হৰিশ চন্দ্ৰ বাগচীৰ জীৱন আৰু কৰ্মৰ আধাৰত ৰচিত গ্ৰন্থ উন্মোচন
চাইন অন ডেস্ক,১৬নৱেম্বৰ :

১৫ নৱেম্বৰৰ আবেলি ৪ বজাত অনুষ্ঠিত এই স্মাৰক বক্তৃতানুষ্ঠান আৰু গ্ৰন্থ উন্মোচনী সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ডিব্ৰুগড় জিলাৰ আয়ুক্ত বিক্ৰম কৈৰী। গ্ৰন্থখন উন্মোচন কৰে ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাঃ সৈকত পাত্ৰই।
মুখ্য অতিথিৰ ভাষণত জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে ডিব্ৰুগড়ৰ বিভিন্ন ক্ষেত্ৰত অৱদান আগবঢ়োৱা ব্যক্তিসকলৰ জীৱন আৰু কৰ্মক আধাৰ হিচাপে লৈ ৰচিত এনে গ্ৰন্থই ইতিহাস অধ্যয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি উল্লেখ কৰে। কলা-সংস্কৃতি, ক্ৰীড়া, ৰাজনীতি, অৰ্থনীতি, শিক্ষা আদি বিভিন্ন ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা ব্যক্তিসকলৰ কৰ্মৰাজি গ্ৰন্থৰ মাধ্যমেৰে সংৰক্ষণ কৰাটো সময়ৰ এক প্ৰয়োজনীয়তা বুলিও তেওঁ মত প্ৰকাশ কৰে। বিশেষকৈ হৰিশ চন্দ্ৰ বাগচীৰ দৰে এগৰাকী বৰ্ণাঢ্য ব্যক্তিত্বক নতুন প্ৰজন্মৰ মাজলৈ পৰিচয় কৰাই দিয়াৰ ক্ষেত্ৰত ডিব্ৰুগড়ৰ এগৰাকী সচেতন আৰু তীক্ষ্ণধী লেখক সুমন দত্তৰ গ্ৰন্থখনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।
গ্ৰন্থ উন্মোচন কৰি ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাঃ সৈকত পাত্ৰই হৰিশ চন্দ্ৰ বাগচীক ডিব্ৰুগড়ৰ নগৰ সভ্যতাৰ বিকাশৰ সৈতে জড়িত এগৰাকী উল্লেখযোগ্য ব্যক্তি হিচাপে অভিহিত কৰে। ডিব্ৰুগড়ৰ আইন সেৱা আৰু শিক্ষা ক্ষেত্ৰলৈ তেওঁৰ অৱদানৰ কথা উল্লেখ কৰি মেয়ৰগৰাকীয়ে কয় যে সেই সময়ৰ সমাজ জীৱন আৰু নগৰৰ বিকাশৰ ইতিহাসত হৰিশ চন্দ্ৰ বাগচীৰ কৰ্মৰাজিৰ এক বিশেষ স্থান আছে। ডিব্ৰুগড় নগৰৰ পৰিকাঠামো গঢ়ি তোলাৰ ক্ষেত্ৰতো তেওঁৰ অৱদানৰ কথা স্মৰণ কৰে মেয়ৰগৰাকীয়ে।

চল্টব্ৰুক একাডেমীৰ অধ্যাপক তথা অনাতাঁৰ ঘোষিকা মৈত্ৰেয়ী ফুকনে আঁত ধৰা অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বক্তব্য আগবঢ়ায় জ্যোতিপ্ৰসাদ কানৈ, বিশিষ্ট ঔপন্যাসিক জুৰী বৰা বৰগোহাঞি, ডিব্ৰুগড় উকীল সন্থাৰ সভাপতি হেমচন্দ্ৰ বড়া, চিকিৎসক তথা সাহিত্যিক ডাঃ ৰঞ্জিত কুমাৰ বৰুৱা, বিদ্যালয়সমূহৰ পৰিদৰ্শক কবিতা ডেকা, সাপেখাতী মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ বিজু মৰাণ, বিশিষ্ট শিল্পী ৰাম চাচনী, সমাজকৰ্মী উষা পাত্ৰকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে ।
অনুষ্ঠানৰ শেষত হৰিশ চন্দ্ৰ বাগচী পৰিয়ালৰ হৈ অহীন চন্দ্ৰ বাগচীয়ে শলাগৰ শৰাই আগবঢ়ায়। বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত স্মাৰক বক্তৃতানুষ্ঠান আৰু গ্ৰন্থ উন্মোচনী সভাখন সুকলমে সম্পন্ন হয়।
চাটাৰ্ড একাউণ্টেণ্ট তথা জ্যোতিপ্ৰসাদ কানৈয়ে গ্ৰন্থখনৰ প্ৰকাশৰ জৰিয়তে কেৱল এগৰাকী ব্যক্তিৰ জীৱন আৰু কৰ্মৰাজিয়েই নহয়, ঊনবিংশ শতিকাৰ ডিব্ৰুগড়ৰ সামাজিক, শৈক্ষিক আৰু আইন সেৱাৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ অধ্যায়ো নতুন প্ৰজন্মৰ অধ্যয়নৰ বাবে উন্মোচিত হ’ল বুলি মত প্ৰকাশ কৰে।