...

উজনি অসমৰ পাঁচখন জিলাত ‘সেৱা’ৰ উদ্যোগত বিশ্ব হাত ধোৱা দিৱস পালন

উজনি অসমৰ পাঁচখন জিলাত ‘সেৱা’ৰ উদ্যোগত বিশ্ব হাত ধোৱা দিৱস পালন

চাইন অন ডেস্ক,১৬অক্টোবৰ:

ছাত্ৰ-ছাত্ৰীৰ মাজত সঠিকভাৱে হাত ধোৱাৰ অভ্যাস গঢ়ি তোলা আৰু ব্যক্তিগত পৰিষ্কাৰ- পৰিচ্ছন্নতাৰ প্ৰতি সজাগতা বৃদ্ধি কৰাৰ লক্ষ্যৰে সেৱা ৰ উদ্যোগত ১৫ অক্টোবৰত উজনি অসমৰ ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, শিৱসাগৰ আৰু চৰাইদেউ—এই পাঁচখন জিলাৰ চৰকাৰী বিদ্যালয়সমূহত বিভিন্ন সজাগতামূলক কাৰ্যসূচীৰে বিশ্ব হাত ধোৱা দিৱস পালন কৰে।বিশ্ব হাত ধোৱা দিৱস সমগ্ৰ বিশ্বতে পালন কৰা হয়। চাবোনেৰে সঠিকভাৱে হাত ধোৱাটো যে ৰোগ প্ৰতিৰোধ, ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখা আৰু জনস্বাস্থ্য সুৰক্ষিত কৰাৰ এক সহজ, ফলপ্ৰসূ আৰু কম খৰচী উপায়, সেই বিষয়ে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰাই এই দিৱসৰ মূল উদ্দেশ্য। শিশুসকলৰ দৈনন্দিন জীৱনত হাত ধোৱাৰ অভ্যাস গঢ়ি তোলা আৰু বিদ্যালয়সমূহত নিৰাপদ তথা স্বাস্থ্যসন্মত পৰিৱেশ নিশ্চিত কৰাৰ গুৰুত্বও এই দিৱসৰ জৰিয়তে প্ৰচাৰ কৰা হয় কৰা হয়।বিশ্ব হাত ধোৱা দিৱসৰ লগত সংগতি ৰাখি সমগ্ৰ শিক্ষা অভিযান, অসমৰ সহযোগত তিনিচুকীয়া জিলাৰ গুইজান নিম্ন প্ৰাথমিক বিদ্যালয়ত এক বিশেষ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।অনুষ্ঠানত তিনিচুকীয়া জিলা পৰিষদৰ উপ-সভাপতি চিত্ৰলেখা দুৱৰা উপস্থিত থাকে। নিজৰ ভাষণত তেওঁ ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ পৰিৱেশৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখা আৰু নিজৰ চৌপাশ পৰিষ্কাৰ কৰি ৰখাৰ ক্ষেত্ৰত অধিক সচেতন হ’বলৈ আহ্বান জনায়। বিদ্যালয় সমূহত পানী, অনাময় আৰু পৰিষ্কাৰ- পৰিচ্ছন্নতা কাৰ্যসূচী প্ৰসাৰৰ বাবে সমগ্ৰ শিক্ষা অভিযান, অসম আৰু ইউনিচেফে গ্ৰহণ কৰা পদক্ষেপসমূহৰো তেওঁ শলাগ লয়।তিনিচুকীয়া জিলাৰ সমগ্ৰ শিক্ষা অভিযানৰ জিলা প্ৰকল্প বিষয়া ত্ৰিদীপ শৰ্মা তামুলীয়েও উজনি অসমৰ জিলাসমূহত বিদ্যালয়সমূহত পানী, অনাময় আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা কাৰ্যসূচী ৰূপায়ণৰ ক্ষেত্ৰত শিক্ষা বিভাগক সেৱাই আগবঢ়াই অহা কাৰিকৰী সহায়ৰ প্ৰশংসা কৰে।’সেৱা’ৰ উপ-সভাপতি আৰফান হুছেইনে বিশ্ব হাত ধোৱা দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰি ছাত্ৰ-ছাত্ৰীৰ দৈনন্দিন জীৱনত হাত ধোৱাৰ অভ্যাস অন্তৰ্ভুক্ত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ উল্লেখ কৰে যে শিশুসকলৰ মাজত আজীৱন স্বাস্থ্যসন্মত অভ্যাস গঢ়ি তোলাত বিদ্যালয়ৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। লগতে, শিশুসকলে নিজৰ পৰিয়াল আৰু সমাজৰ মাজতো পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাৰ্তা প্ৰচাৰ কৰি ইতিবাচক পৰিৱৰ্তনৰ দূত হিচাপে কাম কৰিব পাৰে বুলি তেওঁ মত প্ৰকাশ কৰে।অনুষ্ঠানত তিনিচুকীয়া জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জিলা সমন্বয়ক পল্লৱী বৰুৱাই ছাত্ৰ-ছাত্ৰীসকলক সঠিক পদ্ধতিৰে হাত ধোৱাৰ বিভিন্ন পদক্ষেপ প্ৰদৰ্শন কৰে আৰু নিয়মীয়াকৈ হাত ধোৱাৰ প্ৰয়োজনীয়তা ব্যাখ্যা কৰে।
