ধুবুৰী জিলাৰ দফৰপুৰ ছিফ নামৰ ইটা ভাটাত সংঘটিত হোৱা বিভিন্ন অনিয়মৰ তদন্তৰ দাবীত আজি গোলকগঞ্জ সম জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত জাতীয় যুৱ বাহিনী গৌৰিপুৰ সমষ্টি সমিতিয়ে শান্তিপূৰ্ণ অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। আজি পুৱাৰে পৰা আৰম্ভ হোৱা অৱস্থান ধৰ্মঘটত সংগঠনটোৰ কেইবাজনো কৰ্মী উপস্থিত থাকে। প্ৰতিবাদকাৰীসকলে দফৰপুৰৰ ছিফ নামৰ ইটা ভাটাত কৃষিভূমিৰ মাটি ব্যৱহাৰ, শিশু শ্ৰমিক নিয়োগ, আবাসিক অঞ্চলত ইটা ভাটা নিৰ্মাণ, শব্দ আৰু বায়ু প্ৰদূষণ আদি বিভিন্ন অনিয়ম চলি থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে।অৱস্থান ধৰ্মঘটস্থলীত প্ৰতিবাদকাৰীসকলে “অবৈধ ইটা ভাটা বন্ধ কৰক”, “উদ্যোগৰ নামত কৃষি ভূমি বিনষ্ট কৰিবলৈ দিয়া নহব”, “ইটা ভাটা মালিকৰ গুণ্ডাগিৰি নচলিব”, “We Want Justice” আদি বিভিন্ন শ্ল’গান দি সমগ্ৰ অঞ্চল উত্তাল কৰি তোলে।ইটা ভাটাৰ পৰা ওলোৱা ধোঁৱা আৰু শব্দৰ ফলত স্থানীয় ৰাইজৰ স্বাস্থ্যৰ অৱনতি ঘটিছে। আনকি ভাটাত নাবালক শিশুকো কামত নিয়োগ কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰে। প্ৰতিবাদৰ অন্তত জাতীয় যুৱ বাহিনীৰ এটা প্ৰতিনিধি দলে গোলকগঞ্জ সম জিলা আয়ুক্তৰ জৰিয়তে ধুবুৰী জিলা আয়ুক্তলৈ এখন স্মাৰক-পত্ৰ প্ৰদান কৰে।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.
Notify me of follow-up comments by email.
Notify me of new posts by email.