...

মুখ্যমন্ত্ৰী হোৱাৰ বাট মুকলি হ’ল বিজয়ৰ

মুখ্যমন্ত্ৰী হোৱাৰ বাট মুকলি হ’ল বিজয়ৰ
তামিলনাডু, ৮ মে’ঃ

অৱশেষত চৰকাৰ গঠনৰ বাবে প্ৰয়োজনীয় মেজিক সংখ্যা লাভ কৰিলে থালাপথি বিজয়ে৷ বিজয়ৰ দল টিভিকেৰ এক সূত্ৰৰ জৰিয়তে জানিব পৰামতে, কংগ্ৰেছ আৰু ভিচিকেৰ লগতে দুই বাওঁ দল চিপিআই(এম) আৰু চিপিআইয়েও সমৰ্থন আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। এই চাৰিটা দলৰ সমৰ্থন পালে বিজয়ে সহজেই মেজিক সংখ্যা অতিক্ৰম কৰিবলৈ সক্ষম হ’ব।

টিভিকে সূত্ৰৰ খবৰ অনুসৰি, শুকুৰবাৰে বিয়লি তামিলনাডুৰ লোক ভৱনলৈ গৈ ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰলেকাৰক সাক্ষাৎ কৰিব বিজয়ে। তাতেই তেওঁ চৰকাৰ গঠনৰ দাবী উত্থাপন কৰিব। ৰাজভৱনৰ পৰা ওলাই আহি টিভিকে, কংগ্ৰেছ আৰু দুই বাওঁ দলৰ নেতাসকলে যুটীয়াভাৱে সংবাদমেল সম্বোধন কৰাৰ সম্ভাৱনা আছে।

২৩৪ খন আসনযুক্ত তামিলনাডু বিধানসভাত টিভিকে-ই ১০৭ খন আসনত জয়লাভ কৰিছে। চৰকাৰ গঠনৰ বাবে মুঠ ১১৮ জন বিধায়কৰ সমৰ্থনৰ প্ৰয়োজন। খবৰ অনুসৰি, কংগ্ৰেছৰ পাঁচজন, ভিচিকেৰ দুজন, চিপিআই(এম)ৰ দুজন আৰু চিপিআইৰ দুজন বিধায়কে টিভিকেক সমৰ্থন জনাইছে।

ইয়াৰ পূৰ্বে একক সংখ্যাগৰিষ্ঠ দল হিচাপে তামিলনাডুৰ ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ আবেদন জনাইছিল বিজয়ে। কিন্তু ৰাজ্যপালে স্পষ্টকৈ জনাই দিছিল যে টিভিকেই প্ৰথমে সংখ্যাগৰিষ্ঠতাৰ প্ৰমাণ দিব লাগিব।

Leave a Reply

Your email address will not be published. Required fields are marked *