...

ধুবুৰীৰ ৰাজনীতিত গেৰুৱা ইতিহাসৰ প্ৰথম খনিকৰ ধ্ৰুৱ কুমাৰ সেন

ধুবুৰীৰ ৰাজনীতিত গেৰুৱা ইতিহাসৰ প্ৰথম খনিকৰ ধ্ৰুৱ কুমাৰ সেন

এসময়ৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ একমাত্ৰ বিজেপি বিধায়ক

এতিয়া বাৰ্ধক্য আৰু অসুস্থতাৰ সৈতে নিঃসংগতাৰ যুঁজ!

ধুবুৰী,১৩নৱেম্বৰ:

 

দীৰ্ঘদিনৰ পৰাই অসুস্থ ব্যক্তি গৰাকী; সময়ৰ গতিত প্ৰায় দৃষ্টিহীন বৰ্তমান তেওঁ। বৰ্তমানে নিঃসংগ এই ব্যক্তিগৰাকীৰ গৃহ এসময়ত ৰজনজনাই আছিল দলীয় কৰ্মী, হাইপ্ৰফাইল নেতা-পালিনেতাৰে। সেই বিশেষ ব্যক্তি গৰাকী হ’ল ধুবুৰীৰ ৰাজনৈতিক ইতিহাসৰ এটা বিশেষ অধ্যায়ৰ সৈতে জড়িত এটা নাম — ধ্ৰুৱ কুমাৰ সেন। এসময়ত যিগৰাকী নেতাই ধুবুৰীৰ পৰা বিজেপিৰ প্ৰথমটো নিৰ্বাচনী বিজয়ৰ বাট মুকলি কৰিছিল, আজি সেইগৰাকী জ্যেষ্ঠ ৰাজনীতিকেই বাৰ্ধক্য আৰু দৃষ্টিশক্তি হেৰুৱাৰ বেদনাৰ মাজত পাৰ কৰিছে জীৱনৰ এক নিঃসংগ অধ্যায়।

১৯৪৮ চনৰ ১২ মাৰ্চত ধুবুৰীত প্ৰয়াত ৰমেশ চন্দ্ৰ সেনৰ ঘৰত জন্মগ্ৰহণ কৰা ধ্ৰুৱ কুমাৰ সেনে সামাজিক কাম-কাজ, ক্ৰীড়া আৰু তৃণমূল পৰ্যায়ৰ ৰাজনৈতিক কাৰ্যকলাপৰ মাজেৰে ৰাজহুৱা জীৱনৰ পাতনি মেলিছিল। পৰৱৰ্তী সময়ত নামনি অসমত বিজেপিৰ সাংগঠনিক ভেটি গঢ়ি তোলাৰ ক্ষেত্ৰত তেওঁ অন্যতম অগ্ৰণী ভূমিকা গ্ৰহণ কৰে।

১৯৯১ চনৰ অসম বিধানসভা নিৰ্বাচন। ধুবুৰীৰ ৰাজনৈতিক ইতিহাসত সেই নিৰ্বাচন আছিল এক উল্লেখযোগ্য মাইলৰ খুঁটি। বিজেপিৰ প্ৰাৰ্থী হিচাপে ধ্ৰুৱ কুমাৰ সেনে ধুবুৰী সমষ্টিৰ পৰা জয়লাভ কৰি বিধানসভালৈ নিৰ্বাচিত হয়। ৯১ চনৰ বিধানসভা নিৰ্বাচনত সেনে তেওঁৰ নিকটতম প্ৰতিদ্বন্দী চিপিএমৰ সাবেৰ আলী শেখক ৩,৭৫১ ভোটত পৰাজিত কৰি এক নতুন ইতিহাস ৰচিছিল। সেইবাৰ, ধুবুৰী বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী নজিবুল উমৰ তৃতীয় স্থানতেই থমকি ৰ’বলগীয়া হৈছিল।

উল্লেখ্য যে, ১৯৯১ৰ পৰা ১৯৯৬ চনলৈ বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰা সেন আছিল ব্ৰহ্মপুত্ৰ উপত্যকাৰ একমাত্ৰ বিজেপি বিধায়ক। সেই সময়ৰ ৰাজনৈতিক আৰু নিৰ্বাচনী পৰিস্থিতিৰ মাজত তেওঁৰ এই জয় আছিল বিজেপিৰ বাবে এক বিশেষ সফলতা।

কেৱল বিধায়ক হিচাপেই নহয়, দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ ক্ষেত্ৰতো তেওঁৰ অৱদান আছিল উল্লেখযোগ্য। তিনিবাৰকৈ বিজেপিৰ ধুবুৰী জিলা সমিতিৰ সভাপতিৰ দায়িত্ব পালন কৰিছিল তেওঁ। পশ্চিম অসমৰ বিভিন্ন প্ৰান্তত দলীয় সংগঠন বিস্তাৰৰ ক্ষেত্ৰত আগভাগ লৈছিল এইগৰাকী নেতাই।

সৰল জীৱনশৈলী আৰু সাধাৰণ মানুহৰ সৈতে থকা সম্পৰ্ক আছিল তেওঁৰ ৰাজনৈতিক পৰিচয়ৰ অন্যতম দিশ। বিধায়ক হৈও বহু সময়ত ৰাজহুৱা বাছেৰে বিধানসভালৈ অহা-যোৱা কৰিছিল তেওঁ। ক্ষমতা আৰু পদবীৰ আড়ম্বৰতকৈ সাধাৰণ মানুহৰ মাজত থকাটোকেই যেন অধিক গুৰুত্ব দিছিল।

কিন্তু সময়ৰ সোঁতত সলনি হৈছে জীৱনৰ ছবিখন। বাৰ্ধক্যজনিত অসুস্থতা আৰু দৃষ্টিশক্তি হেৰুৱাৰ সমস্যাই জুৰুলা কৰিছে প্ৰবীণ ৰাজনীতিকগৰাকীক। ধুবুৰীৰ নিজা বাসগৃহতে এতিয়া প্ৰায় নিঃসংগভাৱে পাৰ কৰিছে দিনবোৰ। এসময়ত ৰাজনৈতিক সভা-সমিতি, সাংগঠনিক তৎপৰতা আৰু জনসম্পৰ্কৰ মাজত ব্যস্ত থকা মানুহজনৰ জীৱনলৈ নামি আহিছে এক নিৰৱতা।

ৰাজনীতিৰ পথত বহু নতুন মুখৰ আগমন ঘটিল, সলনি হ’ল দলীয় সমীকৰণ, সলনি হ’ল সময়। কিন্তু ধুবুৰীৰ ৰাজনৈতিক ইতিহাসত ১৯৯১ চনৰ সেই নিৰ্বাচনী বিজয়ৰ তাৎপৰ্য আজিও সুকীয়া। ধ্ৰুৱ কুমাৰ সেন কেৱল এজন প্ৰাক্তন বিধায়ক নহয়; তেওঁ ধুবুৰীত বিজেপিৰ নিৰ্বাচনী ইতিহাসৰ প্ৰথমটো অধ্যায়ৰ সৈতে জড়িত এটা নাম।

এসময়ত ব্ৰহ্মপুত্ৰ উপত্যকাত গেৰুৱা ৰাজনীতিৰ একমাত্ৰ নিৰ্বাচিত প্ৰতিনিধি। আজি ৰাজনৈতিক কোলাহলৰ পৰা বহু দূৰত, বাৰ্ধক্যৰ সৈতে যুঁজ কৰি থকা এজন প্ৰবীণ ৰাজনীতিক। সময়ৰ পৰিৱৰ্তনে তেওঁৰ পৰিচয় মচি পেলাব পৰা নাই। দলটোৰ প্ৰবীণ আৰু ন-প্ৰজন্মৰ একাংশ স্থানীয় নেতা-কাৰ্যকৰ্তাৰ তেখেতৰ খা-খবৰ লোৱাৰ আহৰি নাই যদিও ধুবুৰীৰ ৰাজনৈতিক ইতিহাসত ধ্ৰুৱ কুমাৰ সেনৰ নাম কিন্তু এক বিশেষ স্থানত ৰৈ যাব; সৰ্বস্তৰৰ সৰ্বসাধাৰণৰ মাজত।

Leave a Reply

Your email address will not be published. Required fields are marked *