...

বিলাসীপাৰাত আৰক্ষীৰ ড্ৰাগছ’ বিৰোধী অভিযান

বিলাসীপাৰাত আৰক্ষীৰ ড্ৰাগছ’ বিৰোধী অভিযান

গ্ৰেপ্তাৰ ১৬ জনকৈ সৰবৰাহকাৰী
জব্দ বুজন পৰিমানৰ গাঞ্জা,য়াবা টেবলেট

বিলাসীপাৰা,১২ অক্টোৱৰ:

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কালি নিশা বিলাসীপাৰাতো আৰক্ষীয়ে চলালে নিষিদ্ধ ড্ৰাগছ বিৰোধী তীব্ৰ অভিযান। অভিযানত বিলাসীপাৰাৰ ৮ আৰু সাপটগ্ৰামৰ ১ জনকে ধৰি মুঠ ৯ জনকৈ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। লগতে সৰবৰাহকাৰী কেইজনৰ পৰা বুজন পৰিমানৰ গাঞ্জা,য়াবা টেবলেট আদি নিচা জাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয়।
উল্লেখ্য যে,বিলাসীপাৰাৰ বিশেষকৈ নৱপ্ৰজন্মক আকৰ্ষিত কৰিব পৰাকৈ নিচা জাতীয় সামগ্ৰী সহজ লভ্য কৰি ড্ৰাগছ’ মাফিয়া সকলে ৰমৰমূয়া ব্যৱসায় চলাই আহিছে।এনে অভিযোগ সততে উত্থাপন হৈ অহাৰ সময়তে কালি নিশা আৰক্ষীয়ে বিলসীপাৰাৰ বিভিন্ন প্ৰান্তত তীব্ৰ অভিযান চলায়। নয়াহাট, লক্ষীগঞ্জ, সাপটগ্ৰাম আৰু নায়েৰ আলগাত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় ৮ কিলোগ্ৰাম গাঞ্জা আৰু বুজন পৰিমাণৰ য়াবা টেবলেট আৰু কেবাটাও মোবাইল ফোন।
লগতে আৰক্ষীয়ে আটক কৰে নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায়ী ৰাছিদুল ৰহমান, বিনয় মণ্ডল, ছফিকুল ইছলাম, মিনাৰুল মণ্ডল, সমীৰ আলী মণ্ডল, ছাইফুল ইছলাম, ছেকেন্দাৰ আলী, আব্দুল খালেক আৰু ছাদ্দাম হুছেইনক । তাৰোপৰি আন সাত জনক ওৱাৰেণ্টত থকা অভিযুক্তকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
আটকাধীন মাফিয়া কেইটাই বিলাসীপাৰাৰ চুকে কোনে অবৈধ নিচাজাতীয় সামগ্ৰীৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল ।
যুৱ প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিয়া এই সকল ড্ৰাগছ ব্যৱসায়ীক কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰিছে স্থানীয় সচেতন ৰাইজে ।

Leave a Reply

Your email address will not be published. Required fields are marked *