অইল ইণ্ডিয়া গল্ডকাপ ফুটবল টুৰ্ণামেন্টৰ চূড়ান্ত খেল
শ্বিলং লাজঙক হৰুৱাই বিজয়ী খিতাপ দখল ডায়মণ্ড হাৰ্বাৰ এফ চি, কলকতাৰ
দুলীয়াজান
অইল ইণ্ডিয়া লিমিটেডৰ উদ্যোগত সৰ্বভাৰতীয় ফুটবল ফেডাৰেচন আৰু অসম ফুটবল এচ’ছিয়েছনৰ তত্বাৱধানত দুলীয়াজান নেহেৰু ময়দানত যোৱা ২১ অক্টোবৰৰ পৰা লীগ পৰ্যায়ত চলি থকা অইল গল্ডকাপ ফুটবল টূৰ্ণামেন্টখনি সফল সামৰণি পৰে। বৃহস্পতিবাৰে অনুষ্ঠিত চূড়ান্ত খেলখনত ডায়মণ্ড হাৰ্বাৰ এফ চি, কলকতাই শ্বিলং লাজং এফ চি, মেঘালয়ক ২–০ গ’লৰ ব্যৱধানত হৰুৱাই চূড়ান্ত বিজয়ী খিতাপ দখল কৰে। উত্তেজনাপূৰ্ণ খেলখনৰ প্ৰথমাৰ্ধৰ ৮ মিনিটত ১০ নম্বৰ জাৰ্চি পৰিহিত ব্ৰাইট এন’বাখাৰে আৰু ১৮ মিনিটত ২২ নম্বৰ জাৰ্চি পৰিহিত জবি জাষ্টিনে একোটিকৈ গ’ল স্ক’ৰ কৰে । টুৰ্ণামেন্টৰ শ্ৰেষ্ঠ গ’লকীপাৰ খিতাপ দখল কৰে অইল ইণ্ডিয়া এফ চিৰ ৩১ নম্বৰ জাৰ্চি পৰিহিত অবিনাশ মেচ, শ্ৰেষ্ঠ ডিফেণ্ডাৰ ডায়মণ্ড হাৰ্বাৰ, এফ চিৰ ২৩ নম্বৰ জাৰ্চি পৰিহিত মেলৰয় মেলৱিন আছিছি, শ্ৰেষ্ঠ লিংকমেন শ্বিলং লাজং, মেঘালয়ৰ ৭ নম্বৰ জাৰ্চি পৰিহিত ফিগ’ চিণ্ডেই, চূড়ান্ত খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈ ডায়মণ্ড হাৰ্বাৰ এফ চিৰ ব্ৰাইট এন’বাখাৰে, টুৰ্ণামেন্টৰ শ্ৰেষ্ঠ খেলুৱৈ ডায়মণ্ড হাৰ্বাৰ এফ চিৰ জবি জাষ্টিন । টুৰ্ণামেন্টৰ বিজয়ী দলটোক নগদ পাঁচলাখ টকা সহ ট্ৰফী আৰু ৰাৰ্ণাচ আপ দলটোক নগদ আঢ়ৈ লাখ টকা সহ ট্ৰফী প্ৰদান কৰে। আনহাতে টূৰ্ণামেন্টৰ শ্ৰেষ্ঠ গ’লকীপাৰ, শ্ৰেষ্ঠ লিংকমেন, শ্ৰেষ্ঠ ডিফেণ্ডাৰ আৰু
চূড়ান্ত খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈজনে লাভ কৰিছে গাইপতি দহ হাজাৰ টকা সহ ট্ৰফী আৰু টূৰ্ণামেন্টৰ শ্ৰেষ্ঠ খেলুৱৈ জনে লাভ কৰিছে নগদ পঁচিশ হাজাৰ টকা সহ ট্ৰফী । টুৰ্ণামেন্টৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ, দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা, অইলৰ অন্বেষণ আৰু উন্নয়ণ বিভাগৰ সঞ্চালক চাল’মা য়মড’, সঞ্চালক (অপাৰেচনচ) ত্ৰৈলোক্য বৰগোঁহাই, মানৱ সম্পদ বিভাগৰ সঞ্চালক ডঃ অংকুৰ বৰুৱা, অইল আৰ চি ই ৰূপজ্যোতি ফুকন, নৱনিযুক্ত আৰ চি ই বিনায়নন্দ ভৰালী, কাৰ্যবাহী সঞ্চালক মাধুৰ্য বৰুৱা, এ এফ এ সাধাৰণ সম্পাদক ডঃ চাংৰাং ব্ৰক্ষ্ম, ইষ্ট বেংগল এফ চিৰ প্ৰতিষ্ঠাপক কেপ্তেইন চুলেই মুচাহ, অসম স্প’ৰ্টচ জাৰ্ণেলিষ্ট এচ’চিয়েচনৰ সভাপতি সুবোধ মল্ল বৰুৱা ।
