...

ডিব্ৰুগড়ত ৫০ কোটি টকাৰে নিৰ্মাণ হ’ব ৰে’লৱেৰ আধুনিক আৱাসিক কলনী

ডিব্ৰুগড়ত ৫০ কোটি টকাৰে নিৰ্মাণ হ’ব ৰে’লৱেৰ আধুনিক আৱাসিক কলনী

২১০টা কোৱাৰ্টাৰ নিৰ্মাণৰ পৰিকল্পনা, আজি কৰা হ’ল আধাৰশিলা স্থাপন

চাইন অন ডেস্ক,৯অক্টোবৰঃ

ডিব্ৰুগড়ত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ অধীনত প্ৰায় ৫০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এখন আধুনিক আৱাসিক কলনীৰ আজি আধাৰশিলা স্থাপন কৰা হয়। প্ৰস্তাৱিত কলনীখনত মুঠ ২১০টা আৱাসিক কোৱাৰ্টাৰ নিৰ্মাণ কৰা হ’ব। আধুনিক সা-সুবিধাৰে নিৰ্মাণ হ’বলগীয়া এই প্ৰকল্পটোক ডিব্ৰুগড়ৰ ৰে’লৱে আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচনা কৰা হৈছে। প্ৰকল্পটোৰ বিষয়ে সদৰী কৰি ৰে’লৱেৰ এগৰাকী শীৰ্ষ বিষয়াই কয় যে ভাৰতীয় ৰে’লৱেৰ আৱাসিক কলনীসমূহৰ ভিতৰত এখন আদৰ্শ কলনী হিচাপে ইয়াক গঢ়ি তোলাৰ লক্ষ্য লোৱা হৈছে। বহু মহলীয়া অট্টালিকাত নিৰ্মাণ হ’বলগীয়া কোৱাৰ্টাৰসমূহত ৰে’লৱেৰ নিৰ্ধাৰিত আৰ্হি অনুসৰি টাইপ-২ আৰু টাইপ-৩ শ্ৰেণীৰ আৱাসিক ব্যৱস্থা থাকিব। কলনীখনত কমিউনিটি হল, খেলপথাৰ, সেউজীয়া অঞ্চল, পাৰ্কিং স্থান আৰু আৱৃত সৌৰশক্তিচালিত পাৰ্কিং

ব্যৱস্থাৰ সুবিধা উপলব্ধ হ’ব। ইয়াৰ উপৰি, নিৰাপত্তাৰ বাবে চিচিটিভি কেমেৰা, ইণ্টাৰনেট সংযোগ আৰু অন্যান্য আধুনিক সা-সুবিধাৰ ব্যৱস্থা কৰা হ’ব। সমগ্ৰ কলনীখন আৱেষ্টনীৰে আবৃত কৰি নিৰাপত্তা সুনিশ্চিত কৰাৰো পৰিকল্পনা কৰা হৈছে। ৰে’লৱেৰ বিষয়াগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, প্ৰকল্পটোৰ অসামৰিক নিৰ্মাণ কাৰ্যৰ ব্যয় প্ৰায় ৫০ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে। পৰিকল্পনাৰ সৈতে পৰৱৰ্তী সময়ত কিছু অতিৰিক্ত সুবিধা সংযোজন কৰাৰ ফলত ব্যয় বৃদ্ধি পাইছে। প্ৰকল্পটোৰ নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ আনুমানিক ডেৰ বছৰৰ পৰা দুবছৰ সময় লাগিব পাৰে বুলি তেওঁ আশা প্ৰকাশ কৰে। ইফালে, ডিব্ৰুগড়ৰ নতুন ৰে’লৱে

ষ্টেচনলৈ বৈদ্যুতিকীকৰণৰ কাম সম্পূৰ্ণ হোৱা বুলিও বিষয়াগৰাকীয়ে উল্লেখ কৰে। আগন্তুক দুমাহৰ ভিতৰত ষ্টেচনটোৰ পৰিকল্পনাৰ ক্ষেত্ৰত নতুন অগ্ৰগতিৰ সম্ভাৱনা থকাৰ কথা তেওঁ জানিবলৈ দিয়ে। অৱশ্যে, ষ্টেচনটো আনুষ্ঠানিকভাৱে কেতিয়াৰ পৰা কাৰ্যক্ষম হ’ব, সেই সন্দৰ্ভত নিৰ্দিষ্ট তাৰিখ প্ৰকাশ কৰা হোৱা নাই। আনহাতে, ডিব্ৰুগড়ৰ পৰা বন্দে ভাৰত এক্সপ্ৰেছ চলাচলৰ সম্ভাৱনাৰ বিষয়েও আশাবাদ প্ৰকাশ কৰে ৰে’লৱেৰ বিষয়াগৰাকীয়ে। ৰে’লপথৰ বৈদ্যুতিকীকৰণ সম্পূৰ্ণ হোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে বন্দে ভাৰত বৈদ্যুতিক ৰে’ল হোৱা বাবে ডিব্ৰুগড়ৰ পৰাও ইয়াৰ চলাচলৰ সম্ভাৱনা আছে। অৱশ্যে, এই সন্দৰ্ভত কোনো নিৰ্দিষ্ট সময়সূচী বা আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই। ইয়াৰ লগতে ডিব্ৰুগড় চহৰৰ দীৰ্ঘদিনীয়া পাৰ্কিং সমস্যা সমাধানৰ বাবে ৰে’লৱেৰ ভূমিত বহু মহলীয়া পাৰ্কিং ব্যৱস্থা নিৰ্মাণৰ বিষয়েও উল্লেখ কৰা হয়। চহৰখনত যান-বাহনৰ সংখ্যা বৃদ্ধি আৰু পাৰ্কিঙৰ বাবে উপযুক্ত স্থানৰ অভাৱৰ পৰিপ্ৰেক্ষিতত এনে ব্যৱস্থাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। উল্লেখ্য যে আজি আধাৰশিলা স্থাপন কৰা আধুনিক আৱাসিক কলনী প্ৰকল্পটোৱে আগন্তুক সময়ত ডিব্ৰুগড়ৰ ৰে’লৱে কৰ্মচাৰীসকলৰ আৱাসিক সুবিধা উন্নত কৰাৰ লগতে চহৰখনৰ আন্তঃগাঁথনি উন্নয়নতো নতুন মাত্ৰা প্ৰদান কৰাৰ সম্ভাৱনা আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *