...

বিলাসীপাৰাৰ মঞ্জুৰা ৰাণী মেম’ৰিয়য়েল ট্ৰাষ্টৰ ব্যতিক্ৰমী পদক্ষেপ

বিলাসীপাৰাৰ মঞ্জুৰা ৰাণী মেম’ৰিয়য়েল ট্ৰাষ্টৰ ব্যতিক্ৰমী পদক্ষেপ

দূৰ্গাপূজা উপলক্ষে চহৰখনৰ ছাফাই কৰ্মীৰ মাজত বিতৰণ নতুন বস্ত্ৰ

বিলাসীপাৰা,১৩অক্টোবৰ:

৫৮ গৰাকী ছাফাই কৰ্মীয়ে দুৰ্গোৎসৱৰ প্ৰাকক্ষণত নতুন বস্ত্ৰ পাই উৎফুল্লিত হৈ পৰিছে।উল্লেখ্য যে,সামান্য পাৰিশ্ৰমিকৰ বিনিময়ত চহৰখন পৰিস্কাৰ পৰিচ্ছিন্ন কৰি ৰখা ছাফাই কৰ্মী সকলক সমাজে অৱহেলিত কৰি অহাৰ অভিযোগ সততে উত্থাপন হয়।এনে সময়তে ছাফাই কৰ্মী সকলক সন্মান দিয়াৰ বাবে ট্ৰাষ্টৰ প্ৰনেতা ডাঃ কানু লাল দাসৰ শলাগ লয় সমজিলা আয়ুক্ত মানস জ্যোতি নাথে।ইফালে ডাঃ কানু লাল দাসে ছাফাই কৰ্মী সকলৰ শ্ৰম আৰু অৱদানক শ্ৰদ্ধা জনাই দূৰ্গোৎসৱ উপলক্ষে নতুন বস্ত্ৰ প্ৰদান কৰে।ট্ৰাষ্টৰ এই কাৰ্যসুচী প্ৰতিটো বৰ্ষতে অনুষ্টিত কৰি ছাফাই কৰ্মীৰ অৱদানক উৎসাহ যোগাব বুলি ডাঃ দাসে জানিবলৈ দিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *