ঢকুৱাখনাৰ সাপতীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী মহোৎসৱত উখল-মাখল পৰিৱেশ
স্মৃতিৰ সুবাসে নষ্টালজিক কৰি তুলিলে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীক
স্মৃতিগ্ৰন্থ উন্মোচন,আলোচনা চক্ৰ সম্পন্ন
ঢকুৱাখনা,১৪ নৱেম্বৰ:
অযুত সপোন আৰু আশাৰে শিক্ষানুৰাগী আৰু সমাজ হিতৈষী ৰাইজে ১৯৭৬ চনতে ঢকুৱাখনা সম-জিলাৰ বৃহত্তৰ সাপতীয়া অঞ্চলত প্ৰতিষ্ঠা কৰিছিল সাপতীয়া উচ্চ মাধ্যমিক বিদ্যালয়।
২০২১ চনত উচ্চতৰ মাধ্যমিকলৈ উন্নীত হোৱা অগ্ৰণী শিক্ষানুষ্ঠানখন সোণালী জয়ন্তী মহোৎসৱৰ শনিবাৰৰ দ্বিতীয় দিনাৰ কাৰ্যসূচী ৰূপে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ সমাৰোহৰে গৰিমামণ্ডিত শিক্ষানুষ্ঠানখনৰ চৌহদত উখল-মাখল পৰিবেশৰ সৃষ্টি হয় ৷ বিভিন্ন ক্ষেত্ৰত প্ৰতিষ্ঠা লাভ কৰি অসমৰ ভিন্ন 
অনুষ্ঠানত বিদ্যালয়খনৰ ন-পুৰণি শিক্ষাৰ্থী তথা শিক্ষাগুৰু আৰু শুভাকাংশীসকলৰ উপস্থিতিৰে এক উদুলি-মুদুলি পৰিৱেশে বিৰাজ কৰে। পুৱাৰ ভাগত অনুষ্ঠিত হয় সম্বৰ্ধনা আৰু স্মৃতি ৰোমন্থন অনুষ্ঠান।শিক্ষানুষ্ঠানখনৰ অৱসৰপ্ৰাপ্ত শিক্ষক-কৰ্মচাৰী আৰু হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত কৃতিত্বৰে উৰ্ত্তীণ হোৱা প্ৰাক্তন শিক্ষাৰ্থীসকলক বিদ্যালয় পৰিয়ালৰ পৰা সম্বৰ্ধনা জনোৱা হয়।ইয়াৰ পিছতেই সোণাৰি চাপৰি জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক সূৰ্য কোঁৱৰৰ সঞ্চালনাত অনুষ্ঠিত হয় অন্তৰংগ আলাপ অনুষ্ঠান।কেইবাজনো প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে অনুষ্ঠানত শিক্ষানুষ্ঠানখনৰ ছাত্ৰৱস্থাৰ স্মৃতি ৰোমন্থন কৰি নষ্টালজিক হৈ পৰাৰ লগতে সকলোৱে বিদ্যালয়খন প্ৰতিষ্ঠাকালত জড়িত লোকসকলক স্মৰণ কৰাৰ লগতে তেখেতসকলৰ অশেষ ত্যাগ আৰু কষ্টৰ ফলৰ এই বিদ্যালয়খনে আজিৰ এই স্থানত উপনীত হবলৈ সক্ষম হোৱা বুলিও উল্লেখ কৰে।দিনৰ ১ বজাত সোণালী জয়ন্তী উপলক্ষে
জিণ্টু দত্তৰ সম্পাদনাত প্ৰকাশিত স্মৃতিগ্ৰন্থ
‘স্বৰ্ণিল সাপতীয়া’ উন্মোচন কৰে বিশিষ্ট লেখক তথা ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ডিম্বেশ্বৰ গগৈয়ে।এই অনুষ্ঠানৰ মাজতে প্ৰাক্তন ছাত্ৰ প্ৰাক্তন ছাত্ৰ দেৱজিৎ গগৈৰ কাব্যগ্ৰন্থ ‘নিশাৰ বৰষুণ’ উন্মোচন কৰে সাপতীয়া উচ্চতৰ
বিয়লিলৈ ‘সাপতীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অতীত, বৰ্তমান আৰু ভৱিষ্যৎ : প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ কৰণীয়’ শীৰ্ষক মননশীল আলোচনা চক্ৰ অনুষ্ঠিত হয়। প্ৰাক্তন ছাত্ৰ তথা ভাৰত চৰকাৰৰ উপভোক্তা পৰিক্ৰমা বিভাগৰ বিজ্ঞানী ৰাতুল বেজবৰুৱাৰ সঞ্চালনাত অনুষ্ঠিত মনোজ্ঞ আলোচনা চক্ৰত আলোচক হিচাপে ঢকুৱাখনা বালিকা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা প্ৰিয়লতা শইকীয়া, নেমুটেঙানী কেন্দ্ৰীয় উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী প্ৰধান শিক্ষক উমেশ চাংমাই,জ্যেষ্ঠ সাংবাদিক ভূৱন চেতিয়া,হার্হি মহাবিদ্যালয়ৰ
অধ্যাপিকা প্ৰতিমা চেতিয়া,সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক জ্ঞানদ্বীপ বৰা আদিয়ে উপস্থিত থাকি শৈক্ষিক ক্ষেত্ৰখনত বিদ্যালয়খনৰ অৱদানৰ বিষয়ে উল্লেখ কৰে।সন্ধিয়ালৈ বন্তি প্ৰজ্বলনৰ পিছতেই অনুষ্ঠিত হয়
বাৰেৰহণীয়া সাংস্কৃতিক সন্ধিয়া।কাইলৈ অন্তিম দিনাৰ প্ৰথম কাৰ্যসূচী বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব ঘিলামৰাৰ নৃত্যশিল্পী বৰষা বুঢ়াগোহাঁইয়ে । দুপৰীয়া মুকলি সভা উদ্বোধন কৰিব নৰ্থ বেংক মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ গীতাঞ্জলি বৰুৱাই। পৰৱৰ্তী সময়ত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰিব ৰাজ্য চৰকাৰৰ শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগু ,সাংসদ প্ৰদান বৰুৱা আৰু অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে । নিৰ্দিষ্ট বক্তা হিচাবে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ডঃ প্ৰাঞ্জল বুঢ়াগোঁহাই আৰু গৱেষক ছাত্ৰ, সমাজ সচেতক ত্ৰিদীপ ভাগৱতী উপস্থিত থাকিব ।ইয়াৰোপৰি বিশিষ্ট অতিথি আৰু আমন্ত্ৰিত অতিথি হিচাপে বহু কেইগৰাকী প্ৰশাসনীয় আমোলা, বিষয়া, শিক্ষাবিদে অংশগ্ৰহণ কৰিব ।নিশালৈ কণ্ঠশিল্পী নীল আকাশৰ সংগীতানুষ্ঠানেৰে তিনিদিনীয়া গৌৰৱোজ্জ্বল সোনালী জয়ন্তীৰ সামৰণি পৰিব।