...

সাতামপুৰুষীয়া ঐতিহ্য আৰু পৰম্পৰা সামৰি আৰম্ভ হ’ল ফাটবিহু

সাতামপুৰুষীয়া ঐতিহ্য আৰু পৰম্পৰা সামৰি আৰম্ভ হ’ল ফাটবিহু

উদুলি-মুদুলি ঢকুৱাখনাৰ ম’হঘূলি চাপৰি

পুলকজ্যোতি বৰা,ঢকুৱাখনা,৮ মে’:

“গছে-বনে-পাতে হালিছে জালিছে চাৰিকড়ীয়া নদীৰ পাৰ।ম’হঘূলি চাপৰিত ঢোল-পেঁপা বাজিছে,ততে নাইকিয়া গাত….”
উখল-মাখল হৈ পৰিল ঢকুৱাখনাৰ ম’হঘূলি চাপৰি।পৰম্পৰাৰ সকলো উজ্বল্য সামৰি আজিৰে পৰা আৰম্ভ হৈছে ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত ফাটবিহু। শুকুৰবাৰে পুৱাতেই লোকাৰণ্য হৈ পৰিল চাৰিকড়ীয়া নদীৰ সেউজীয়া পাৰ ।ঢোল পেঁপা গগণাৰ মাতত মুখৰিত হৈ পৰিল ম’হঘুলি চাপৰিৰ ফাটবিহুৰ বাকৰি।চাৰিকড়ীয়া নৈৰ পাৰৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশত ম’হঘূলি চাপৰিত আজিৰ পৰা তিনিদিননীয়া বৰ্ণিল কাৰ্যসূচীৰে আৰম্ভ হৈছে ঐতিহাসিক ফাটবিহু।একপ্ৰকাৰ জাতি-জনগোষ্ঠীৰ মিলনস্থলী হৈ পৰিল ম’হঘূলি চাপৰি।কাৰণ, মহঘূলি চাপৰিত বলিছে ফাটবিহুৰ বা।কোনোবা বিহুবলীয়া ডেকাৰ কণ্ঠেৰে নিগৰি আহিল বিহুগীত।পৰম্পৰাগত জাতীয় সাজপাৰ পৰিহিত বিহুবলীয়া ৰাইজৰ উপস্থিতিত মুখৰ হৈ পৰা এক উছৱমুখৰ পৰিৱেশত ফাটবিহু সমিতিৰ সম্পাদক প্ৰশান্ত হাজৰিকা আৰু অন্যান্য বিষয়ববীয়াসকল, উদযাপন সমিতিৰ সভাপতি হেমন্ত গগৈ, সম্পাদক চন্দ্ৰজিত শইকীয়া প্ৰমুখ্যে গৰিষ্ঠ সংখ্যক বিষয়ববীয়া আৰু অগণন ফাটবিহুপ্ৰেমীৰ উপস্থিতিত
ফাটবিহু-২০২৬ ৰ পতাকা উত্তোলন কৰে সভাপতি বসন্ত শইকীয়াই।পতাকা উত্তোলন কৰি দিয়া ভাষণত সভাপতি গৰাকীয়ে কয় – লুইত আৰু সোৱণশিৰি মাজৰ ভূ-খণ্ডৰ লোকসমাজে চিৰ-প্রবাহিনী চাৰিকড়ীয়া নৈৰ পাৰত উদ্যাপন কৰা ফাটবিহু বৃহত্তৰ ঢকুৱাখনাৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ বাপতি সাহোন, স্বকীয় লোক-উৎসৱ। ঢকুৱাখনাৰ পুৰণি ঐতিহ্য বহন কৰি থকা ফাটবিহু কেৱল এটা অঞ্চলৰ লোক-উৎসৱ হলেও, অসমৰ লোক-সংস্কৃতিৰ ভঁড়ালত আপুৰুগীয়া সম্পদ হৈ আছে।ফাটবিহুৱে বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সাংস্কৃতিক সমন্বয় গঢ়ি তুলি ঐক্য-সম্প্ৰীতিৰ এনাজৰী সুদৃঢ় কৰাৰ লগতে সামাজিক সুস্থ-সবল বাতাবৰণ বৰ্তাই ৰখাত বলিষ্ঠ ভূমিকা পালন কৰি আহিছে বুলি উল্লেখ কৰি তেওঁ আৰু লগতে কয় – ঐতিহ্য-পৰম্পৰা সংৰক্ষণ-সংবর্ধন কৰাৰ লগতে বিকাশৰ পথ প্রশস্ত কবি তুলিছে জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক বৈশিষ্ট্যসমূহৰ পাৰস্পৰিক সংমিশ্রণ ঘটি জনগোষ্ঠীয় সাংস্কৃতিক উপাদানসমূহৰ বিনিময়ৰ জৰিয়তে সমন্বয়ৰ সেতু গঢ়ি ফাটবিহুক বর্ণময় কৰি তুলিছে।