অনুসূচিত জাতি উন্নয়ন পৰিষদ গঠনৰ দাবী
দাবী পূৰণ নকৰিলে চৰকাৰৰ বিৰুদ্ধে
গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ
চাইন অন ডেস্ক,৯অক্টোবৰঃ
অনুসূচিত জাতিৰ জ্বলন্ত সমস্যাসমূহ সমাধানৰ বাবে ৰাজ্য চৰকাৰে শীঘ্ৰে অনুসূচিত জাতি উন্নয়ন পৰিষদ গঠন কৰিব লাগে। অন্যথা চৰকাৰৰ বিৰুদ্ধে ধাৰাবাহিক গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব বুলি হুংকাৰ দিছে অনুসূচিত জাতি যুৱ-ছাত্ৰ পৰিষদ অসমে। আজি ডিব্ৰুগড়ৰ হোটেল লিটল পেলেচত অনুষ্ঠিত পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত এই দাবী উত্থাপন কৰা হয়। পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি মুক্তিনাথ দাসৰ সভাপতিত্বত অনুষ্ঠিত সভাখন বাবাচাহেব ড° ভীমৰাও আম্বেদকাৰৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা হয়। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক অমৃত প্ৰাণ দাসে। সভাত কামৰূপ,
নলবাৰী, তেজপুৰ, গোলাঘাট, যোৰহাট, মাজুলী, ধেমাজি, লক্ষীমপুৰ, শিৱসাগৰ, ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ সভাপতি তথা সাধাৰণ সম্পাদকসকলে অংশগ্ৰহণ কৰে। সংগঠনটোৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় সমিতিৰ কেইবাটাও গুৰুত্বপূৰ্ণ পদবীৰ সালসলনি কৰা হয়। লগতে কেন্দ্ৰীয়ভাৱে সুধাকণ্ঠ দিৱস আৰু ড° বি আৰ আম্বেদকাৰৰ মহাপ্ৰয়াণ দিৱস উদযাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইফালে, অনুসূচিত জাতিৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে উদাসীনতা প্ৰদৰ্শন কৰা বুলি অভিযোগ উত্থাপন কৰি সভাই তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে। বিধানসভা নিৰ্বাচনৰ পূৰ্বে চৰকাৰে দিয়া প্ৰতিশ্ৰুতি অনুসৰি অনুসূচিত জাতি উন্নয়ন
পৰিষদ গঠন নকৰাত ক্ষোভ প্ৰকাশ কৰি সমিতিয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰীক পৰিষদখন শীঘ্ৰে গঠনৰ দাবী জনায়। আনহাতে, কেন্দ্ৰীয় সাংগঠনিক সম্পাদক অভিজিত দাসে ডিব্ৰুগড় বিমানবন্দৰটো সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ নামত নামকৰণ কৰাৰ পাছতো বিমানবন্দৰ চৌহদত
আজিলৈকে সুধাকণ্ঠৰ নামত ফলক স্থাপন নকৰাত ক্ষোভ প্ৰকাশ কৰে। তেওঁ ৰাজ্যৰ বানপীড়িত প্ৰতিটো পৰিয়ালক এককালীনভাৱে ১০ লাখ টকাকৈ সাহায্য প্ৰদান কৰিবলৈও চৰকাৰৰ ওচৰত দাবী জনায়। পৰিষদে স্পষ্ট কৰি দিয়ে যে চৰকাৰে তেওঁলোকৰ দাবীসমূহ পূৰণৰ ক্ষেত্ৰত শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰিলে আগন্তুক দিনত গণতান্ত্ৰিক পদ্ধতিৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব।