চৰাইবাহীৰ ১৬৮ বছৰীয়া ঐতিহাসিক ত্ৰি-বাৰ্ষিক “কমিটি ভাওনা” আৰম্ভ
#মহাপুৰুষ গুৰুজনাৰ সৃষ্টি অংকীয়া ভাওনাৰ জৰিয়তে একতা আৰু সংহতিৰ বাৰ্তা কঢ়িয়াই আনিছে চৰাইবাহীৰ কমিটি ভাওনাই -মুখ্যমন্ত্ৰী শৰ্মা
চৰাইবাহী কমিটি ভাওনা স্থলীৰ পৰা ঋতু পৰ্ণ শৰ্মাঃ “মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অমৰ সৃষ্টি অংকীয়া ভাওনাৰ জৰিয়তে একতা আৰু সংহতিৰ বাৰ্তা কঢ়িয়াই আনিছে নগাঁও -মৰিগাঁও জিলাৰ সীমামূৰীয়া চৰাইবাহীৰ কমিটি ভাওনাই ৷” বৃহত্তৰ চৰাইবাহী অঞ্চলত জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে ১৮৫৮ চনৰ পৰা অনুষ্ঠিত হৈ অহা ১৬৮বছৰ গৰকা ঐতিহাসিক ত্ৰি-বাৰ্ষিক কমিটি ভাওনাৰ সাংস্কৃতিক প্ৰকল্প নাথ মন্দিৰত শনিবাৰে অনুষ্ঠিত মুকলি সভাত উপস্থিত থাকি এই মন্তব্য কৰে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই৷ মহাপুৰুষ গুৰুত্ব জনাই সাংস্কৃতিক মাধ্যমেৰে অসমীয়া সমাজখনক সুসংগঠিত কৰিছিল৷ অংকীয়া নাট ধৰ্মৰ জৰিয়তে অসমীয়া সমাজত একশৰণ ভক্তি ধৰ্ম প্ৰচাৰ কৰিছিল৷
এই অংকীয়া নাটৰ জৰিয়তে চৰাইবাহীবাসীয়ে জাতি-বৰ্ণ-ধৰ্ম সমন্বিতে একতাৰ দোলেৰে বান্ধ খাই প্ৰতি তিনি বছৰৰ অন্তৰে অন্তৰে ৰাস পূৰ্ণিমাত অঞ্চলটোৰ তিনি স্থানত একে নিশাতে ২৪ খনকৈ অংকীয়া ভাওনা প্ৰদৰ্শন কৰি গুৰু জনাৰ আদৰ্শক জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে বুলি শৰ্মাই লগতে মন্তব্য কৰে৷ আনহাতে সাংস্কৃতিক প্ৰকল্প নাথ মন্দিৰত এটি প্ৰকল্প নিৰ্মাণৰ বাবেও আশ্বাস প্ৰদান কৰে৷ সাংস্কৃতিক প্ৰকল্প নাথ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি লোকনাথ নাথৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত অসম চৰকাৰৰ জনসংযোগ মন্ত্ৰী পীয়ুষ হাজৰিকা, মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী আৰু মৰিগাঁও জিলা আয়ুক্ত অনামিকা তিৱাৰী উপস্থিত থাকে ৷
আনহাতে এই সভাতে সাংস্কৃতিক প্ৰকল্প নাথ মন্দিৰৰ ঐতিহাসিক ত্ৰি বাৰ্ষিক কমিটি ভাওনা উৎসৱ উদযাপন সমিতিৰ স্মৃতিগ্ৰন্থ উপসমিতিৰ সম্পাদক নিৰঞ্জন নাথৰ সম্পাদনাত প্ৰকাশিত “কৰণি” আনুষ্ঠানিক ভাৱে উন্মোচন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ উল্লেখ যে ঐতিহাসিক ত্ৰি-বাৰ্ষিক কমিটি ভাওনাৰ লগত সংগতি ৰাখি পুৱা ৫৬খন পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভ কৰে সাংস্কৃতিক প্ৰকল্প নাথ মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি লোকনাথ নাথৰ লগতে অঞ্চলটোৰ বিশিষ্ট ব্যক্তি আৰু ১৫টাকৈ খেলৰ সভাপতি-সম্পাদকে। স্মৃতি তৰ্পণ আৰু আবেলি অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গক স্মৰণ কৰি এক হাজাৰ গৰাকী মহিলাৰ দ্বাৰা দিহা নাম পৰিৱেশন কৰা হয় ৷