সেৱা সংকল্প অভিযানৰ অধীনত
ডিব্ৰুগড়ৰ বহুমুখী উপযোগিতা ভৱন আৰু চাবুৱাৰ বেটমালা প্ৰেক্ষাগৃহত
স্বাস্থ্য আৰু কল্যাণ শিবিৰ অনুষ্ঠিত
চাইন অন ডেস্ক,৯অক্টোবৰ:
সেৱা সংকল্প অভিযানৰ অধীনত ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত জিলাখনত অনুষ্ঠিত হৈ থকা স্বাস্থ্য আৰু কল্যাণ শিবিৰৰ পঞ্চম দিনটোত জিলাখনৰ দুটা স্থানত একেলগে স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয় আৰু দুয়োটা শিবিৰতে ৰাইজৰ বিপুল অংশগ্ৰহণ তথা সঁহাৰি পৰিলক্ষিত হয়।
পঞ্চম দিনৰ এই স্বাস্থ্য শিবিৰ চাবুৱা বিছমাইলৰ বেটমালা প্ৰেক্ষাগৃহত আৰু ডিব্ৰুগড় পৌৰনিগমৰ অধীনত বহুমুখী উপযোগিতা ভৱনত অনুষ্ঠিত হয়।ডিব্ৰুগড় পৌৰনিগমৰ অধীনত অনুষ্ঠিত শিবিৰটো ডিব্ৰুগড় বিধানসভা সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকনে উদ্বোধন কৰে ।
এই শিবিৰসমূহত অসম চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল, ডিব্ৰুগড়ৰ বিশেষজ্ঞ চিকিৎসকৰ দলে মেডিচিন, নাক-কাণ-ডিঙি, চকু, স্ত্ৰী ৰোগ, দন্ত, হাড় আৰু মানসিক ৰোগ বিভাগত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু পৰামৰ্শ প্ৰদান কৰে। ইয়াৰ লগতে আয়ুষ চিকিৎসা, ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপৰ স্ক্ৰীনিং, প্ৰয়োজনীয় ঔষধৰ বিনামূলীয়া বিতৰণ, আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন
আৰোগ্য যোজনাৰ কাৰ্ড, আভা আইডি সৃষ্টি, এনচিডি স্ক্ৰীনিং আৰু দিব্যাংগ প্ৰমাণপত্ৰৰ পঞ্জীয়নৰ দৰে সেৱাসমূহো একেখন মঞ্চতে ৰাইজক প্ৰদান কৰা হয়।
জিলা স্বাস্থ্য বিভাগে জনোৱা মতে, সেৱা সংকল্প অভিযানৰ অধীনত অন্তিম টো স্বাস্থ্য শিবিৰ ১০ অক্টোবৰত দুলীয়াজান বিহুতলীত অনুষ্ঠিত হ’ব।
সেয়েহে, ডিব্ৰুগড় জিলাৰ স্বাস্থ্য বিভাগে বৃহত্তৰ দুলীয়াজান অঞ্চলৰ নাগৰিকক সেৱা সংকল্প অভিযানৰ অধীনত অনুষ্ঠিত এই শিবিৰত উপস্থিত হৈ বিনামূলীয়া স্বাস্থ্য সেৱাৰ লগতে অনলাইন সেৱাৰ সুবিধাসমূহ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।