...

ডিব্ৰুগড়ত একাদশ উত্তৰ পূব প্ৰাইজমানি বেডমিণ্টন চেম্পিয়নশ্বিপ সম্পন্ন

ডিব্ৰুগড়ত একাদশ উত্তৰ পূব প্ৰাইজমানি বেডমিণ্টন চেম্পিয়নশ্বিপ সম্পন্ন

চাইন অন ডেস্ক,১৬ নৱেম্বৰ :

ডিব্ৰুগড় ভেটাৰ্ণ বেডমিণ্টন ক্লাবৰ উদ্যোগত তথা ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ তত্বাৱধানত দুদিনীয়াকৈ আয়োজিত একাদশ উত্তৰ পূব প্ৰাইজমানি বেডমিণ্টন চেম্পিয়নশ্বিপৰ ১৫ নৱেম্বৰত সফলতাৰে সম্পন্ন হৈ যায়। ক্ৰীড়া সন্থাৰ ইনড’ৰ ষ্টেডিয়ামত আয়োজিত এই চেম্পিয়নশ্বিপত প্ৰায় ২০০ শ্বাটলাৰে অংশগ্ৰহণ কৰিছিল। প্ৰতিযোগিতাৰ চূড়ান্ত ফলাফল সমূহ এনেধৰণৰ – ১৫ বছৰৰ অনুৰ্ধ্ব ছোৱালীৰ শাখাত লোপামুদ্ৰা শইকীয়াই ( ডিব্ৰুগড় ) হৰ্শিতা দত্তক ( ডিব্ৰুগড় ) পৰাস্ত কৰি উক্ত শাখাত চেম্পিয়ন হয়। ৰাজভি ৰিছা গগৈ আৰু স্নেহা তাইয়ে তৃতীয় স্থানত থাকে। ১৫ বছৰৰ অনুৰ্ধ্ব লৰাৰ শাখাত ডিব্ৰুগড়ৰ গৌৰৱ জ্যোতি বৰাই তেজপুৰৰ অৰুণাভ মহন্তক পৰাস্ত কৰি চেম্পিয়ন হয়। অভিলাষ দিবাকৰ কাকতি আৰু অনুপ শইকীয়াই যৌথভাৱে তৃতীয় স্থানত থাকে। ১৩ বছৰৰ অনুৰ্ধ্ব ছোৱালীৰ শাখাত নাজিৰাৰ লুজাইন ইবটিহাজে তিনিচুকীয়াৰ ইখিকা ঠাকুৰীয়াক পৰাস্ত কৰি উক্ত শাখাত চেম্পিয়ন হয়। তৃতীয় স্থানত থাকে অনুষ্কা বৰা আৰু নন্দিকা সোনোৱাল। ১৩ বছৰৰ অনুৰ্ধ্ব লৰাৰ শাখাত নাহৰকটীয়াৰ দীপ্তপিংগল সোনোৱালে শিৱসাগৰৰ অংশুমান খনিকৰক পৰাস্ত কৰি চেম্পিয়ন হয়। উক্ত শাখাত ৰেয়াঞ্চ বৰুৱা আৰু অংশুমান সিংহই তৃতীয় স্থানত থাকে। ছোৱালীৰ ১১ বছৰৰ অনুৰ্ধ্ব শাখাত ডিব্ৰুগড়ৰ নান্দিকা সোনোৱালে তিনিচুকীয়াৰ এখিকা ঠাকুৰীয়াক পৰাস্ত কৰি চেম্পিয়ন হয়। উক্ত শাখাত ঈশ্তি সোনোৱাল আৰু অনুষ্কা বৰাই তৃতীয় স্থান লাভ কৰে। ১১ বছৰৰ অনুৰ্ধ্ব লৰাৰ শাখাত তিনিচুকীয়াৰ হৰ্ষিত শইকীয়াই লখিমপুৰৰ দিব্যাক্ষ দত্তক পৰাস্ত কৰি চেম্পিয়ন হয়। সন্দীপন কোঁৱৰ আৰু চিত্ৰানুগ গগৈ তৃতীয় স্থানত থাকে। ৯ বছৰৰ অনুৰ্ধ্ব ছোৱালীৰ শাখাত তিনিচুকীয়াৰ আনায়া চেলেঙে ডিব্ৰুগড়ৰ দিব্যাশ্ৰী দত্তক পৰাস্ত কৰি উক্ত শাখাত চেম্পিয়ন হয়। ৰিদ্ধিছমিতা বৰা আৰু নন্দিকা বৰা তৃতীয় স্থানত থাকে। ৯ বছৰৰ অনুৰ্ধ্ব লৰাৰ শাখাত নাহৰকটীয়াৰ দিব্যাশ মহন্তই তিনিচুকীয়াৰ নিবিৰ চেতিয়াক পৰাস্ত কৰি উক্ত শাখাত চেম্পিয়ন হয়। তৃতীয় স্থান লাভ কৰে শৌৰ্য সূত্ৰধাৰ আৰু দেভাগ্য শইকীয়াই। বঁটা বিতৰণী সভাখন ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ কাৰ্য্যকৰী সভাপতি মানস জ্যোতি দত্ত, সন্থাৰ যুটীয়া সম্পাদক ক্ৰমে – অঞ্জন কুমাৰ বৰুৱা আৰু বিশ্ব জ্যোতি বৰা, বেডমিণ্টন বিভাগৰ সম্পাদক সুনীল গগৈ, ডাক্তৰ বাসুদেৱ ৰয়, প্ৰতিযোগিতাখনৰ পৰ্যবেক্ষক হীৰক জ্যোতি তালুকদাৰ আদি উপস্থিত থাকি বঁটা সমূহ প্ৰদান কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *