নগাঁও বিশ্ববিদ্যালয়ত আন্তঃ বিশ্ববিদ্যালয় মহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতাখনি সম্পন্ন
নগাঁও,
নগাঁও বিশ্ববিদ্যালয়ত বৃহস্পতিবাৰে “পৰম্পৰাগত আৰু লোকজ্ঞান চৰ্চাই নৱ প্ৰজন্মক অধিক সমৃদ্ধ কৰিব” শীৰ্ষক আন্তঃ বিশ্ববিদ্যালয়/মহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতাখনি অনুষ্ঠিত হৈ যায়। এই উপলক্ষে শ্বহীদ অনিল বৰা প্ৰেক্ষাগৃহত আয়োজিত কাৰ্যসূচী অনুসৰি পুৱা ৯ঃ৩০ বজাত শ্বহীদ অনিল বৰাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণেৰে উদ্বোধন কৰে শ্বহীদ অনিল বৰাৰ ভাতৃ অপূৰ্ব বৰাই । নগাঁও বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ বিভাগৰ ডীন ডঃ লক্ষ্য বৰঠাকুৰে আঁত ধৰা তৰ্ক প্ৰতিযোগিতাখনিত অধ্যক্ষ হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট শিক্ষাবিদ গিৰীন্দ্ৰ কুমাৰ বৰুৱাই আৰু বিচাৰক হিচাপে অংশগ্ৰহণ কৰে এসময়ৰ অসমৰ বিশিষ্ট তাৰ্কিক ক্ৰমে দিগন্ত বিশ্ব শৰ্মা,বেদান্ত শৰ্মা আৰু চন্দ্ৰজিৎ শইকীয়াই। বিশিষ্ট চিন্তাবিদ দিগন্ত বিশ্ব শৰ্মাই প্ৰতিযোগীসকলক উদ্দেশ্যি তৰ্ক প্ৰতিযোগিতাৰ কৌশল সম্পৰ্কে অৱগত কৰে। লগতে তৰ্ক প্ৰতিযোগিতা পাঠ পঢ়া নহয় সমান্তৰালভাৱে তৰ্ক প্ৰতিযোগিতা স্মৃতি শক্তিৰ পৰীক্ষাও নহয় বুলি কৈ পুংখানুপংখভাৱে উল্লেখ কৰে। এই প্ৰতিযোগিতাখনিত অসমৰ বিভিন্ন বিশ্ববিদ্যালয়/মহাবিদ্যালয়ৰ ২৫টা দল আৰু ৪জন প্ৰতিযোগীয়ে এককভাৱে অংশগ্ৰহণ কৰে। এই প্ৰতিযোগিতাত এককভাৱে প্ৰথম শ্ৰেষ্ঠ তাৰ্কিকৰ পুৰস্কাৰ লাভ কৰে বি বৰুৱা মহাবিদ্যালয়ৰ অংকিতা ছেত্ৰীয়ে, দ্বিতীয় শ্ৰেষ্ঠ তাৰ্কিকৰ পুৰস্কাৰ লাভ কৰে বিৰিঞ্চি কুমাৰ বৰুৱাৰ মহাবিদ্যালয়ৰ জ্যোতিকা কলিতাই আৰু আৰু তৃতীয় শ্ৰেষ্ঠ তাৰ্কিকৰ বঁটা লাভ কৰে জে.বি. আইন মহাবিদ্যালয়ৰ আগষ্ঠ্য কাশ্যপে। প্ৰথম শ্ৰেষ্ঠ বিজয়ীক নগদ ধন ১০ হাজাৰ টকা,এটি স্মাৰক,ট্ৰফী আৰু মানপত্ৰ,দ্বিতীয় শ্ৰেষ্ঠ বিজয়ীক নগদ ৮হাজাৰ টকা,স্মাৰক,ট্ৰফী আৰু মানপত্ৰ তথা তৃতীয় শ্ৰেষ্ঠ বিজয়ীক নগদ ৬হাজাৰ টকা,এটি স্মাৰক,ট্ৰফী আৰু মানপত্ৰৰে পুৰস্কৃত কৰা হয়। দলীয় শাখাত শ্ৰেষ্ঠ দলৰ বঁটা লাভ কৰে কটন মহাবিদ্যালয়ে। এই বঁটাত আছে নগদ ২৫হাজাৰ টকা,মানপত্ৰ, স্মাৰক আৰু ট্ৰফী। দ্বিতীয় শ্ৰেষ্ঠ দলৰ বঁটা লাভ কৰে তেজপুৰ বিশ্ববিদ্যালয়ে। এই বঁটাত আছে নগদ ২০হাজাৰ টকা,মান পত্ৰ,স্মাৰক আৰু ট্ৰফী ।
