...

ডিব্ৰুগড়ৰ বিভিন্ন দুৰ্গা পূজা মণ্ডপত গৌৰৱ গগৈ

ডিব্ৰুগড়ৰ বিভিন্ন দুৰ্গা পূজা মণ্ডপত গৌৰৱ গগৈ

নগেন শইকীয়া, পৱন সিং ঘাটোৱাৰ আৰু অতুল বুঢ়াগোহাঁইক সাক্ষাৎ গৌৰৱৰ

পূজাই সমাজত মিলাপ্ৰীতিৰ বাৰ্তা প্ৰসাৰ কৰাৰ আহ্বান প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ

চাইন অন ডেস্ক,১৮অক্টোবৰঃ

শাৰদীয় দুৰ্গোৎসৱৰ উলহ-মালহৰ মাজতে আজি ডিব্ৰুগড়ৰ কেইবাটাও দুৰ্গা পূজা মণ্ডপত উপস্থিত হৈ দেৱী দুৰ্গাৰ দৰ্শন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে। মিলনজ্যোতি সংঘ, জালুকপাৰা, মাৰোৱাৰীপট্টি, মিত্ৰসংঘ, বকুল আৰু মৰাণ পিয়লি নগৰ আদি পূজা মণ্ডপত উপস্থিত হৈ পূজা সমিতিসমূহৰ উদ্যোক্তা আৰু স্থানীয় লোকসকলৰ সৈতে মত বিনিময় কৰে গগৈয়ে। পূজা মণ্ডপসমূহৰ উৎসৱমুখৰ পৰিৱেশ আৰু ৰাইজৰ মাজত দেখা পোৱা মৰম-স্নেহ তথা সম্প্ৰীতিৰ মনোভাৱে তেওঁক আপ্লুত কৰা বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। পূজা সমিতিসমূহে যথেষ্ট কষ্ট, পৰিশ্ৰম আৰু আন্তৰিকতাৰে আটকধুনীয়া পূজা মণ্ডপ নিৰ্মাণ কৰাৰ লগতে পূজাৰ আয়োজন কৰা কাৰ্যৰো তেওঁ শলাগ লয়। জালুকপাৰা পূজা মণ্ডপত উপস্থিত হৈ গৌৰৱ গগৈয়ে কয় যে, দুৰ্গা পূজাই মানুহৰ মাজত মিলন, মৰম, স্নেহ আৰু

সম্প্ৰীতিৰ এক সুন্দৰ পৰিৱেশ সৃষ্টি কৰে। পূজা সমিতিসমূহৰ উদ্যোক্তাসকলে যথেষ্ট কষ্ট আৰু চিন্তা-চৰ্চাৰে পূজাৰ আয়োজন কৰা পৰিলক্ষিত হৈছে। ইয়াৰ বাবে তেওঁ উদ্যোক্তাসকলক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। লগতে, পূজাৰ সময়ছোৱাতে সীমাবদ্ধ নাৰাখি এই মিলন আৰু সম্প্ৰীতিৰ বাৰ্তা আগন্তুক দিনসমূহতো সমাজৰ প্ৰতিটো স্তৰলৈ ব্যাপকভাৱে প্ৰসাৰিত কৰিবলৈ সকলোকে আহ্বান জনায় গগৈয়ে। ইফালে, মহাসপ্তমীৰ দ্বিতীয় দিনা প্ৰথিতযশা সাহিত্যিক ড০ নগেন শইকীয়া, প্ৰবীণ ৰাজনীতিবিদ পৱন সিং ঘাটোৱাৰ আৰু অতুল বুঢ়াগোহাঁইক সাক্ষাৎ কৰি তেওঁলোকৰ স্বাস্থ্যৰ বুজ লয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে৷ দুৰ্গা পূজাৰ সময়ছোৱাত অসমৰ বিভিন্ন প্ৰান্তলৈ যোৱাৰ সুযোগ লাভ কৰাটো নিজৰ ৰাজনৈতিক জীৱনৰ এক উল্লেখযোগ্য অভিজ্ঞতা বুলি অভিহিত কৰে গৌৰৱ গগৈয়ে। দিল্লীত জন্মগ্ৰহণ আৰু ডাঙৰ-দীঘল

হোৱা বাবে তাতেই দুৰ্গা পূজাৰ পৰিৱেশৰ সৈতে পৰিচিত আছিল যদিও প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লাভ কৰাৰ পাছত অসমৰ বিভিন্ন ঠাইলৈ গৈ ৰাইজৰ সৈতে মত বিনিময় কৰাৰ সুযোগ লাভ কৰিছে বুলি তেওঁ উল্লেখ কৰে। গগৈয়ে কয় যে অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজে তেওঁক যিদৰে আদৰ-সাদৰ আৰু মৰমেৰে আঁকোৱালি লৈছে, তাৰ বাবে তেওঁ সকলোৰে ওচৰত কৃতজ্ঞ। ৰাজনৈতিক জীৱনৰ জৰিয়তে অসমৰ এনে বহু ঠাইলৈ যোৱাৰ সুযোগ লাভ কৰিছে, য’লৈ পূৰ্বে যোৱা হোৱা নাছিল বুলিও তেওঁ মন্তব্য কৰে। দুৰ্গা পূজাৰ জৰিয়তে সমাজত ঐক্য, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ পৰিৱেশ অধিক শক্তিশালী হ’ব বুলি আশা প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে৷

Leave a Reply

Your email address will not be published. Required fields are marked *