...

লেকাই মা মনসা মন্দিৰত দুৰ্গা পূজাৰ অৰ্চনা বিধায়ক চক্ৰধৰ গগৈৰ

লেকাই মা মনসা মন্দিৰত দুৰ্গা পূজাৰ অৰ্চনা বিধায়ক চক্ৰধৰ গগৈৰ

চাইন অন ডেস্ক,১৮অক্টোবৰ:

ডিব্ৰুগড় জিলাৰ খোৱাং সমষ্টিৰ অন্তৰ্গত বৰবৰুৱা উন্নয়ন খণ্ডৰ ডুলীয়া কাকতি গাঁও পঞ্চায়তৰ লেকাই মনসা মন্দিৰত দুৰ্গাদেৱীৰ সপ্তমীৰ পূজাত অংশগ্ৰহণ কৰি সমূহ অসমবাসীৰ কুশল মংগল কামনাৰে সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈযে পূজা অৰ্চনাৰে সেৱা আগবঢ়ায়।উক্ত পূজা অৰ্চনাৰ সময়ত বিধায়ক গৰাকীৰ সৈতে বৰবৰুৱা জিলা পৰিষদৰ সদস্য বিনয় মাঝি, অসম ৰাজ্যিক অনুসূচিত জনজাতি মৰ্চাৰ কাৰ্যনিৰ্বাহক সদস্য নবীন মিলি, অসম প্ৰদেশ বি জে পিৰ সামাজিক মাধ্যমৰ আহ্বায়ক শ্যাম কানু গগৈ অনুসূচিত জনজাতি মৰ্চাৰ বৰবৰুৱা মণ্ডলৰ সভাপতি পদ্মধৰ সোনোৱাল, বৰবৰুৱা মণ্ডলৰ যুৱমৰ্চাৰ সাধাৰণ সম্পাদক অশোক কেৰীয়ে সহযোগিতা আৰু সেৱা আগবঢ়ায়।

Leave a Reply

Your email address will not be published. Required fields are marked *