...

ধানেৰে দুৰ্গা প্ৰতিমা!

ধানেৰে দুৰ্গা প্ৰতিমা!

ধুবুৰীৰ ছাত্ৰ দৰ্শিল মণ্ডলৰ অনন্য শিল্পকৰ্মই মুহিছে সকলোকে

ধুবুৰী,১৬অক্টোবৰ:

পঢ়া-শুনাৰ সমান্তৰালকৈ শিল্পকলাৰ জৰিয়তেও নিজৰ প্ৰতিভাৰ পৰিচয় দাঙি ধৰিছে ধুবুৰীৰ এজন মেধাবী ছাত্ৰই। ধান ব্যৱহাৰ কৰি মা দুৰ্গাৰ এক আকৰ্ষণীয় প্ৰতিমা নিৰ্মাণ কৰি চৰ্চালৈ আহিছে ধুবুৰীৰ ভোলানাথ কলেজৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ এগৰাকী ছাত্ৰ। ধুবুৰী চহৰৰ ৯ নং ৱাৰ্ডৰ বাসিন্দা দৰ্শিল মণ্ডল নামৰ এই ছাত্ৰীগৰাকী প্ৰায় ৩২ দিনীয়া কষ্টৰ অন্তত নিৰ্মাণ কৰি উলিয়াইছে এক অনন্য দুৰ্গা প্ৰতিমা। পাঁচ বছৰৰ বয়সৰ পৰাই ব্যতিক্রমী দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰি আলোড়নৰ সৃষ্টি কৰি অহা দৰ্শিলে কেতিয়াবা থার্মোক’ল, কেতিয়াবা কার্ডবোর্ড কেতিয়াবা আকৌ কাগজ আদি বিভিন্ন সামগ্ৰীৰে দুৰ্গা প্ৰতিমা নিৰ্মাণ কৰি দুৰ্গাপূজাত চমক সৃষ্টি কৰি আহিছে। এইবাৰ ৫ কেজি ধানেৰে নিৰ্মাণ কৰি উলিওৱা এক বিশেষ শৈলীৰ দুৰ্গা প্ৰতিমাৰে পুনৰ আলোড়নৰ সৃষ্টি কৰিবলৈ সাজু হৈছে ছাত্ৰ গৰাকীয়ে। ভৱিষ্যতে অধ্যাপক হোৱাৰ লক্ষ্য বান্ধি লোৱা দৰ্শিলে ধানৰ দৰে এক পৰম্পৰাগত কৃষিজাত সামগ্ৰীক শিল্পৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰি নিজৰ সৃষ্টিশীলতাৰ এক অনন্য নিদৰ্শনো দাঙি ধৰিছে। উল্লেখ্য যে, এইবেলিৰ দুুৰ্গা পূজাত ধুবুৰী চহৰৰ ৯ নম্বৰ ওৱার্ডৰ ডি, কে ৰোড সাৰ্বজনীন দুর্গা পূজা কমিটিৰ পূজামণ্ডপত প্ৰদৰ্শিত হ’ব দৰ্শিলৰ এই অভিনব দুৰ্গা প্ৰতিমাটো।

Leave a Reply

Your email address will not be published. Required fields are marked *