ডিব্ৰুগড়ত দুখন গ্ৰন্থ উন্মোচন আৰু কবিতাৰ আড্ডা
চাইন অন ডেস্ক,১৬নৱেম্বৰ:
কবিতা অধ্যয়ন গোট আৰু পি ডব্লিউ এফৰ যৌথ উদ্যোগত কালি ডিব্ৰুগড়ৰ পেঞ্চনাৰ ভৱনত দুখন গ্ৰন্থ উন্মোচনৰ লগতে কবিতাৰ আড্ডা অনুষ্ঠিত হয়।
আবেলি তিনি বজাত আৰম্ভ হোৱা অনুষ্ঠানত কবি তথা অনুবাদক ড° কল্যাণ ভূঞাই আদৰণি ভাষণ আগবঢ়ায়। ইয়াৰ পাছতে কবি তথা অনুবাদক হিতেন শৰ্মাই ড° আনন্দ বৰমুদৈৰ ‘সাহিত্য মূল্য নিৰূপণ’ আৰু কবি যতীন কোঁৱৰে বীৰেন গগৈৰ ‘পাহৰিব নোৱৰা পদ্য’ শীৰ্ষক গ্ৰন্থ দুখন

অনুষ্ঠানৰ কবিতাৰ আড্ডাত হেমপ্ৰভা মৰাণ, মৃদুল কুমাৰ গগৈ, চেনীৰাম গগৈ, মিণ্টু দাস, প্ৰাঞ্জল আবিৰ দাস, অনুপম মহন্ত, অগস্ত্য বৰুৱা, ডাঃ ৰঞ্জিত কুমাৰ বৰুৱা, চিন্তু সমীৰ বৰগোহাঁই, কৌশিক বাস্যস আৰু সত্যজিৎ গগৈয়ে কবিতা পাঠ কৰে। কবিতা সম্পৰ্কে বক্তব্য আগবঢ়ায় বিজ্ঞানী ড° পৰমানন্দ মহন্ত, অনুবাদক উত্তম দুৱৰা আৰু পৰমানন্দ বৰগোহাঁয়ে।
প্ৰকল্প ৰঞ্জন ভাগৱতীয়ে আঁত ধৰা অনুষ্ঠানটোৰ সামৰণিত তেখেতে শলাগৰ শৰাই আগবঢ়ায়।