ডিব্ৰুগড়ত ভয়ংকৰ পথ দুৰ্ঘটনা
নিহত দুই যুৱক, আহত আন দুজন
চাইন অন ডেস্ক,২২অক্টোবৰঃ


সুৰ্তিৰাজ গোহাঁই (২১) আৰু অমিতাভ ফুকন (২২) বৰ্তমান চিকিৎসাধীন হৈ আছে। ইফালে, দুৰ্ঘটনাৰ খবৰ লাভ কৰি ডিব্ৰুগড় আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহনখন জব্দ কৰি থানালৈ লৈ যায়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্তৰ লগতে পৰৱৰ্তী আইনগত ব্যৱস্থা গ্ৰহণ কৰিছে। আনহাতে, কুমাৰণীছিগাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এই অংশত পথৰ কাষত থকা সাংকেতিক চিহ্নসমূহ এজোপা গছৰ আঁৰত ঢাক খাই থকাৰ বিষয়টোৱেও বিশেষ চৰ্চা লাভ কৰিছে। সাংকেতিক চিহ্নসমূহ স্পষ্টকৈ দেখা নোপোৱাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হ’বলৈ সুবিধা হ’ল নেকি, সেই সন্দৰ্ভতো প্ৰশ্ন উত্থাপন হৈছে। অৱশ্যে, সাংকেতিক চিহ্নৰ অৱস্থাৰ সৈতে দুৰ্ঘটনাটোৰ প্ৰকৃত সম্পৰ্ক তদন্তৰ জৰিয়তেহে নিশ্চিত হ’ব। কাহিলী পুৱাতে সংঘটিত এই শোকাৱহ দুৰ্ঘটনাই দুটা পৰিয়াললৈ গভীৰ শোক কঢ়িয়াই অনাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথত যান-বাহন চলাচলৰ সুৰক্ষা আৰু পথৰ কাষত থকা সাংকেতিক চিহ্নসমূহৰ দৃশ্যমানতা নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাক পুনৰ এবাৰ উন্মোচিত কৰিছে।