পতাকা উত্তোলন কাৰ্যসূচীৰ পিছতে অনুষ্ঠিত হয় স্মৃতি তৰ্পণ কাৰ্যসূচী। স্মৃতি তৰ্পণ অনুষ্ঠানৰ শুভাৰম্ভ কৰে উদযাপন সমিতিৰ সভাপতি হেমন্ত গগৈয়ে। ইয়াৰ পিছতে পৰম্পৰাগত ৰীতি-নীতিৰে আদৰণি জনোৱা হয় বিহু দলসমূহক।দুপৰীয়া মঞ্চ উদ্বোধন কৰে প্ৰবীণ সাংবাদিক কুশল গগৈয়ে। ইয়াৰ পিছতে আৰম্ভ হয় আৰম্ভ হয় টকা বিহু প্ৰতিযোগিতা।তেজপুৰৰ জ্যেষ্ঠ কৃতি বিহুৱতী অৰূপা বৰুৱাই উদ্ধোধন কৰে টকা বিহু প্ৰতিযোগিতা। বিয়লিলৈ অনুষ্ঠিত হোৱা চেমনীয়াৰ হুঁচৰি বিহু প্ৰতিযোগিতাখনি
উদ্বোধন কৰে জেষ্ঠ কৃতি বিহুৱা জিতেন দত্তই।কাইলৈ অৰ্থাৎ দ্বিতীয় দিনা পুৱা কপৌফুল আৰু গছপুলি ৰোপণ। ইয়াৰ পিছতে অনুষ্ঠিত হ’ব গামোচা প্রতিযোগিতা।গামোচা প্রতিযোগিতাত উদ্বোধক হিচাপে উপস্থিত থাকিব আদৰ্শ শিপিনী মৌচুমী শইকীয়া মহন্তই।১১.৩০ বজাত অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্ত্তি উন্মোচন অনুষ্ঠান।ভাৰতৰত্ন,সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্ত্তি উন্মোচন কৰিব জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° জ্যোতিপ্ৰসাদ শইকীয়াই।আনহাতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্ত্তি উন্মোচন কৰিব বিশিষ্ট বাদ্যশিল্পী ৰাজা বৰুৱাই।দুপৰীয়ালৈ ফাটবিহুৰ মূল মঞ্চত অনুষ্ঠিত হ’ব পূর্ণবয়স্ক হুঁচৰি প্ৰতিযোগিতা। সকলো জাতি-জনগোষ্ঠীৰ বাবে মুকলি থকা পূৰ্ণবয়স্ক হুঁচৰি প্ৰতিযোগিতাখন উদ্বোধন কৰিব অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকলয়ৰ অৱসৰপ্ৰাপ্ত উপ-সঞ্চালক ড° পবিত্ৰ কুমাৰ পেগুৱে।বিয়লি ১ বজাত ফাটবিহুৰ বছৰেকীয়া প্রকাশ ‘বিহুৱান’ উন্মোচন।প্ৰাণৰ শিল্পী জুবিন গাৰ্গ বিশেষ এইবৰ্ষৰ ‘বিহুৱান’ উন্মোচন কৰিব বোকাখাত জেডি এচ জি মহাবিদ্যালয়ৰ অধ্যক্ষ ড° জয়ন্ত গগৈয়ে।উল্লেখ্য যে
ম’হঘূলি চাপৰিৰ বিনন্দীয়া প্ৰাকৃতিক পৰিৱেশত দেওবাৰলৈকে উদযাপিত হ’ব ঢকুৱাখনাৰ স্বকীয় লোকউৎসৱ ফাটবিহু
অসমৰ সামাজিক আৰু সাংস্কৃতিক জগতত অনন্য স্থান দখল কৰা ফাটবিহুৰ তিনিওটি দিনত প্ৰদৰ্শিত হ’ব বিভিন্ন জাতি জনগোষ্ঠীৰ চহকী কৃষ্টি-সংস্কৃতি।

Leave a Reply

Your email address will not be published. Required fields are marked *