...

অইল ইণ্ডিয়াৰ নতুন আৱাসিক মুখ্য বিষয়া বিনয়ানন্দ ভৰালীৰ আজি দায়িত্বভাৰ গ্ৰহণ

Spread the love

 

 

অইল ইণ্ডিয়াৰ নতুন আৱাসিক মুখ্য বিষয়া বিনয়ানন্দ ভৰালীৰ আজি দায়িত্বভাৰ গ্ৰহণ

দুলীয়াজান:

অইল ইণ্ডিয়া লিমিটেডৰ ক্ষেত্রীয় মুখ্য কাৰ্য্যালয় দুলীয়াজানৰ নতুন আৱাসিক মুখ্য বিষয়াৰূপে বিনয়ানন্দ ভৰালীয়ে আজি শনিবাৰে দায়িত্বভাৰ গ্ৰহণ কৰে । যোৰহাটৰ নিবাসী সচ্চিদানন্দ ভৰালী আৰু অকণি ভৰালীৰ সু-সন্তান নৱনিযুক্ত আৰ.চি.ই বিনয়ানন্দ ভৰালীয়ে যোৰহাট চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা স্কুলীয়া শিক্ষা আৰম্ভ কৰে। তেওঁ যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা ভূতত্ব বিষয়ত স্নাতক আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা প্রায়োগিক ভূতত্ব বিষয়ত স্নাতকোত্তৰ ডিগ্রী লাভ কৰিছিল। ১৯৯৫ চনৰ মাৰ্চ মাহত দুলীয়াজান, অইলৰ ভূতত্ব আৰু তৈলাশয় বিভাগত কাৰ্য্যবাহী নবিচ হিচাপে যোগদান কৰা বিজয়ানন্দ ভৰালীয়ে যোৱা তিনি দশতকৈও অধিক সময়ৰ এক উজ্জ্বল কৰ্মসংস্কৃতি গঢ়ি তুলিছে। বিগত বছৰসমূহত ভৰালীয়ে বিভিন্ন দায়িত্বত থাকি অইলৰ অন্বেষণ আৰু উন্নয়ন কাৰ্য্যকলাপসমূহত উল্লেখযোগ্য অৱদান আগবঢ়াইছে। আৰম্ভণিতে, তেওঁ দুলীয়াজানত ভূতত্ত্ব আৰু তৈলাশয় বিভাগত ভূতত্ববিদ হিচাপে কার্যনিবাহ কৰাৰ পিছত ২০১৫ চনত নয়ডাত থকা অইলৰ ক’ৰ্পৰেট কার্যালয়লৈ বদলি হয়। তাত তেওঁ প্রথমে ব্যৱসায়িক উন্নয়ন বিভাগত থাকি পৰৱৰ্তী সময়ত ২০২৫ চনৰ মাৰ্চ মাহ পৰ্যন্ত তিনি বছৰ কাল মহা প্রবন্ধক (অধ্যক্ষ আৰু পৰিচালন সঞ্চালকৰ কাৰ্য্যবাহী বিষয়া) হিচাপে কার্যনির্বাহ কৰে। পৰৱৰ্তী সময়ত তেওঁ ভূ-বিজ্ঞানৰ কাৰ্য্যবাহী সঞ্চালক ৰূপে পদোন্নতি লাভ কৰে। আনহাতে ই. এণ্ড. পি এচেটৰ ক্ষেত্ৰ উন্নয়নকে ধৰি একত্রীকৰণ আৰু অধিগ্রহণ ক্ষেত্রত বিস্তৃত অভিজ্ঞতাৰে পুষ্ট, আৰু ব্যৱসায়িক উন্নয়নৰ কাৰিকৰী দলৰ মুৰব্বী হিচাপে কাম কৰা ভৰালীয়ে কৌশলগত আৰু কাৰিকৰী বিশেষজ্ঞ হিচাপে সমৃদ্ধ হৈ আৱাসিক মুখ্য বিষয়াৰ দৰে গুৰুত্বপূর্ণ দায়িত্ব ল’বলৈ আগবাঢ়িছে। উল্লেখ্য যে, ৰাছিয়াত অইলৰ দুটা ফ্লেগশ্বিপ বিদেশস্থিত ই এণ্ড পি সম্পত্তিৰ অংশীদাৰিত্ব অধিগ্রহণতো তেওঁ মুখ্য ভূমিকা পালন কৰিছিল, যিয়ে কোম্পানীটোৰ ম’বেল উপস্থিতি অধিক শক্তিশালী কৰি তুলিছিল। এগৰাকী অভিজ্ঞ ভূ-বিজ্ঞানী হিচাপে বিনয়ানন্দ ভৰালীয়ে অইল ইণ্ডিয়া লিমিটেডৰ অন্বেষণ, উন্নয়ন আৰু তৈলাশয় ব্যৱস্থাপনাৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে আৰু কোম্পানীৰ অপাৰেচনেল উৎকৃষ্টতা আৰু বিকাশত যথেষ্ট অৰিহণা যোগাইছে। তদুপৰি, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ফ’ৰামত কেইবাখনো কাৰিকৰী গৱেষণা পত্র উপস্থাপন আৰু প্ৰকাশ কৰা বিনয়ানন্দ ভৰালী আমেৰিকাৰ ছ’চাইটি অব পে’ট্রলিয়াম ইঞ্জিনিয়াৰ (এছ পি ই) সদস্য আৰু বর্তমান এছ. পি. ই দুলীয়াজান অধ্যায়ৰ অধ্যক্ষ হিচাপেও কার্যনির্বাহ কৰি আছে বিনয়ানন্দ ভৰালী ।

কৃষ্ণা কাংকান

Leave a Reply

Your email address will not be published. Required fields are marked *