নগাঁৱত মন্ত্ৰী কৌশিক ৰয়ৰ পৰ্যালোচনা বৈঠক
ড° ভূপেন হাজৰিকা কলা তীৰ্থৰ আন্তঃগাঁথনি পৰিদৰ্শন
নগাঁও,১৩অক্টোবৰ:
অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান তথা গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী কৌশিক ৰয়ে আজি বিয়লি নগাঁও চহৰত উপস্থিত হৈ কেইবাটাও প্ৰকল্প পৰিদৰ্শন কৰে। মন্ত্ৰী গৰাকীয়ে পোনপ্ৰথমে চহৰখনৰ পানীগাওঁ শিৱনগৰৰ সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ অমৰ সৃষ্টিৰাজি, আদৰ্শ আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণৰ উদ্দেশ্যে আটকধুনীয়াকৈ নিৰ্মাণ কৰা ড° ভূপেন হাজৰিকা কলা তীৰ্থত উপস্থিত হৈ ইয়াৰ আন্তঃগাঁথনি পৰিদৰ্শনৰ লগতে নিৰ্মাণ কাৰ্য পৰ্যবেক্ষণ কৰে। মন্ত্ৰী গৰাকীয়ে প্ৰকল্পটো পৰিদৰ্শন কৰি অত্যাধুনিক সা-সুবিধাৰে সমৃদ্ধ কলাতীৰ্থৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰাৰ দিশত অধিক সহযোগিতাৰে কাম কৰিবলৈ
বিভাগীয় লোকসকলক নিৰ্দেশ দিয়ে। ইয়াৰ পাছতে মন্ত্ৰী গৰাকীয়ে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ অধীনত চহৰখনৰ লক্ষীনগৰ ৰে’লৱে ক্ৰছিঙৰ পৰা ট্ৰাইবেল কলনী আৰু নিদান হাস্পতালৰ মাজেৰে ৰাজপথ ৩লৈকে কাছমাৰী দলং পৰ্যন্ত নলা নিৰ্মাণৰ বাবে প্ৰস্তাৱিত স্থান পৰিদৰ্শন কৰাৰ লগতে জনসাধাৰণলৈ বিশুদ্ধ খোৱাপানী যোগানৰ লক্ষ্যৰে নগাঁও চহৰৰ আমোলাপট্টিত অম্ৰুতৰ অধীনত নিৰ্মাণ কৰা নগাঁও টাউন পানী যোগান প্ৰকল্পত আজি উপস্থিত হৈ ইয়াৰ কাম-কাজ পৰ্যবেক্ষণ কৰে। বিশুদ্ধ খোৱাপানী যোগানৰ ক্ষেত্ৰত যাতে কোনোধৰণৰ ত্ৰুটি নহয়, তাৰবাবে চকু দিবলৈ মন্ত্ৰী ৰয়ে বিভাগীয় বিষয়া সকলক নিৰ্দেশ প্ৰদান কৰে। ইয়াৰ উপৰিও মন্ত্ৰী গৰাকীয়ে মৰিকলঙত নতুনকৈ নিৰ্মাণ কৰা শ্ৰদ্ধাঞ্জলি উদ্যান খনো পৰিদৰ্শন কৰে। মন্ত্ৰী গৰাকীৰ এই পৰিদৰ্শন কালত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ আয়ুক্ত সচিব কবিতা পদ্মনাভন, অম্ৰুতৰ প্ৰকল্প সঞ্চালিকা সম্প্ৰীতি গোস্বামী, নগাঁও পৌৰসভাৰ উপাধ্যক্ষ সীমান্ত বৰাৰ লগতে আন বিভাগীয় বিষয়াসকল উপস্থিত থাকে।ইয়াৰ পাছতে মন্ত্ৰী কৌশিক ৰয়ে নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক পৰ্যালোচনা বৈঠক অংশগ্ৰহণ কৰে। এই বৈঠকত জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়া সকলৰ উপৰিও ধিং বিধানসভা সমষ্টিৰ বিধায়ক মেহবুব মুক্তাৰ উপস্থিত থাকে।