অনুষ্ঠানত চাবোনেৰে হাত ধোৱাৰ গুৰুত্ব, কোনবোৰ সময়ত হাত ধোৱাটো বিশেষভাৱে প্ৰয়োজনীয় আৰু সঠিক পদ্ধতিৰে কেনেদৰে হাত ধুব লাগে, সেই বিষয়ে সজাগতামূলক আলোচনা অনুষ্ঠিত হয়।এই কাৰ্যসূচীত গাঁও পঞ্চায়তৰ সভাপতি পায়েল দাস, সমাজকৰ্মী মানৱজ্যোতি গোহাঁই, ক্লাষ্টাৰ ৰিছ’ৰ্চ চেণ্টাৰ সমন্বয়ক ৰুবুল দাস আৰু গুইজান নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰুবুল কলিতাও উপস্থিত থাকে।একেধৰণৰ সজাগতামূলক কাৰ্যসূচী ধেমাজি জিলাৰ যোগেশ গোহাঁই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰা হয়। এই কাৰ্যসূচীত ব্লক সমল ব্যক্তি কনক গগৈ, ধেমাজি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া মাইনু সন্দিকৈ আৰু সেৱাৰ জিলা সমন্বয়ক ৰূপজ্যোতি গগৈ উপস্থিত থাকে।
এই কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলক স্বাস্থ্যসন্মত পৰিষ্কাৰ-পৰিচ্ছন্নৰ অভ্যাস গঢ়ি তোলাৰ ক্ষেত্ৰত উৎসাহিত কৰা হয়। সৰুৰে পৰা শিশুসকলৰ মাজত স্বাস্থ্যসন্মত অভ্যাস গঢ়ি তোলাত বিদ্যালয়ৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰতো আলোকপাত কৰা হয়। লগতে, বিদ্যালয় আৰু ঘৰত নিয়মীয়াকৈ চাবোনেৰে হাত ধোৱাৰ অভ্যাস গঢ়ি তুলিবলৈ ছাত্ৰ-ছাত্ৰীসকলক সজাগ কৰা হয়।বিশ্ব হাত ধোৱা দিৱসৰ কাৰ্যসূচীৰ সংগতি ৰাখি লগত ‘সেৱা’ ই ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ চৰকাৰী বিদ্যালয়সমূহত ৪,৭০০টা ‘চাতু’ হাত ধোৱা নল বিতৰণ কৰে।এই আধুনিক আৰু শিশুবান্ধৱ হাত ধোৱা সঁজুলিসমূহে শিশুসকলৰ বাবে হাত ধোৱাটো অধিক সহজ আৰু সুবিধাজনক কৰি তোলাৰ লগতে নিয়মীয়াকৈ সঠিকভাৱে হাত ধোৱাৰ অভ্যাস গঢ়ি তোলাত সহায় কৰে। ইয়াৰ ব্যৱহাৰে বিদ্যালয়সমূহত উন্নত স্বাস্থ্যসন্মত আচৰণৰ প্ৰসাৰ আৰু এক পৰিষ্কাৰ-পৰিচ্ছন্ন তথা স্বাস্থ্যসন্মত শিক্ষণ পৰিৱেশ গঢ়ি তোলাত সহায় কৰিব বুলি আশা কৰা হৈছে।
ইয়াৰ উপৰি, সেৱাই বিদ্যালয়সমূহত চাবোনো বিতৰণ কৰে, যাতে ছাত্ৰ-ছাত্ৰীসকলে নিয়মীয়াকৈ চাবোনেৰে হাত ধুব পাৰে আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰয়োজনীয় সামগ্ৰীসমূহৰ উপলব্ধতা নিশ্চিত হয়। এই পদক্ষেপে এই কথা প্ৰতিপন্ন কৰে যে হাত ধোৱাৰ ক্ষেত্ৰত কেৱল সজাগতা আৰু জ্ঞানেই যথেষ্ট নহয়; ইয়াৰ বাবে পৰ্যাপ্ত পানী, চাবোন আৰু উপযুক্ত হাত ধোৱা ব্যৱস্থাৰো প্ৰয়োজন।
সেৱাই সমগ্ৰ শিক্ষা অভিযান, অসম আৰু ইউনিচেফৰ যৌথ উদ্যোগত চৰকাৰী বিদ্যালয়সমূহত পানী, অনাময় আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতা ব্যৱস্থা শক্তিশালী কৰাৰ লক্ষ্যৰে কাৰ্যসূচী ৰূপায়ণ কৰি আছে। এই কাৰ্যসূচীৰ জৰিয়তে সেৱাই বিদ্যালয়সমূহত শিশুবান্ধৱ, লিংগ-সংবেদন- শীল আৰু বিশেষভাৱে সক্ষম শিশুৰ উপযোগী ব্যৱস্থা গঢ়ি তোলাৰ বাবে কাৰিকৰী সহায় আগবঢ়াই আহিছে। একে সময়তে, ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ মাজত বহনক্ষম স্বাস্থ্যসন্মত অভ্যাস গঢ়ি তোলাৰ ওপৰতো গুৰুত্ব দিয়া হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *