অভিষেকৰ ৬৮: আকর্ষণীয় বলিঙেৰে মেচৰ শ্ৰেষ্ঠ হেজলউড
মেলবৰ্নত ৪ উইকেটত পৰাস্ত টীম ইণ্ডিয়া
মেলবর্ন:
নবী মুম্বাইত জেমিমা ৰড্রিগেজ-হৰমনপ্রীত কৌৰৰ বেটিং বিক্ৰমৰ সন্মুখত শক্তিশালী অষ্ট্ৰেলিয়াৰ পৰাজয় দেখিছিল ক্রিকেট বিশ্বই। দুর্দান্ত জয়েৰে ভাৰতৰ মহিলা দলটোৱে চলিত এদিনীয়া বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰাৰ ২৪ ঘণ্টা নৌহওঁতেই ১০,৭৫০ কিঃমিঃ দূৰৈৰ মেলব’ৰ্নত অষ্ট্ৰেলিয়াৰ পুৰুষ দলটোৰ বিৰুদ্ধে সহজে আত্মসমর্পণ কৰিলে শক্তিশালী টীম ইণ্ডিয়াই। ফলত দুটা দিনত অস্ট্রেলিয়াক দুবাৰকৈ পৰাস্ত কৰাৰ স্বপ্ন অপূৰ্ণ হ’ল ভাৰতৰ।কালি অনুষ্ঠিত পাঁচখনীয়া টি-২০ শৃংখলাৰ দ্বিতীয়খন মেচত ভাৰতক ৪ উইকেটত হৰুৱাই শৃংখলাত ১-০ৰ অগ্রগতি ল’লে মিচেল মার্শ্বৰ অস্ট্রেলিয়াই। কেনবেৰাত অনুষ্ঠিত শৃংখলাৰ প্রথমখন মেচ বৰষুণত পৰিত্যক্ত হোৱাৰ পিচত কালি মেলব’ৰ্নত সূর্যকুমাৰৰ টীম ইণ্ডিয়াৰ সন্মুখত
আছিল নিজকে প্রমাণ কৰাৰ পৰীক্ষা। কিন্তু সেই পৰীক্ষাত সম্পূৰ্ণৰূপে ব্যর্থ ভাৰতীয় দলটো। পিচ পৰাৰ ফলত এতিয়া শৃংখলা দখল কৰিবলৈ হ’লে বাকী থকা তিনিওখন মেচতেই জয়ী হ’ব লাগিব টীম ইণ্ডিয়া। মূলতঃ বেটিং ব্যর্থতাৰ বাবে অস্ট্রেলিয়াৰ বিৰুদ্ধে আত্মসমর্পণ কৰে ভাৰতে। প্রথমে বেটিং কৰি ভাৰতে ১৮.৪ অ’ভাৰত মাত্র ১২৫ ৰানতে ইনিংছ সামৰে। টপ অৰ্ডাৰৰ ব্যৰ্থতাৰ মাজতে স্বভাৱসুলভ বেটিঙেৰে উজলি উঠে অভিষেক শর্মা। তেওঁ ৩৭ টা বলত ৬৮ ৰানৰ বৰঙণি যোগায়। শেষৰফালে সময়োচিত বেটিঙেৰে ৩৫ ৰানৰ বৰঙণি যোগাই অভিষেকক যোগ্য সংগ দিয়াৰ লগতে ভাৰতক সন্মানজনক স্থিতিত উপনীত কৰায় হৰ্ষিত ৰাণাই। অষ্ট্ৰেলিয়াৰ জ’ই হেজলউডে আকর্ষণীয় বলিঙেৰে ১৩ ৰানত তিনিটা উইকেট দখল কৰে। তেওঁৰ উপৰি নাথান এলিছ আৰু জেভিয়াৰ বাৰ্টলেটে লাভকৰে দুটাকৈ উইকেট। প্রত্যুত্তৰত মিচেল মার্শ্বৰ ৪৬, ট্রেভিছ হেডৰ ২৮ আৰু জ’ই ইংলিছৰ ২০ ৰানৰ বৰঙণিৰে অস্ট্রেলিয়াই ১৩.২ অ’ভাৰত ৬ টা উইকেট হেৰুৱাই বিজয়ী হয়। বৰুণ চক্রৱৰ্তী, যশপ্রীত বুমৰাহ আৰু কুলদীপ যাদরে দুটাকৈ উইকেট দখল কৰে।