বিশিষ্ট চিকিৎসক, সাহিত্যিক ডাঃ নিৰ্মাল চাহেৱালাক জীৱন আৰোগ্য বঁটা প্ৰদান
ডিব্ৰুগড়, ১২ অক্টোবৰ ঃ
বিশিষ্ট চিকিৎসক, সু সাহিত্যিক তথা অসম আদিত্যৰ মুখ্য সম্পাদক ডাঃ নিৰ্মল চাহেৱালাক আজি জীৱন আৰোগ্য বঁটাৰে সন্মানিত কৰিছে দুৰ্গা পূজা মহালয়া উদ্যাপন সমিতিয়ে৷ যোৱা ১০ অক্টোৱৰত বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ উদ্যোগত আয়োজিত অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰাৰ বাবে তেওঁৰ কাৰ্যালয়ত বিশিষ্ট চিকিৎসকজনক বঁটা প্ৰদান কৰে উদ্যাপন সমিতিৰ সভাপতি বিতুপন দুৱৰা আৰু সাধাৰণ সম্পাদক তাপস দাসে৷ দীৰ্ঘ দিন ধৰি নিৰন্তৰভাৱে চিকিৎসা সেৱা আগবঢ়াই অহা ডাঃ চাহেৱালাই ৰোগীৰ প্ৰতি থকা আন্তৰিকতা, সহনুভুতি তথা সেৱাৰ মানসিকতাৰ জৰিয়তে সকলো শ্ৰেণীৰ নাগৰিক উপকৃত হৈছে৷ তেওঁৰ মানৱীয়-চিকিৎসা কৰ্মখিনিৰ স্বীকৃতিস্বৰূপে সংগঠনটোৱে জীৱন আৰোগ্য বঁটা প্ৰদান কৰিছে৷ উল্লেখযোগ্য যে অসম চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসা শাস্ত্ৰত স্নাতকোত্তৰ ডিগ্ৰী মেডিচিন বিভাগত লাভ কৰাৰ পিছত ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কৰ্ম জীৱন আৰম্ভ কৰা ডাঃ চাহেৱালাই পিছলৈ নিজা প্ৰচেষ্টাৰ বলত আদিত্য আদিত্য ডায়েগ্নষ্টিক এণ্ড হস্পিতাল স্থাপন কৰি নিৰন্তৰ সেৱা আগবঢ়াইছে৷ এগৰাকী বিশেষ: চিকিৎসক হিচাপে তেওঁৰ সুকীয়া সুনাম আছে৷ অৱশ্যে চিকিৎসা জগতৰ লগতে তেওঁ সাহিত্য আৰু সংবাদ ক্ষেত্ৰতো বলিষ্ঠভাৱে ভুমুকি মাৰিছে৷ কথাশিল্পী হোমেন বৰগোহাঁঞিৰ সানিধ্যত সাহিত্যৰ পথাৰত ভৰি দি ইতিমধ্যে কেইবাখনো গ্ৰন্থ ৰচনা কৰিবলৈ সক্ষম হৈছে৷ তদুপৰি তেওঁ ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত একমাত্ৰ অসমীয়া দৈনিক বাতৰি কাকত অসম আদিত্যৰ স্বত্তাধিকাৰৰ লগতে মুখ্য সম্পাদকৰ দায়িত্বও সফলতাৰে কাৰ্যনিৰ্বাহ কৰি আছে৷