...

ডিব্ৰুগড়ত ধাৰাসাৰ বৰষুণ আৰু প্ৰচণ্ড বতাহৰ মাজতো ছট ব্ৰতীৰ অটুট আস্থা

ডিব্ৰুগড়ত ধাৰাসাৰ বৰষুণ আৰু প্ৰচণ্ড বতাহৰ মাজতো ছট ব্ৰতীৰ অটুট আস্থা

অৰ্ঘ্যৰ সময়ত বতৰ পৰিষ্কাৰ, উদীয়মান সূৰ্যক অৰ্ঘ্য দি ব্ৰত ভংগ

চাইন অন ডেস্ক,১৬নৱেম্বৰ:

লোকআস্থাৰ মহাপৰ্ব ছট পূজাৰ অন্তিম দিনা সোমবাৰে ডিব্ৰুগড়ত ধাৰাসাৰ বৰষুণ আৰু প্ৰচণ্ড বতাহৰ মাজতো ছট ব্ৰতীসকলৰ আস্থা অটুট থাকিল। মাজনিশাৰ পাছত হঠাৎ বতৰৰ পৰিৱৰ্তন ঘটি মূষলধাৰ বৰষুণ আৰম্ভ হোৱাত ছট ঘাটলৈ অহা ভক্তসকলৰ মাজত কিছু উদ্বেগ সৃষ্টি হয়। তথাপিও ব্ৰতী মহিলা-পুৰুষ আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকলে মূৰত ডাউৰা লৈ ঘাটত উপস্থিত হয়।
৩৬ ঘণ্টীয়া নিৰ্জলা উপবাসৰ পাছত ব্ৰতীসকলে উদীয়মান সূৰ্যক অৰ্ঘ্য আগবঢ়াবলৈ বৰষুণৰ মাজতে ঘাটত অপেক্ষা কৰে। ব্ৰতী জ্যোতি পাণ্ডেয়ে কয়, “বৰষুণ আৰু প্ৰচণ্ড বতাহৰ বাবে কিছু চিন্তা হৈছিল যদিও ছটী মাইয়াৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছিল। অৰ্ঘ্যৰ সময়ত বৰষুণ বন্ধ হোৱাত এনে লাগিল যেন আমাৰ প্ৰাৰ্থনা গ্ৰহণ কৰিলে।”
আন এগৰাকী ব্ৰতীয়ে কয়, “বতৰ যেনেকুৱাই নহওক কিয়, সূৰ্যদেৱক অৰ্ঘ্য দি ব্ৰত সম্পূৰ্ণ কৰাটো আমাৰ সংকল্প আছিল। পুৱা বতৰ পৰিষ্কাৰ হৈ সূৰ্যদেৱৰ দৰ্শন পোৱাৰ পাছত সকলো কষ্ট পাহৰি গ’লোঁ।”
অৰ্ঘ্যৰ সময়ত হঠাতে বৰষুণ বন্ধ হৈ আকাশো পৰিষ্কাৰ হ’বলৈ ধৰে। ভক্তসকলে পানীত থিয় হৈ বিধি-বিধান অনুসৰি উদীয়মান সূৰ্যদেৱক অৰ্ঘ্য আগবঢ়ায়। এই সময়ছোৱাত ছট ঘাটসমূহ ছটী মাইয়াৰ জয়ধ্বনি আৰু ছট গীতেৰে মুখৰিত হৈ পৰে।
পুৱা অৰ্ঘ্য আগবঢ়োৱাৰ পাছত ব্ৰতীসকলে ৩৬ ঘণ্টীয়া নিৰ্জলা উপবাসৰ পাৰণ কৰে। উল্লেখযোগ্য যে ভক্তসকলে ঘাটৰ পৰা ঘৰলৈ উভতি যোৱাৰ পাছত চহৰৰ কেইবাটাও অঞ্চলত পুনৰ বৰষুণ আৰম্ভ হয়।
ভক্তসকলে সময়মতে বতৰ পৰিষ্কাৰ হোৱা ঘটনাক ছটী মাইয়া আৰু সূৰ্যদেৱৰ আশীৰ্বাদ বুলি গণ্য কৰি আনন্দৰে ঘৰলৈ উভতি যায়। ডিব্ৰুগড়ৰ ছট ঘাটত ধাৰাসাৰ বৰষুণ আৰু প্ৰচণ্ড বতাহৰ মাজতো ব্ৰতীসকলে প্ৰদৰ্শন কৰা এই অটুট আস্থাই লোকবিশ্বাস আৰু ভক্তিৰ এক অনন্য নিদৰ্শন দাঙি ধৰিলে।

Leave a Reply

Your email address will not be published. Required fields are marked *