বৰপেটাৰ ছিধুনী গাঁৱত বোৱাৰী নিৰ্যাতন
আৰক্ষীৰ পৰা ন্যায় বিচাৰি হাবাথুৰি !
বাঘবৰ,১৫ নৱেম্বৰ:
বৰপেটা জিলাৰ বাঘবৰ আৰক্ষী থানাৰ অন্তৰ্গত ছিধুনী গাঁৱত সংঘটিত হৈছে নাৰী নিৰ্যাতনৰ দৰে এক জঘন্য ঘটনা।এগৰাকী কন্যা সন্তানৰ মাতৃ আছাতন নেচাৰ ওপৰত স্বামী আলি হুছেইন আৰু স্বামীৰ ভাতৃ দুজন ক্ৰমে ১)ছাইফুল ইছলাম ২)হবিবৰ ৰহমানে দীৰ্ঘদিনৰ পৰা চলাই আহিছে
শাৰীৰিক, মানসিক অত্যাচাৰ। অসহায় মহিলাগৰাকীয়ে গাওঁবাসীয়েও দিব পৰা নাই কোনো ধৰণৰ নিৰাপত্তা। গাঁওবাসীক গেটৰ ভিতৰতেই সোমাবলৈ অনুমতি নিদিয়ে স্বামী তথা স্বামীৰ ভাতৃদ্বয়ে। উপায়ন্তৰ হৈ মন্দিয়া আৰক্ষীৰ কাষ চাপিছিল ভুক্তভোগী মহিলা আছাতন নেছা। এজাহাৰৰ ভিত্তিত আৰক্ষী এদিন স্বামী গৃহত উপস্থিত হয় যদিও কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে। ইফালে আৰক্ষী ঘটনাস্থলীৰ পৰা উভতি অহাৰ পিছ দিনাৰ পৰাই ধাৰাবাহিকভাৱে শাৰিৰীক মানসিক অত্যাচাৰৰ বলি হ’বলগীয়া হৈছে ভোক্তভোগী আছাতন নেছাই। উপায়ন্তৰ হৈ শেষ ভৰসা হিচাপে এতিয়া সংবাদ মাধ্যমৰ আগত সহায় বিচাৰিছে ভুক্তভোগী মহিলা গৰাকীৰ লগতে আত্মীয় তথা গাঁওবাসীয়ে।