ৰাজ্যিক মৰ্যাদাৰে শেষ বিদায় প্ৰসিদ্ধ সংগীতশিল্পী ছৈয়দ ছাদুল্লালাক
মহাশূন্যত বিলীন হল সংগীতৰ এক নক্ষত্ৰ
চাইন অন ডেস্ক:
ৰাজ্যিক মৰ্যদাৰে সম্পন্ন কৰা হ’ল ছৈয়দ ছাদুল্লাৰ জানাজা। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত পৰহিৰ পুৱা শেষ নিশ্বাস ত্যাগ কৰা বিশিষ্ট সংগীতজ্ঞ তথা গীতিকাৰ, সুৰকাৰ, গীটাৰিষ্ট, ঘোষক, পৰিচালক ছৈয়দ ছাদুল্লা ওৰফে ৰাজবী দাৰ নশ্বৰদেহ কালি পুৱতি নিশা ডিব্ৰুগড়ৰ বাসগৃহলৈ অনা হয়।কালি বিভিন্ন দল-সংগঠন তথা অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে ছৈয়দ ছাদুল্লাৰ অনুৰাগীসকলে
ডিব্ৰুগড় মহানগৰৰ নালিয়াপুলস্থিত বাসগৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলী জনায়। ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি শুকুৰবাৰৰ বিয়লি জিলা প্ৰশাসনৰ বিষয়াৰ উপস্থিতিত নালিয়াপুলস্থিত বাসগৃহত ৰাজ্যিক মৰ্যাদাৰ কৰ্মসূচী সম্পাদন কৰাৰ পাছত ধৰ্মীয় ৰীতি-নীতিৰে নালিয়াপুলস্থিত কৱৰস্থানত ছাদুল্লাৰ জানাজা সম্পন্ন কৰে। কালি নালিয়াপুলস্থিত ছাদুল্লাৰ বাসগৃহত এক শোকাকুল পৰিৱেশ বিৰাজ কৰে। জনপ্ৰিয় কন্ঠশিল্পী বিপিন চাউদাঙে বিশিষ্ট সংগীতশিল্পীগৰাকীৰ বাসগৃহত উপস্থিত হৈ নশ্বৰদেহত শেষ শ্ৰদাঞ্জলী জ্ঞাপন কৰে। অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ প্ৰতি ছৈয়দ ছাদুল্লাই আগবঢ়োৱা অৱদানৰ কথা সোঁৱৰি বিপিন চাউদাঙে কয়, ছৈয়দ ছাদুল্লাৰ বৰ্ণিল সাংস্কৃতিক যাত্ৰাটোক অনুসৰণ কৰিয়েই আমি গান গাবলৈ শিকিছিলো। খবৰটো পোৱাৰ পাছতে ৰৈ থাকিব নোৱাৰিলোঁ। ২০২৫ বৰ্ষটো আমাৰ বাবে কালিকা লগা বৰ্ষৰ দৰে অনুভৱ হৈছে। আনহাতে আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ বিষয়াৰ দলো আহি ছাদুল্লাৰ নশ্বৰদেহত শ্ৰদ্ধাঞ্জলি জনাই। সেইদৰে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ ডিব্ৰুগড় জিলা সমিতিৰ বিষয়ববীয়াসকলে জনগোষ্ঠীয় ‘কৱচ’ কাপোৰ অৰ্পণ কৰি শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। অনুষ্ঠানত পৰিষদৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক ৰুবুল আলি, জিলাৰ সমিতিৰ সভাপতি ৰহিমূল হুছেইন, কাৰ্যকৰী সভাপতি নৌছাদ আলি আহমেদ, সাধাৰণ সম্পাদক ইয়াকুব আলি (ৰিকি), সহকাৰী সম্পাদক আব্দুল হাদী, সাংস্কৃতিক সম্পাদক নাজিম উদ্দিন আহমেদ, নগৰ সমিতিৰ সভাপতি ইক্ৰাম আলি, নগৰ সমিতিৰ সাধাৰণ সম্পাদক আমিৰুল হুছেইন উপস্থিত থাকে। অন্যহাতে পুৱাৰ ভাগত মন্ত্ৰী প্ৰশান্ত ফুকন উপস্থিত হৈ ছাদুল্লাৰ বাসগৃহত।মন্ত্ৰী ফুকনে বিশিষ্ট সংগীতশিল্পীগৰাকীৰ নশ্বৰদেহত জনালে শেষ শ্ৰদ্ধাঞ্জলি।আনহাতে চৈয়দ ছাদুল্লাৰ মৃত্যুত জেউতি মৰল সঙ্ঘ আৰু সুৰীয়া শিল্পী সমাজৰ সভাপতি মনোজ কুমাৰ বৰুৱাৰ লগতে ‘জন সাংস্কৃতিক সমাজ, ডিব্ৰুগড়’ -এ গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে৷
প্ৰথমবাৰলৈ ফুলি উঠিছিল কৃষ্ণচূড়াজোপা
নিজৰ সন্তানৰ দৰে ভালপোৱা কৃষ্ণচূড়াজোপা প্ৰথমবাৰলৈ ফুলি উঠিছিল। ডিব্ৰুগড়ৰ বাসগৃহৰ প্ৰৱেশদ্বাৰৰ সন্মুখতে ৰূপন কৰা কৃষ্ণচূড়াজোপা ফুলি উঠা দেখি আনন্দত আত্মহাৰা হৈ পৰিছিল প্ৰাণৰ শিল্পীগৰাকী। আজি সংবাদ মাধ্যমৰ আগত এই কথা সদৰি কৰিছে ছৈয়দ ছাদুল্লাৰ দুহিতা ফাৰজানা ছাদুল্লা আৰু সুভানা ছাদুল্লা (সৰু)ই। পিতৃ ছৈয়দ ছাদুল্লাক স্মৰণ কৰি দুই কন্যাই কয়, ঘৰৰ প্ৰৱেশদ্বাৰৰ সন্মুখৰ কৃষ্ণচূড়াজোপাক গীটাৰৰ সৈতে তুলনা কৰিছিল। ঘৰৰ ওপৰৰ ছাদত ওলমাই ৰাখিছিল গীটাৰ, হাৰমনিয়ামৰ দৰে বাদ্যযন্ত্ৰ। অনবৰত সংগীতৰ পৰিৱেশ ৰখাৰ চেষ্টা কৰিছিল। কৃষ্ণচূড়া গছজোপাৰপ্ৰতি খোব মৰম আছিল। আমালৈ গছবোৰৰ ভিডিঅ’ কৰি পঠাইছিল। প্ৰথমবাৰলৈ কৃষ্ণচূড়া গছজোপা ফুলা দেখি খুব ফুৰ্তি পাইছিল। বেলকনিত বহি গছ-গছনিবোৰৰ পৰিৱেশ উপভোগ কৰি ভাল পাইছিল। অনবৰত ঘৰখনক সেউজীয়া কৰি ৰাখিব চেষ্টা কৰিছিল। আনকি ঘৰখনৰ ৰঙো সেউজীয়া। গড়, কাজিৰঙাক লৈ দুখ কৰিছিল। আৰু সেই দুখবোৰ গানৰ জৰিয়তে প্ৰকাশ কৰিছিল। ইফালে প্ৰতি পুৱাই চুবুৰীৰ চৌপাশটো পৰিস্কাৰ কৰাটো আছিল ছৈয়দ ছাদুল্লাৰ নিতৌ কৰ্মসূচী। এই সম্পৰ্কত ছাদুল্লাৰ দুহিতাই জানিবলৈ দি কয়, পুৱা উঠিয়েই চুবুৰীৰ চৌপাশটো পৰিস্কাৰ কৰে। প্ৰতিৱেশী সকলো লোককে বিভিন্ন নাম দি মাতিছিল। পৰিৱেশটো পৰিস্কাৰকৈ ৰাখিবলৈ কৈ আহিছিল। এতিয়া দেউতা নোহোৱা হোৱাৰ পাছত প্ৰতিৱেশীসকলেও শূণ্যতা অনুভৱ অনুভৱ কৰিছে।
‘গোটেই পৃথিৱী সলালা তুমি…’- ছাদুল্লাই লিখাৰ কথা আছিল জুবিনৰ স্মৃতিত এটি গীত
জুবিনৰ মৃত্যুত শোকত ভাগি পৰিছিল ছৈয়দ ছাদুল্লা। শাৰিৰীক অসুস্থতাৰ মাজতো ছৈয়দ ছাদুল্লাই জুবিনৰ ন্যায় বিচাৰি মাত মাতিছিল। শেহতীয়াকৈ জুবিন গাৰ্গৰ স্মৃতিত এটা গান লিখাৰ পৰিকল্পনা কৰিছিল ছৈয়দ ছাদুল্লাই। কিন্তু শাৰীৰিক অসুস্থতাৰ বাবে লিখা সম্ভৱ হ’ব নহ’ল বিশিষ্ট সংগীতশিল্পীগৰাকী। ছৈয়দ ছাদুল্লাৰ আগ্ৰহক পূৰাবলৈ কলম-বহি যোগাৰ কৰি দিছিল কন্যাই। কিন্তু শৰীৰে নটনাৰ বাবে লিখাৰ সম্ভৱ হোৱা নাছিল। অৱশ্যে গীতৰ দুটি আওৰাইছিল ছাদুল্লাই। ‘গোটেই পৃথিৱী সলালা তুমি, আমাৰ মৰমৰ জুবিন’ এই কলিৰে গান লিখিব বিচাৰিছিল প্ৰসিদ্ধ সংগীতশিল্পীগৰাকী। ছাদুল্লাৰ কন্যাই জানিবলৈ দি কয়, সুস্থ হৈ অহাৰ পাছত গানটো সম্পূৰ্ণ কৰাৰ কথা আছিল।ডিব্ৰুগড়খনক তেওঁ খুব ভাল পাইছিল।বেংগালুৰুলৈ বহুবাৰ মাতি পঠিয়াইছিলো।গুৱাহাটীত থকাৰ সময়তো ডিব্ৰুগড়খনৰ কথাই কৈ আহিছিল। দেউতাৰ ইচ্ছামতেই আমি নশ্বৰদেহ ডিব্ৰুগড়লৈ নিশাই আনিলোঁ।