...

নগাঁৱৰ বটদ্ৰৱা আৰু চামগুৰিত ৰাষ্ট্ৰীয় একতা দৌৰ‌ সম্পন্ন

Spread the love

নগাঁৱৰ বটদ্ৰৱা আৰু চামগুৰিত ৰাষ্ট্ৰীয় একতা দৌৰ‌ সম্পন্ন

নগাঁও

 

 

লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্মদিনৰ লগত সংগতি ৰাখি শুকুৰবাৰে নগাঁও জিলাৰ বটদ্ৰৱাত অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় একতা দৌৰ। জিলাৰ বটদ্ৰৱা আৰক্ষী নিৱেশৰ উদ্যোগত অনুষ্ঠিত ৰাষ্ট্ৰীয় একতা দৌৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰি বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৌৰৱ জ্যোতি মহন্তই স্বাধীন ভাৰতবৰ্ষক শক্তিশালী ৰূপত গঢ় দিয়া চৰ্দাৰ বল্লভভাই পেটেলৰ অনুপ্ৰেৰণাত সমাজৰ প্ৰতিজন লোকে অখণ্ডতা ৰক্ষা কৰি দেশক অধিক শক্তিশালী কৰিবলৈ আহ্বান জনায়। এই অনুষ্ঠানটিত একতা দৌৰত অংশগ্ৰহণ কৰা সকলোৱে ৰাষ্ট্ৰীয় একতা আৰু অখণ্ডতাৰ শপত বাক্য পাঠ কৰে। একতা দৌৰৰ প্ৰাকমুহূৰ্তত বটদ্ৰৱা গাঁওৰক্ষী বাহিনীৰ থানা সমিতিৰ সভাপতি ইন্দ্ৰমোহন বৰুৱাই বন্তি প্ৰজ্বলন কৰে। অনুষ্ঠানটিত উপস্থিত থাকি বটদ্ৰৱা আৰক্ষী থানা পৰ্যায় নাগৰিক সমিতিৰ সভাপতি ভাস্কৰ জ্যোতি বৰাই সাম্প্ৰতিক সময়ত লৌহ মানৱ চৰ্দাৰ বল্লভভাই পেটেলৰ আদৰ্শ খুব প্ৰয়োজনীয় হৈ পৰিছে । সকলোৱে তেখেতৰ আদৰ্শ গ্ৰহণ কৰক বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে। ইপিনে জিলাখনৰ চামগুৰিতো অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় একতা দিৱস আৰু এই দিৱস উপলক্ষে অনুষ্ঠিত হয় একতাৰ দৌৰ। চামগুৰি আৰক্ষীৰ উদ্যোগত চামগুৰি থানাৰ পৰা সোণাৰিবালি লৈকে চামগুৰি আৰক্ষী সকলে প্ৰায় ১০কিলʼমিটাৰ দৌৰে । সকলোৱে একতা তথা একগোট হৈ মিলি থকাৰ বাৰ্তা বিয়পোৱাৰ বাবে এই একতাৰ দৌৰ অনুষ্ঠিত হয়। চামগুৰি আৰক্ষীৰ উদ্যোগত অনুষ্ঠিত হোৱা উক্ত একতাৰ দৌৰত চামগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বলোৰাম তেৰং,গাঁওৰক্ষী বাহিনী,জ্যেষ্ঠ নাগৰিক সকলৰ সৈতে স্থানীয় প্ৰায় শতাধিক লোক উপস্থিত থাকে ।

Leave a Reply

Your email address will not be published. Required fields are marked *