...

বিশিষ্ট সংগীতজ্ঞ চৈয়দ ছাদুল্লাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ আলফা(স্বাধীন)ৰ

Spread the love

 

 

 

বিশিষ্ট সংগীতজ্ঞ চৈয়দ ছাদুল্লাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ আলফা(স্বাধীন)ৰ

 

অসমৰ সাংস্কৃতিক জগতৰ লগতে সমাজ জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি:আলফা(স্বা)

 

চাইন অন ডেস্ক:

অসমৰ সাংস্কৃতিক জগতলৈ অনবৈদ্য অৱদান আগবঢ়োৱা মাধ্যম সমূহৰ ভিতৰত অনাতাঁৰ কেন্দ্ৰ সমূহৰ ভূমিকা অন্যতম। ডিব্ৰুগড় অনাতাঁৰ কেন্দ্রও তেনে এটি উল্লেখযোগ্য কেন্দ্ৰ যাৰ যোগেদি অসমৰ ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক ক্ষেত্ৰখনৰ পৰা বিভিন্ন পৰ্যায়ৰ বা-বাতৰি সম্প্ৰচাৰ কৰি জনপ্ৰিয়তাৰ শিখৰত আৰোহন কৰিবলৈ সক্ষম হৈছে। সেই ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ প্ৰথমগৰাকী বাতৰি পৰিবেশক তথা বিভিন্ন অনুষ্ঠানৰ উপস্থাপক আছিল চৈয়দ ছাদুল্লা। তেখেত একেধাৰে এগৰাকী গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী হোৱাৰ উপৰিও এগৰাকী নাট্যকাৰ, কবি, লেখক তথা সমাজ সংগঠক হিচাপেও পৰিচিত। এইগৰাকী স্ব-মহিমামণ্ডিত সাংস্কৃতিক-সমাজকর্মী উচ্চ ৰক্তচাপ জনিত ৰোগত আক্রান্ত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত যোৱা ইংৰাজী ৩০ অক্টোবৰৰ পুৱা প্ৰায় ১০:৩০ বজাত ইহসংসাৰ ত্যাগ কৰে। তেখেতৰ অকাল বিয়োগ অসমৰ সাংস্কৃতিক জগতৰ লগতে সমাজ জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি।

এইগৰাকী বৰেণ্য সাংস্কৃতিক পুৰোধাৰ পৰলোক গমনত “সংযুক্ত মুক্তি বাহিনী, অসম [স্বাধীন]” সংগঠনে গভীৰ শোক প্রকাশ কৰাৰ লগতে মৃতকৰ আত্মাৰ সদগতি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ অতল সমবেদনা জ্ঞাপন কৰিলোঁ। অসমৰ সংগীত আৰু সামাজিক ক্ষেত্রখনলৈ তেখেতে আগবঢ়াই যোৱা অৱদান চিৰযুগমীয়া হৈ ৰওক।

Leave a Reply

Your email address will not be published. Required fields are marked *