেট বেংকৰ ২৯ সংখ্যক শাখাটোৰ আজি শুভ উদ্বোধন কৰা হয়৷ এই শাখাটো হৈছে ডিব্ৰুগড় মহানগৰৰ দশম সংখ্যক শাখা৷ উল্লেখ্য যে ডিব্ৰুগড় মহানগৰত বেংকটোৰ শাখা ক্ৰমে থানা চাৰিআলি মুখ্য শাখা, ডিব্ৰুগড় বজাৰ, আমোলাপট্টি, ডিব্ৰুগড় বিশ্ববিদ্যালয়, পি বি বি, চৌকিডিঙী, পল্টন বজাৰ, এ এম চি এইছ, গাভৰুপথাৰৰ পিছতেই অতি শেহতীয়াকৈ ডিব্ৰুগড় বাইপাছৰ খনিকৰ চাৰিআলিৰ নিচেই কাষতে পশ্চিম দিশত অৱস্থিত আজি মুকলি হোৱা এই খনিকৰ শাখাটো৷ স্থানীয় বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী প্ৰশান্ত ফুকনে ফিটা কাটি শাখাটোৰ শুভ উদ্বোধন কৰি ভাষণ প্ৰসংগত অনাগত দিনবোৰত এই শাখাটোৱে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলগা হ’ব বুলি উল্লেখ কৰি কয় যে, ডিব্ৰুগড়ত বহু চৰকাৰী কাৰ্যালয়, অনুষ্ঠান, বিধায়ক আৱাস আদি খনিকৰ অঞ্চলত নিৰ্মীয়মান অৱস্থাত আছে৷ এটা মেগা স্পৰ্টছ কমপ্লেক্স ইতিমধ্যে সম্পূৰ্ণ হৈছে৷ ভাৰতীয় ষ্টেট বেংকৰ লগত নিজৰ আজীৱন সম্পৰ্কৰ কথা উল্লেখ কৰি তেওঁ কয় যে তেখেতৰ পিতৃ ইম্পেৰিয়েল বেংকৰ [ভাৰতীয় ষ্টেট বেংকৰ পুৰ্বৰ নাম] কৰ্মচাৰী আছিল৷ ভাৰতীয় ষ্টেট বেংকৰ ডিব্ৰুগড় আঞ্চলিক কাৰ্যালয়ৰ মুৰব্বী ৰিজিয়নেল মেনেজাৰ প্ৰশান্ত কুমাৰ শৰ্মাই আঁতধৰা অনুষ্ঠানটোত বেংকটোৰ শাখা পৰিচালিকা জেনী দেৱে সকলো অভ্যাগতক আদৰণি জ্ঞাপন কৰে৷ অনুষ্ঠানত ভাৰতীয় ষ্টেট বেংকৰ অৱসৰপ্ৰাপ্ত সহ মহাপ্ৰৱন্ধক, এছ বি আই পেঞ্চনাৰ এছ’চিয়েচনৰ ডিব্ৰুগড় মণ্ডলৰ সভাপতি পদুম পোনা বৰুৱা, অৱসৰপ্ৰাপ্ত মুখ্য প্ৰৱন্ধক কৃষ্ণ শৰ্মাইও শুভেচ্চামূলক বক্তব্য আগবঢ়ায়৷ অনুুষ্ঠানত জিলা আয়ুক্ত বিক্ৰম কৈৰী আৰু জিলা আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপেও শাখাটো পৰিদৰ্শন কৰি সন্তুষ্টি প্ৰকাশ কৰে আৰু অঞ্চলটোৰ উন্নয়নত শাখাটো সহায়ক হ’ব বুলি মন্তব্য প্ৰদান কৰে৷ অনুষ্ঠানত স্থানীয় শিক্ষা ভেলী স্কুলৰ ক’অৰ্ডিনেটৰ সুধা শৰ্মা, এছ বি আই পেঞ্চনাৰ এছ’চিয়েচনৰ সম্পাদক উমা শংকৰ আগৰৱালা, এছ বি আই অফিচাৰ্চ এছ’চিয়েচনৰ বিষয়ববীয়া কল্যাণ দলে, হিমাংশু শইকীয়া, লিখন কোৱে, এছ বি আই ষ্টাফ এছ’চিয়েচনৰ বিষয়ববীয়া মানৱ হাজৰীকা, স্থানীয় চৰকাৰী গাঁওবুঢ়া প্ৰণৱ গগৈকে প্ৰমুখ্য কৰি ডিব্ৰুগড় মহানগৰৰ অৰ্ধশতাধিক গণ্যমান্য ব্যক্তি আৰু বিভিন্ন দল-সংগঠনৰ ব্যক্তি উপস্থিত থাকে৷

Leave a Reply

Your email address will not be published. Required fields are marked *