ডিব্ৰুগড় ঈদগাহ আৰু কবৰস্থান কমিটিৰ সভাপতি
আমানউল্লা আনচাৰিৰ মৃত্যু
চাইন অন ডেস্ক,১৫অক্টোবৰ:

১৯৫২ চনৰ সাত আগষ্টত ডিব্ৰুগড়ত জন্ম গ্ৰহণ কৰা আনচাৰি এগৰাকী ডিব্ৰুগড়ৰ বিভিন্ন সমাজ জীৱনৰ লগত জড়িত হৈ আছিল। তেখেতে মৃত্যুৰ আগলৈকে ডিব্ৰুগড় কেন্দ্ৰীয় ঈদগাহ কমিটিৰ দুবাৰকৈ সভাপতিৰ লগতে নালিয়াপুল কবৰ সমিতিৰো দুবাৰকৈ সভাপতি আসনত অধিষ্ঠিত আছিল। ২০০৬ চনত তেখেতে পৱিত্ৰ হজব্ৰত সমাপন কৰি আহে। মৃত্যুৰ সময়ত প্ৰয়াত আনচাৰি পত্নীৰ লগতে ২ পুত্ৰ আৰু পৰিয়ালৰ অনেক আত্মীয়ক ইহ সংসাৰত এৰি যায়। তেওঁৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে।তেওঁৰ জানাজা কালি নালিয়াপুল কবৰস্থানত অনেক গুণমুগ্ধৰ উপস্থিতিত সম্পন্ন কৰা হয়।
ধৰ্মপ্ৰাণ আনচাৰিৰ মৃত্যুত ডিব্ৰুগড়ৰ চেণ্টাৰ ফৰ ইছলামিক ষ্টাডিজ, ডিব্ৰুগড় কেন্দ্ৰীয় ঈদগাহ সমিতি, নালিয়াপুল কবৰস্থান কমিটি, তিনিকুণীয়া মছজিদ কমিটি, গ্ৰাহাম বজাৰ মছজিদ কমিটি, ডিব্ৰুগড় জিলা জমিয়ত উলেমা, ডিব্ৰুগড় জিলা হিলাল কমিটি, থলগিৰি মুছলিম জাতীয় ঐক্য পৰিষদ আদি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰে।