...

অসম গেছ ক্ৰেকাৰ প্ৰকল্পৰ উল্লেখনীয় সফলতা

অসম গেছ ক্ৰেকাৰ প্ৰকল্পৰ উল্লেখনীয় সফলতা

ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডৰ বিত্তীয় বৰ্ষ ২০২৫-২৬ৰ সফল সমাপ্তি

১০৬ শতাংশ উৎপাদন ক্ষমতা ব্যৱহাৰেৰে ১১৭.৬৭ কোটি টকা লাভ

উত্তৰ-পূৰ্বাঞ্চলত পলিমাৰৰ বিক্ৰী ৪৮,১৪০ মেট্ৰিক টনলৈ বৃদ্ধি

চাইন অন ডেস্ক,১৬নৱেম্বৰ:

বিভিন্ন প্ৰতিকুল গোলকীয় পেট্ৰ’কেমিকেল পৰিস্থিতিৰ মাজতো উৎপাদন আৰু বিত্তীয় ক্ষেত্ৰত উল্লেখনীয় সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে অসম চুক্তিৰ আধাৰত ডিব্ৰুগড় লেপেটকটাস্থিত ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড (বি চি পি এল)। ২০২৫-২৬ বিত্তীয় বৰ্ষত প্ৰতিষ্ঠানটোৱে ১০৬ শতাংশ উৎপাদন ক্ষমতা ব্যৱহাৰ কৰাৰ লগতে ৩,৭২৫.৫৩ কোটি টকাৰ ব্যৱসায়িক ৰাজহৰ বিপৰীতে ১১৭.৬৭ কোটি টকাৰ কৰ পৰৱৰ্তী লাভ (PAT) অৰ্জন কৰিবলৈ সক্ষম হোৱা বুলি শনিবাৰে ডিব্ৰুগড়ত সাংবাদিকৰ সৈতে হোৱা বিশেষ মত বিনিময় অনুষ্ঠানত মন্তব্য কৰে পৰিচালন সঞ্চালক প্ৰাঞ্জল চাংমাইয়ে।
বিগত বিত্তীয় বৰ্ষটোত খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ মূল্যৰ উঠা-নমা, ভূ-ৰাজনৈতিক পৰিস্থিতি, যোগান শৃংখলাৰ অনিশ্চয়তা আৰু আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক পৰিৱৰ্তনৰ ফলত পেট্ৰ’কেমিকেল উদ্যোগটোৱে বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছিল। এনে পৰিস্থিতিৰ মাজতো বি চি পি এলে নিৰৱচ্ছিন্ন, সুৰক্ষিত আৰু নিৰ্ভৰযোগ্য উৎপাদন অব্যাহত ৰখাৰ লগতে নিজৰ নিৰ্ধাৰিত উৎপাদন ক্ষমতাতকৈ অধিক উৎপাদন কৰিবলৈ সক্ষম হয়। প্ৰতিষ্ঠানটোৰ AA+ ক্ৰেডিট ৰেটিং অব্যাহত থকাটোৱেও ইয়াৰ বিত্তীয় স্থিতিশীলতা আৰু ঋণ পৰিশোধৰ সক্ষমতাকে প্ৰতিফলিত কৰিছে।
ইফালে উত্তৰ-পূৰ্বাঞ্চলত বি চি পি এলৰ পলিমাৰ সামগ্ৰীৰ বজাৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰতো উল্লেখনীয় অগ্ৰগতি পৰিলক্ষিত হৈছে। প্ৰতিষ্ঠানটোৰ Brahma-Lene আৰু Brahma-Pol ব্ৰেণ্ডৰ সামগ্ৰীয়ে গ্ৰাহকৰ মাজত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। ২০২৫-২৬ বিত্তীয় বৰ্ষত উত্তৰ-পূৰ্বাঞ্চলত প্ৰতিষ্ঠানটোৰ পলিমাৰ বিক্ৰীৰ পৰিমাণ ৪৮,১৪০ মেট্ৰিক টনলৈ বৃদ্ধি পাইছে। ইয়াৰ বিপৰীতে পূৰ্বৰ বিত্তীয় বৰ্ষত এই পৰিমাণ আছিল ৪৩,৮৪১ মেট্ৰিক টন। উল্লেখযোগ্য যে ২০১৭-১৮ বিত্তীয় বৰ্ষত এই বিক্ৰীৰ পৰিমাণ আছিল ২১,৫৭৪ মেট্ৰিক টন আৰু ২০১৬-১৭ বৰ্ষত মাত্ৰ ৫,৫১১ মেট্ৰিক টন। চুবুৰীয়া বাংলাদেশ আৰু ভূটানলৈ ৰপ্তানিৰ জৰিয়তেও প্ৰতিষ্ঠানটোৱে নিজৰ বজাৰ সম্প্ৰসাৰণ কৰিছে।
আনহাতে, উৎপাদন ক্ষমতা আৰু সামগ্ৰীৰ বৈচিত্ৰ্য বৃদ্ধিৰ লক্ষ্যৰে প্ৰতিষ্ঠানটোৱে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ কাম আগবঢ়াই নিছে। ৫৪ কিলোটন প্ৰতি বছৰৰ উৎপাদন ক্ষমতাসম্পন্ন HPG-2 প্ৰকল্পৰ যান্ত্ৰিক নিৰ্মাণ সম্পূৰ্ণ হৈছে আৰু সকলো বিধিগত অনুমোদন লাভ কৰাৰ পিছত বৰ্তমান পৰীক্ষামূলকভাৱে উৎপাদন আৰম্ভ কৰাৰ প্ৰক্ৰিয়া চলি আছে। আনহাতে, Butene-1 প্ৰকল্পৰ নিৰ্মাণকাৰ্য ৯৭.৫ শতাংশ সম্পূৰ্ণ হৈছে। এই প্ৰকল্প কাৰ্যক্ষম হ’লে উচ্চ মূল্যৰ পলিমাৰ উৎপাদনৰ ক্ষেত্ৰত প্ৰতিষ্ঠানটোৰ সক্ষমতা বৃদ্ধি পোৱাৰ লগতে বাহিৰৰ পৰা কেঁচামাল আমদানিৰ ওপৰত নিৰ্ভৰশীলতাও কিছু পৰিমাণে হ্ৰাস পাব।
নিৰাপত্তা আৰু পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰতো প্ৰতিষ্ঠানটোৱে বিশেষ গুৰুত্ব আৰোপ কৰিছে। ISO 31000 নীতিৰ সৈতে সংগতি ৰাখি উদ্যোগটোৱে Enterprise Risk Management ব্যৱস্থা শক্তিশালী কৰাৰ লগতে পৰিৱেশ, সামাজিক আৰু প্ৰশাসনিক দায়বদ্ধতাৰ (ESG) দিশসমূহত গুৰুত্ব দিছে। প্ৰতিষ্ঠানটোৱে ২০২৪-২৫ বিত্তীয় বৰ্ষক কাৰ্বন নিৰ্গমন হ্ৰাসৰ ভিত্তি বৰ্ষ হিচাপে নিৰ্ধাৰণ কৰি ২০৪৫ চনৰ ভিতৰত Net Zero লক্ষ্যত উপনীত হোৱাৰ বাবে এক পৰিকল্পনাও প্ৰস্তুত কৰিছে। ইয়াৰ সমান্তৰালকৈ চাইবাৰ নিৰাপত্তা, ডিজিটেল আন্তঃগাঁথনি আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰতো বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।
আঞ্চলিক অৰ্থনীতি আৰু নিয়োগ সৃষ্টিৰ ক্ষেত্ৰতো বি চি পি এলৰ অৱদান উল্লেখযোগ্য। বৰ্তমান প্ৰতিষ্ঠানটোত ৬৪০ গৰাকী কৰ্মচাৰী নিয়োজিত হৈ থকাৰ বিপৰীতে প্ৰায় ২,৫০০ গৰাকী ঠিকাভিত্তিক শ্ৰমিকে কৰ্মসংস্থাপনৰ সুবিধা লাভ কৰিছে। ইয়াৰ উপৰি ৯০ গৰাকী প্ৰধানমন্ত্ৰী ইণ্টাৰ্ণ আৰু শিক্ষানবিশে বিভিন্ন কাৰিকৰী তথা ব্যৱস্থাপনা বিভাগত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে। প্ৰতিষ্ঠানটোৱে অসমৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদন (GSDP) বৃদ্ধিত প্ৰায় ০.২৩ শতাংশ অৰিহণা যোগাই আহিছে বুলিও উল্লেখ কৰে। আনহাতে
