৪১ সংখ্যক খুটাবাৰী আঞ্চলিক মানৱ ৰাস মহোৎসৱৰ লাইখুঁটা স্থাপন
নগৰবেৰা,১৩নৱেম্বৰ:
গোৱালপাৰা জিলাৰ খুাবাৰীত ভক্তি, আধ্যাত্মিকতা আৰু অসমীয়া লোক-সংস্কৃতিৰ চিৰন্তন পৰম্পৰাক সাৰথি কৰি আগন্তুক ৪১ সংখ্যক খুটাবাৰী আঞ্চলিক সাৰ্বজনীন মানৱ ৰাস মহোৎসৱ উলহ-মালহেৰে উদ্যাপনৰ বাবে ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। ইয়াৰ অংশ হিচাপে বৃহস্পতিবাৰে ৰাস মহোৎসৱৰ লাইখুঁটা স্থাপন কৰা হয়। খুটাবাৰী গাঁও উন্নয়ন সমিতিৰ সভাপতি তথা ৰাস মহোৎসৱ উদ্যাপন সমিতিৰ উপদেষ্টা হৰগোবিন্দ দাসে আনুষ্ঠানিকভাৱে লাইখুঁটা স্থাপন কৰে। লাইখুঁটা স্থাপন অনুষ্ঠানত ৰাস মহোৎসৱ উদ্যাপন সমিতিৰ সভাপতি ৰতিকান্ত মেধী, কাৰ্যকৰী সভাপতি ভূপেন কলিতা, উপ-সভাপতি বাবুল নাথ আৰু ফিৰোজ আহমেদ, সাধাৰণ সম্পাদক জগদীশ নাথৰ লগতে উপদেষ্টা ৰজত দাস, মানিক দাস, মাধৱ দাস আৰু বলো দাস, উপ-সভাপতি ৰঞ্জিত ৰাজবংশী,খুটাবাৰী গাঁওৰ গাঁওপ্ৰধান মনমোহন দাস, খুটাবাৰী গাঁও উন্নয়ন সমিতিৰ সম্পাদক প্ৰাণবন্ধু দাসকে ধৰি উদ্যাপন সমিতিৰ বিষয়ববীয়া, সদস্য, স্থানীয় ৰাইজ আৰু ভক্তপ্ৰাণ ৰাইজ উপস্থিত থাকে।
লাইখুঁটা স্থাপনৰ জৰিয়তে ৪১ সংখ্যক খুটাবাৰী আঞ্চলিক সাৰ্বজনীন মানৱ ৰাস মহোৎসৱৰ আনুষ্ঠানিক প্ৰস্তুতিয়ে পূৰ্ণ গতি লাভ কৰে। ৰাস মহোৎসৱক আধ্যাত্মিক ভাৱ,গাম্ভীৰ্য আৰু ধৰ্মীয় পৰম্পৰাৰ মাজেৰে সৰ্বাংগসুন্দৰভাৱে অনুষ্ঠিত কৰাৰ লক্ষ্যৰে ইতিমধ্যে এখন মুল সমিতিও গঠন কৰা হৈছে।
৪১ সংখ্যক খুটাবাৰী আঞ্চলিক ৰাস মহোৎসৱৰ প্ৰচাৰ বিভাগৰ সভাপতি অজয় কুমাৰ শীলে জনোৱা অনুসৰি, বিগত বছৰসমূহৰ দৰে এইবেলিও ভক্তি আৰু আধ্যাত্মিকতাৰ পবিত্ৰ আবেশত মানৱ ৰাসৰ জৰিয়তে ভগৱান শ্ৰীকৃষ্ণৰ প্ৰেম, ভক্তি, কৰুণা আৰু মানৱীয় প্ৰমূল্যবোধৰ মহান বাণী জনসাধাৰণৰ মাজলৈ আগবঢ়াই নিয়াৰ প্ৰয়াস কৰা হৈছে। শ্ৰীকৃষ্ণৰ লীলাৰ অন্তৰালত নিহিত থকা আত্মিক উপলব্ধি আৰু ভক্তিৰসক কেন্দ্ৰ কৰি ৰাস মহোৎসৱখনে অঞ্চলটোৰ ধৰ্মীয় আৰু সাংস্কৃতিক জীৱনলৈ এক বিশেষ মাত্ৰা কঢ়িয়াই আনিব বুলি তেওঁ আশা প্ৰকাশ কৰে।
মহোৎসৱক কেন্দ্ৰ কৰি ইতিমধ্যে খুটাবাৰী অঞ্চলত সৃষ্টি হৈছে এক উৎসৱমুখৰ আৰু আধ্যাত্মিক পৰিৱেশ। ৰাস মহোৎসৱৰ প্ৰতিটো কাৰ্যসূচী ভক্তি, শৃংখলা আৰু পৱিত্ৰতাৰ মাজেৰে সম্পন্ন কৰাৰ বাবে আয়োজক সমিতিয়ে প্ৰস্তুতি অব্যাহত ৰাখিছে।এই পৱিত্ৰ আয়োজন সফল কৰি তুলিবলৈ আয়োজক সমিতিয়ে সমূহ ৰাইজ, ভক্তপ্ৰাণ লোক, শুভাকাংক্ষী আৰু সাংস্কৃতিপ্ৰেমী ৰাইজৰ আন্তৰিক সহায়-সহযোগিতা আৰু সক্ৰিয় অংশগ্ৰহণ কামনা কৰিছে। সকলোৰে সামূহিক প্ৰচেষ্টা, সহযোগিতা আৰু ভক্তিপূৰ্ণ অংশগ্ৰহণেৰে ৪১ সংখ্যক খুটাবাৰী আঞ্চলিক সাৰ্বজনীন মানৱ ৰাস মহোৎসৱ ভক্তি আৰু আধ্যাত্মিকতাৰ এক উজ্জ্বল মিলনভূমিত পৰিণত হোৱাৰ লগতে এক স্মৰণীয় ৰূপ লাভ কৰিব বুলি আয়োজক সমিতিয়ে আশা প্ৰকাশ কৰিছে।
