৩১ অক্টোবৰৰ পৰা ডিব্ৰুগড়ত দ্বিতীয় বাৰ্ষিক সদৌ অসম ইউনাইটেড মাষ্টাৰ্ছ গেমছ প্ৰতিযোগিতা
ডিব্ৰুগড়ৰ খনিকৰ ক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হব
চাইন অন ডেস্ক,১৬ অক্টোবৰ:
ইউনাইটেড মাষ্টাৰ্ছ গেমছ এণ্ড স্পৰ্টছ এছ’চিয়েচনৰ উদ্যোগত আৰু ডিব্ৰুগড়বাসী ৰাইজৰ সহযোগত অহা ৩১ অক্টোবৰ আৰু ১ নৱেম্বৰত ডিব্ৰুগড়ৰ খনিকৰ ক্ৰীড়া প্ৰকল্পত দ্বিতীয় বাৰ্ষিক সদৌ অসম ইউনাইটেড মাষ্টাৰ্ছ গেমছ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। আজি আয়োজক সমিতিৰ ফালৰ পৰা বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবত এক সংবাদমেলৰ যোগেদি এই ক্ৰীড়া সমাৰোহখনৰ বিষয়ে সবিশেষ সদৰী কৰে।
শেহতীয়াকৈ ক্ৰীড়া প্ৰতিযোগিতাখন স্থগিত ৰখা হৈছে বুলি সংবাদ মাধ্যমত প্ৰচাৰ হোৱা উৰাবাতৰিক আয়োজক সমিতিয়ে স্পষ্টভাৱে খণ্ডন কৰে। তেওঁলোকে জানিবলৈ দিয়ে যে পূৰ্বৰ নিৰ্ধাৰিত সূচী অনুসৰি আৰু
সম্পূৰ্ণ সুচাৰুৰূপে খেলসমূহ অনুষ্ঠিত কৰিবলৈ উদযাপন সমিতিয়ে দিনে-নিশাই প্ৰস্তুতি চলাই আছে।
৩০ বছৰৰ উৰ্ধৰ প্ৰায় ৫০০ গৰাকী অভিজ্ঞ খেলুৱৈয়ে অংশগ্ৰহণ কৰিবলগীয়া এই দুদিনীয়া ক্ৰীড়া সমাৰোহত এথলেটিকছ (১০০ মিটাৰ, ৪০০ মিটাৰ, ৮০০ মিটাৰ, জ্যাভলিন থ্ৰ’, ডিস্কাস থ্ৰ’, হেমাৰ থ্ৰ’), ভাৰোত্তোলন, আৰু ৪০ বছৰৰ উৰ্ধৰ খেলুৱৈসকলৰ মাজত আন্তঃ জিলা ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। ফুটবল প্ৰতিযোগিতাখন খনিকৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।
ৰাজ্যৰ প্ৰতিখন জিলাৰ পৰা খেলুৱৈসকল আগমন ঘটিব আৰু তেওঁলোকৰ থকা-খোৱাৰ সু-ব্যৱস্থা আয়োজক সমিতিয়ে গ্ৰহণ কৰিছে। উক্ত প্ৰতিযোগিতাখনত শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী ক্ৰীড়াবিদসকলে পৰৱৰ্তী সময়ত মহাৰাষ্ট্ৰত হ’বলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ মাষ্টাৰ্ছ গেমছ আৰু নেপালত হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুযোগ পাব বুলি সংবাদ মেলত জানিবলৈ দিয়ে।
সংবাদমেলত উদযাপন সমিতিৰ কাৰ্যকৰী বিষয়ববীয়াসকলে অসমৰ অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ আশু-আৰোগ্য কামনা কৰাৰ লগতে উক্ত ক্ৰীড়া মহোৎসৱটিলৈ ৰাজ্যৰ মূখ্যমন্ত্ৰীসহ সকলো ক্ৰীড়ামোদী ৰাইজৰ সহায়-সহযোগিতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে। সংবাদমেলত সম্পাদিকা বিপ্লৱী ধাদুমীয়া দাস, যোগেশ্বৰ হাজৰিকা সহ অন্যান্য সকল উপস্থিত থাকে।