‘সেৱা সংকল্প অভিযান’
ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত স্বাস্থ্য আৰু কল্যাণ শিবিৰ অনুষ্ঠিত
চাইন অন ডেস্ক,৭অক্টোবৰ:
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ২৫ বছৰীয়া জনসেৱাৰ উপলক্ষে ‘সেৱা সংকল্প অভিযান’ৰ অধীনত আজি ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত জ্যোতি কলহ যাত্ৰা কাৰ্যসূচীৰ সৈতে এক স্বাস্থ্য আৰু কল্যাণ শিবিৰ অনুষ্ঠিত হয়।
অসম চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল, ডিব্ৰুগড়ৰ বিশেষজ্ঞ চিকিৎসকসকলে শিবিৰত সেৱা আগবঢ়ায়। মেডিচিন, স্ত্ৰীৰোগ, শিশুৰোগ, নাক-কাণ-ডিঙি, চকু, ছালৰ ৰোগ, হাড়ৰ ৰোগ আদি বিভাগৰ চিকিৎসকে ৰোগী চাই পৰামৰ্শ প্ৰদান কৰে।
শিবিৰত সাধাৰণ স্বাস্থ্য পৰীক্ষা, পুষ্টি পৰামৰ্শ, অসংক্ৰামক ৰোগৰ স্ক্ৰীনিং, কেন্সাৰ স্ক্ৰীনিং,দিব্যাংগ প্ৰমাণ পত্ৰ আদি
সেৱা প্ৰদান কৰা হয়।ইয়াৰ লগতে জননী সুৰক্ষা যোজনা, জননী শিশু সুৰক্ষা কাৰ্যক্ৰম, মজুৰি ক্ষতিপূৰণ, স্নেহ স্পৰ্শ ইত্যাদি স্বাস্থ্য বিভাগৰ আঁচনিসমূহৰ সুবিধাসমূহল বিষয়ে ৰাইজক অৱগত কৰা হয়।শতাধিক লোকে এই স্বাস্থ্য আৰু কল্যাণ শিবিৰত স্বাস্থ্য পৰীক্ষাৰ
বাবে আহি স্বাস্থ্য সেৱাসমূহ গ্ৰহণ কৰে আৰু এই পদক্ষেপৰ বাবে সন্তুষ্টি প্ৰকাশ কৰে।
উল্লেখযোগ্য যে,
সেৱা সংকল্প অভিযানৰ অধীনত আগন্তুক দিনসমূহতো জিলাখনৰ বিভিন্ন প্ৰান্তত শিবিৰসমূহ অনুষ্ঠিত হ’ব। সেইমৰ্মে ৮ অক্টোবৰত
ৰাজগড় ৰাজহুৱা প্ৰেক্ষাগৃহত, খোৱাঙৰ তিলৈ গ্ৰাম্য বজাৰ কমিউনিটি হলত আৰু লাহোৱাল গাওঁ পঞ্চায়ত কাৰ্যালয়ৰ সমীপৰ প্ৰেক্ষাগৃহত, ৯ অক্টোবৰত চাবুৱাৰ বেতমালা কমিউনিটি হলত, ১০
অক্টোবৰত দুলীয়াজান বিহুতলীত আৰু ১২ অক্টোবৰত ডিব্ৰুগড় পৌৰ নিগমৰ বহুমুখী ভৱনত এই স্বাস্থ্য আৰু কল্যাণ শিবিৰসমূহ অনুষ্ঠিত হ’ব।
সেয়েহে, ডিব্ৰুগড় জিলাৰ স্বাস্থ্য বিভাগে সকলো নাগৰিককে সেৱা সংকল্প অভিযানৰ অধীনত অনুষ্ঠিত এই শিবিৰসমূহত উপস্থিত হৈ বিনামূলীয়া স্বাস্থ্য সেৱাৰ লগতে অনলাইন সেৱাৰ সুবিধাসমূহ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে।