ইষ্ট ছিয়াং জিলাত আজি পুৱা ৫ বজাৰ পৰা ১২ ঘণ্টীয়া জিলা বন্ধ পাল
জিলাখনৰ ৮টা জাতীয় সংগঠনৰ
শিক্ষক বদলি আৰু জিলাখনৰ শিক্ষা ব্যৱস্থাক কেন্দ্ৰ কৰি বহু দাবী
চাইন অন ডেস্ক,৭অক্টোবৰ:
অৰুণাচল প্ৰদেশৰ ইষ্ট ছিয়াং জিলাত আজি পুৱা ৫ বজাৰ পৰা ১২ ঘণ্টীয়া জিলা বন্ধ পালন কৰিছে জিলাখনৰ ৮টা জাতীয় সংগঠনে। শিক্ষক বদলি আৰু জিলাখনৰ শিক্ষা ব্যৱস্থাক কেন্দ্ৰ কৰি উত্থাপন কৰা কেইবাটাও দাবীৰ সমৰ্থনত সংগঠনসমূহে এই বন্ধৰ আহ্বান জনাইছে।
বন্ধৰ ফলত ইষ্ট ছিয়াং জিলাৰ লগতে সীমান্তৱৰ্তী অসমৰ বিভিন্ন অঞ্চলতো ব্যাপক প্ৰভাৱ পৰিছে। দূৰ-দূৰণিৰ পৰা অহা বিভিন্ন যান-বাহনৰ চলাচল ব্যাহত হোৱাৰ লগতে ব্যৱসায়-বাণিজ্যতো প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে।
উল্লেখ্য যে, পূব ছিয়াং জিলাৰ পৰা ৬৩গৰাকী শিক্ষকৰ বদলি তাৎক্ষণিকভাৱে বাতিল কৰা, আন্তঃজিলা শিক্ষক যুক্তিসংগতকৰণৰ বাবে পৰ্যাপ্ত সময় প্ৰদান কৰা, খালী হৈ থকা ৫৯টা শিক্ষক পদ তাৎক্ষণিকভাৱে পূৰণ কৰা, JIGCHSS-Pasighat, DEMCHSS-Pasighat আৰু GHSS-Mebo-ত অনুমোদিত পদ বৃদ্ধি কৰা আদি দাবী উত্থাপন কৰিছে সংগঠনসমূহে।
ইয়াৰ উপৰিও, পূব ছিয়াং জিলাক লক্ষ্য কৰি বদলিৰ ব্যৱস্থা বন্ধ কৰা আৰু জিলাখনৰ শিক্ষা ব্যৱস্থাক ধ্বংসৰ দিশলৈ নিবলৈ দিয়া নহ’ব বুলিও দাবী জনাইছে সংগঠনকেইটাই।
ইফালে যদিহে অৰুণাচল চৰকাৰে তেওঁলোকৰ দাবীসমূহ মানি নলয় তেন্তে পৰৱৰ্তী সময়ত সৰ্বাত্মক বন্ধৰ লগতে অধিক তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ’ব বুলি চৰকাৰক সকীয়াই দিছে সংগঠনটোৰ নেতা কৰ্মীসকলে।