সামাজিক দায়বদ্ধতাৰ অংশ হিচাপে বানপীড়িত লোকসকলৰ সহায়ৰ বাবেও প্ৰতিষ্ঠানটোৱে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বান সাহায্যৰ উদ্দেশ্যে এক কোটি টকা আগবঢ়োৱাৰ লগতে বি চি পি এলৰ কৰ্মচাৰীসকলেও এদিনৰ দৰমহা বৰঙণি হিচাপে আগবঢ়ায়। এই ধনেৰে শিৱসাগৰ জিলাৰ বানপীড়িত অঞ্চলসমূহত ভাঁজ কৰিব পৰা বিচনা আৰু সৌৰ লাইট বিতৰণ কৰা হয়।
স্থানীয় যুৱক-যুৱতীসকলৰ স্বাৱলম্বিতা আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰতো প্ৰতিষ্ঠানটোৱে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। কাৰিকৰী প্ৰশিক্ষণ প্ৰতিষ্ঠান (ITI), শিক্ষানবিশ কাৰ্যসূচী আৰু প্লাষ্টিক প্ৰক্ৰিয়াকৰণ, স্বাস্থ্যসেৱা, পৰ্যটন-আতিথ্য, চিলাই আদি বিষয়ত প্ৰশিক্ষণ প্ৰদানৰ জৰিয়তে যুৱক-যুৱতীসকলৰ কৰ্মসংস্থাপনৰ পথ প্ৰশস্ত কৰিছে। ইয়াৰ উপৰি আত্মসহায়ক গোটসমূহক হাঁহ-কুকুৰা পালন, গাহৰি পালন, মীন পালন, তাঁতশাল আৰু কাঠফুলা খেতিৰ ক্ষেত্ৰত সহায় আগবঢ়াই আহিছে।
উল্লেখযোগ্য যে উদ্যোগ আৰু শৈক্ষিক প্ৰতিষ্ঠানৰ মাজত সমন্বয় বৃদ্ধিৰ লক্ষ্যৰে বি চি পি এলে বিভিন্ন শিক্ষানুষ্ঠানৰ সৈতে বুজাবুজিৰ চুক্তি সম্পাদন কৰিছে। এই ক্ষেত্ৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ সৈতেও প্ৰতিষ্ঠানটোৰ অভিযন্তাসকলে পাঠ্যক্ৰম উন্নয়নৰ কামত সহযোগিতা আগবঢ়াইছে। ইয়াৰ জৰিয়তে শৈক্ষিক জ্ঞানৰ সৈতে উদ্যোগিক প্ৰয়োজনীয়তাৰ সমন্বয় সাধনৰ প্ৰয়াস কৰা হৈছে।
বি চি পি এলৰ পৰিচালন সঞ্চালকে এই সফলতাৰ বাবে ভাৰত চৰকাৰ, অসম চৰকাৰৰ লগতে প্ৰতিষ্ঠানটোৰ প্ৰচাৰক সংস্থা অইল ইণ্ডিয়া লিমিটেড, নুমলীগড় ৰিফাইনেৰী লিমিটেড আৰু গেইল (ইণ্ডিয়া) লিমিটেডৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। লগতে জিলা প্ৰশাসন, সংবাদ মাধ্যম আৰু প্ৰতিষ্ঠানটোৰ সৈতে জড়িত সকলো অংশীদাৰৰ সহযোগিতাৰ বাবেও ধন্যবাদ জ্ঞাপন কৰে।
উৎপাদন ক্ষমতা বৃদ্ধি, নতুন প্ৰকল্প ৰূপায়ণ, বজাৰ সম্প্ৰসাৰণ আৰু সামাজিক দায়বদ্ধতাৰ সমান্তৰালভাৱে অসমৰ ঔদ্যোগিক বিকাশত অধিক অৰিহণা যোগোৱাৰ লক্ষ্যৰে বি চি পি এলে আগন্তুক দিনত নিজৰ যাত্ৰা অব্যাহত ৰখাৰ কথা প্ৰকাশ কৰে। সাংবাদিকৰ সৈতে মত বিনিময় অনুষ্ঠানত বি চি পি এলৰ পৰিচালন সঞ্চালক প্ৰাঞ্জল চাংমাই , Operations and Maintenance বিভাগৰ মুখ্য মহাপ্ৰবন্ধক সীতাংশু পাল মানৱ সম্পদ বিভাগৰ উপ-প্ৰবন্ধক জয়ন্ত বৰুৱা, লভিতা দাসকে ধৰি প্ৰতিষ্ঠানটোৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *