গাজিয়াবাদত ৰাষ্ট্ৰীয় পৰ্যায়ৰ দবা খেলত ডিব্ৰুগড়ৰ ৰুদ্ৰাক্ষ ৰাজৰ ফলপ্ৰসুতা
চাইন অন ডেস্ক:
নুমলীগড়স্থিত “ধনশিৰী ভেলি পাব্লিক স্কুল”ৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ ৰুদ্ৰাক্ষ ৰাজ দত্তই দবা খেলত নিজকে প্ৰতিষ্ঠা কৰি ফলপ্ৰসুতা লাভ কৰা পৰিলক্ষিত হৈছে। শৈশৱতে তেজপুৰ চহৰত দবা খেলত মনোনিবেশ কৰা ৰুদ্ৰাক্ষ ৰাজে পাচলৈ যোৰহাট নগৰৰ অনুশীলন কেন্দ্ৰৰ উদ্যোগত একান্ত ভাৱে খেলিবলৈ লয় ,ইয়াৰ ফলশ্ৰুতিত
যোৰহাটত অনুষ্ঠিত চলিত বৰ্ষৰ ‘মে’ মাহত ৪৮ সংখ্যক সদৌ অসম আন্তঃ জিলা দবা চেম্পিয়নশ্বিপৰ ১১ বছৰ অনুৰ্ধৰ ল’ৰাৰ শাখাত প্ৰথম স্থান অধিকাৰ কৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ ৰূপে মহাৰাষ্ট্ৰৰ “জলগাঁৱত” অনুষ্ঠিত All India National Chess Ranking ত ৩৫০ গৰাকী খেলুৱৈৰ ভিতৰত শীৰ্ষস্থান ( Top – 50 ) অধিকাৰ কৰা পঞ্চাশ গৰাকীৰ মাজত ৪৬ স্থানত স্থিতি লোৱাৰ লগতে অসমৰ দ্বিতীয় স্থানৰ খেলুৱৈ ৰূপে খ্যাতি অৰ্জন কৰে।পৰৰ্বতী পৰ্যায়ত চলিত বৰ্ষৰ জুলাই মাহত অনুষ্ঠিত ৪৮ সংখ্যক সদৌ অসম আন্তঃ জিলা দবা চেম্পিয়নশ্বিপ ২০২৫ ত – ১৩ বছৰৰ অনুৰ্ধৰ ল’ৰাৰ শাখাত তৃতীয় স্থান অধিকাৰ কৰি ৰুদ্ৰাক্ষ ৰাজে অসমৰ হৈ”
গোৱাত ” অনুষ্ঠিত ৰাষ্ট্ৰীয় খেলুৱৈ ৰূপে যোগদানৰ সুবিধা পাই যদিও আৰ্থিক ভাৱে সবল নোহোৱাৰ পৰিপ্ৰেক্ষিতত এইখন খেলত অংশ লোৱাৰ পৰা বিৰত থাকিব লগাত পৰে।সম্প্ৰতি স্ব- একাগ্ৰতাৰ ফলস্বৰূপে আগন্তক ২ নবেম্বৰত “গাজিয়াবাদ”ত অনুষ্ঠিত হবলগীয়া ৰাষ্ট্ৰীয় পৰ্যাযৰ “National Chess Championship ত ৰুদ্ৰাক্ষ ৰাজে ১৫ বছৰৰ অনুৰ্ধৰ খেলুৱৈ ৰূপে অসমৰ হৈ যোগদান কৰিবলৈ সাজু হৈছে।পৰৰ্বতী সময়ত চৰকাৰে আৰ্থিক সাহাৰ্য প্ৰদান কৰিলেহে আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত ৰুদ্ৰাক্ষ ৰাজ দত্তই নিশ্চয় অসমলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰিব বুলি আশা কৰিব পাৰি।ৰুদ্ৰাক্ষ ৰাজ দত্ত ডিব্ৰুগড় নগৰৰ বিশিষ্ট লেখিকা আৰু সমাজ সেৱিকা বিজয়িনী ডাঃ মালাৰাণী দেৱী দত্তৰ নাতি আৰু কৰ্মসূত্ৰে গোলাঘাটত বসবাস কৰা মাধূৰ্য ৰাজ দত্ত আৰু কাকলি দত্তৰ পুত্ৰ।