কাৰ্বি পৰিষদৰ মাটিৰ পট্টা বিতৰণ
৮৪২৯ গৰাকী জনজাতীয় গঞাক মাটিৰ পট্টা বিতৰণ
বোকাজান
কাৰ্বি আংলঙ জিলাৰ ১২ নং ফুলনি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত চেণ্টাৰ বজাৰৰ ডেংকিমৌ আপাম’ত কাৰ্বি আংলঙ স্বায়ত শাসিত পৰিষদৰ উদ্যোগত আৰু কাৰ্বি পৰিষদৰ ফুলনি ৰাজহ চক্ৰ বিভাগৰ তৰফৰ পৰা কাৰ্বি আংলঙ জিলাৰ ফুলনি আৰু হাওৰাঘাট পৰিষদীয় সমষ্টিত বসবাস কৰা ৮৪২৯ গৰাকী জনজাতীয় গঞা ৰাইজৰ মাজত মাটিৰ পট্টা বিতৰণ কৰা হয় ।
উক্ত অনুষ্ঠানত মূখ্য অতিথি হিচাবে উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত শাসিত পৰিষদৰ মূখ্য কাৰ্য্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাং, আনহাতে আমন্ত্রিত অতিথি হিচাবে উপস্থিত থাকে ক্ৰমে কাৰ্বি আংলং স্বায়ত শাসিত পৰিষদৰ অধ্যক্ষ ৰাজু তিছু, সাংসদ অমৰ ছিং তিছ’, হাওৰাঘাট বিধান সভা সমষ্টিৰ বিধায়ক দৰছিং ৰংহাং, ডিফু লোক সভা সমষ্টিৰ প্ৰাক্তন সাংসদ হৰেণছিং বে’ৰ প্ৰমূ্খে পৰিষদৰ সদস্য ও ৰাজহ বিভাগৰ বিষয়া সকল উপস্থিত থাকে।
