নগাঁৱৰ ধিঙত নাৰ্কো সমন্বয় কেন্দ্ৰ সমিতিৰ গুৰুত্বপূৰ্ণ মাহেকীয়া তথা সজাগতামূলক সভা
নগাঁৱৰ পৰা ঋতুপৰ্ণ শৰ্মাঃ নগাঁও জিলাখনক ড্ৰাগছ মুক্ত কৰা আৰু ভিন্ন মাদক দ্ৰব্যৰ সেৱনৰ কুপ্ৰভাৱৰ পৰা জনসাধাৰণক বিৰত ৰখাৰ স্বাৰ্থত ধিঙত নাৰ্কো সমন্বয় কেন্দ্ৰ (NCORD) সমিতিৰ এখন গুৰুত্বপূৰ্ণ মাহেকীয়া তথা সজাগতামূলক সভা অনুষ্ঠিত হয়। এই উপলক্ষে ধিং কে.বি. উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজিত অনুষ্ঠানৰ আৰম্ভণিতে ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে ভাৰতৰ লৌহ পুৰুষ চৰ্দাৰ বল্লভভাই পেটেলৰ পবিত্ৰ জয়ন্তীত তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়।
জিলা আয়ুক্ত দেৱাশীষ শৰ্মা আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই এই শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীত অংশগ্ৰহণ কৰে। কলিয়াবৰ সমজিলাৰ সম আৰক্ষী অধীক্ষক বিতুল চেতিয়াই আঁত ধৰা উক্ত অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়াই জিলাৰ আৰক্ষী জ্যেষ্ঠ অধীক্ষক স্বপ্ননীল ডেকাই। ডেকাই নিজৰ ভাষণত ড্ৰাগছ মুক্ত সমাজ গঢ়াৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু বিশেষকৈ যুৱ প্ৰজন্মক ইয়াৰ কুপ্ৰভাৱৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়। সভাত ডি.এম.ডি.অ’ জুৱেৰুল আমিনে ভাষণত প্ৰসংগত এইচ্.আই.ভি. সংক্ৰমণৰ বিভিন্ন মাধ্যম,যেনে—অসুৰক্ষিত যৌন সম্পৰ্ক,এইচ্.আই.ভি. সংক্ৰমিত বেজী আৰু চিৰিঞ্জৰ ব্যৱহাৰ,আক্রান্ত মাতৃৰ পৰা কেঁচুৱালৈ সংক্ৰমণ আৰু এইচ্.আই.ভি. সংক্ৰমিত তেজৰ সঞ্চালন আদি বিষয়সমূহৰ ওপৰত বিশদভাৱে বক্তব্য দাঙি ধৰে। তেখেতে নগাঁও জিলাখনক এখন ‘এইচ্.আই.ভি. মুক্ত’ জিলা হিচাপে গঢ়ি তুলিবলৈ সকলোৰে সহযোগিতা কামনা কৰে।
জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই ভাষণত ছাত্ৰ-ছাত্ৰী আৰু আৰক্ষী প্ৰশাসনৰ মাজত এক সুন্দৰ সম্পৰ্ক গঢ়ি তোলাৰ ওপৰত গুৰুত্ব দিয়ে। তেখেতে আইন মানি চলাৰ লগতে ড্ৰাগছ মুক্ত সমাজ গঢ়াৰ বাবে বিভিন্ন সামাজিক কাৰ্যকলাপত অংশগ্ৰহণ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰে । সভাৰ সামৰণিতে এক সুন্দৰ পৰিৱেশত জিলা আয়ুক্ত,আৰক্ষী অধীক্ষক প্ৰমুখ্যে প্ৰশাসনিক বিষয়াসকল আৰু ছাত্ৰ-ছাত্ৰীসকলে একেলগে সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ কালজয়ী গীত “মানুহে মানুহৰ বাবে” পৰিৱেশন কৰি মানৱতা আৰু একতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰে।
আজিৰ এই গুৰুত্বপূৰ্ণ সভাখনত অতিৰিক্ত জিলা আয়ুক্ত (স্বাস্থ্য) সুদীপ নাথ,অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) জয়ন্ত বৰুৱা, জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ তপন কুমাৰ শইকীয়া,নগাঁও বিদ্যালয় সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথ,ৰহা সমজিলাৰ উপ আৰক্ষী অধীক্ষক সোণমণি শইকীয়া, জিলা শিশু সুৰক্ষা বিষয়া অঞ্জলি আৰিয়া প্ৰমুখ্যে জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন,স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়া,বিদ্যালয়খনৰ প্ৰধান শিক্ষক-শিক্ষয়িত্ৰী আৰু বহুসংখ্যক শিক্ষাৰ্থী উপস্থিত থাকে ।