...

অদৃশ্যজনৰ ওপৰতে এৰি দিছিল নিজৰ ভাগ্য জেমিমা দেশৰ মহিলা ক্রিকেটৰ নতুন ৰকষ্টাৰ

Spread the love

 

 

অদৃশ্যজনৰ ওপৰতে এৰি দিছিল নিজৰ ভাগ্য, জেমিমা দেশৰ মহিলা ক্রিকেটৰ নতুন ৰকষ্টাৰ

 

 

 

দেওবাৰে হব শেষ যুদ্ধ

 

 

মুম্বাই:

ৰুদ্ধশ্বাস ছেমিফাইনেল! এনেকৈয়ে গড়া হয় নতুন ইতিহাস। সন্মুখত আছিল পর্বতসম ৰানৰ প্ৰত্যাহ্বান। মেচ জিকিবলৈ গঢ়িব লাগিব বিশ্ব ৰেকৰ্ড। অষ্ট্ৰেলিয়াৰ দৰে অপ্ৰতিৰোধ্য দলৰ বিৰুদ্ধে কোনো ঐশ্বৰিক শক্তি অবিহনে এয়া জানো সম্ভৱ! ঈশ্বৰেই আছিল জেমিমা ৰড্রিগেজৰ একমাত্র ভৰসা। আঘাতৰ বাবে দলত নাছিল দুর্দান্ত ছন্দত থকা প্রতিকা ৰাৱাল। ৫০ অ’ভাৰ ফিল্ডিং কৰি দ্বিতীয়টো অভাৰতে বেট তুলি খেলপথাৰত নামিবলগা হোৱাত জেমিমাৰ মূৰত সৰগ ভাগি পৰিছিল। কম ৰানতে নিৰ্ভৰযোগ্য সংগী স্মৃতি মান্ধানাক হেৰুৱাবলগা হোৱাত পৰিস্থিতি মুঠেই অনুকূল নাছিল ভাৰতৰ পক্ষত। বিপৰ্যয়ৰ মাজতো দৃঢ়মনা আছিল জেমিমা। হৰমনপ্রীতক সংগী হিচাপে লৈ শেষপর্যন্ত যুঁজ দিয়াৰ মানসিকতাই আনি দিলে সাফল্য। প্রতিযোগিতাৰ আৰম্ভণিৰ পৰ্যায়ত মুঠেই
ছন্দত নাছিল। বাদ পৰিবলগা হৈছিল মূল একাদশৰ পৰাও। প্রত্যাবর্তনত নতুন ইতিহাস ৰচি মুম্বাইৰ জীয়ৰীয়ে ভাৰতক দিলে ফাইনেলৰ সোৱাদ।সাধাৰণতে জেমিমা নামে পাঁচ নম্বৰত। কঠিন পৰিস্থিতিত নামিবলগা হৈছিল তিনি নম্বৰত। প্রথম বলৰ পৰা শেষ পর্যন্ত জেমিমা আছিল ধৈর্য আৰু শান্তিৰ প্রতীক। নিজৰ ওপৰত বিশ্বাস থাকিলেও এটা সময়ত ভৰসা এৰি দিছিল ঈশ্বৰৰ ওপৰত। মগজু শীতল কৰি ৰাখিবলৈ নিজৰ লগতেই কথা পাতিছিল। আওৰাইছিল বাইবেলৰ সেই বাণী- ‘প্রেইজ দা লর্ড, গড ইজ উইথ ইউ অলৱেজ’- ধৈর্য ধৰা, ঈশ্বৰ তোমাৰ সংগী হ’ব। মেচৰ অন্তত আৱেগ ধৰি ৰাখিব নোৱৰা জেমিমাই কৈছিল, প্রথমে মনোযোগ ধৰি ৰখাৰ চেষ্টা কৰিছিলো। নিজৰ লগত কথা পাতি অনুপ্রাণিত কৰাৰ চেষ্টা কৰিছিলো। শেষৰ দিশে বাইবেলৰ এটা বাণী আওৰাইছিলো। দেহত শক্তি কমি আহিছিল। উইকেটত থিয় দি থকাই প্রত্যাহ্বান হৈছিল। ঈশ্বৰেই আছিল ভাৰসা। সেয়াই শেষপর্যন্ত বাস্তৱায়িত হ’ল। বিশ্ব ৰেকৰ্ড গঢ়ি দুর্ধর্ষ অস্ট্রেলিয়াক বিদায় দিলে টীম ইণ্ডিয়াই। দেশৰ অনুৰাগীৰ বাবে জেমিমা ৰড্রিগেজ হৈ পৰিল ‘জেমি ৰকষ্টাৰ’। অকল্পনীয় বিজয়েৰে ফাইনেলত স্থান নিশ্চিত কৰিলেও মিছন সম্পূর্ণ হোৱা নাই টীম ইণ্ডিয়াৰ।দেওবাৰে হব শেষ যুদ্ধ।

Leave a Reply

Your email address will not be published. Required fields are marked *