...

ড্ৰাগছৰ সতে সম্পৰ্ক? মৃত্যু হ’লে জানাজা- শেষকৃত্যত সহযোগ নকৰে ৰাইজে

ড্ৰাগছৰ সতে সম্পৰ্ক?

মৃত্যু হ’লে জানাজা- শেষকৃত্যত সহযোগ নকৰে ৰাইজে

ড্রাগছৰ বিৰুদ্ধে কঠোৰ স্থিতি

দলগাওঁ,১৮আগষ্ট :

নিষিদ্ধ ড্ৰাগছে চানি ধৰিছে দৰঙৰ দলগাঁৱৰ বেছিমাৰী অঞ্চল।যাৰ ফলত যুৱ প্ৰজন্মক ধ্বংসৰ পথত ঠেলি দিয়াৰ লগতে এক চৰম সামাজিক সংকটৰ সৃষ্টি হৈছে। ড্ৰাগছ মাফিয়াৰ নেটৱর্ক ইমানেই শিপাইছে যে আৰক্ষীয়ে অবিৰত অভিযান চলাই আহাৰ পাছতো অন্ত পৰা নাই । উপায়হীন হৈ সোমবাৰে নিশা বেছিমাৰী বৃহত্তৰ সচেতন নাগৰিক মঞ্চৰ উদ্যোগত অনুষ্ঠিত হয় ৰাইজমেল। কেইবা শতাধিক পুৰুষ-মহিলা উপস্থিতিৰ ৰাইজমেলৰ জৰিয়তে বৃহৎ সিদ্ধান্ত গ্ৰহনেৰে ড্ৰাগছৰ লগত জড়িত পৰিয়াললৈ ডেডলাইন বান্ধি দিয়ে অঞ্চলটোৰ সচেতন মহলে। সেই মতে এক সপ্তাহৰ ভিতৰত ড্ৰাগছৰ লগত জড়িত সকলো লোক ড্ৰাগছ ও ইয়াৰ ব্যৱসায় ত্যাগ কৰিব লাগিব । অন্যথা বেছিমাৰীৰ ৰাইজে সম্পর্ক বিচ্ছিন্ন কৰিব তেওঁলোকৰ পৰিয়ালৰ সৈতে । ড্ৰাগছৰ লগত জড়িত কোনো লোকৰ পৰিয়ালৰ কোনোবাৰ মৃত্যু হ’লে জানাজা ও শেষকৃত্যত সমাজে সহযোগ নকৰে । আনকি তেনে পৰিয়ালৰ বিবাহ আদিকে ধৰি কোনো সকামত অংশগ্ৰহণ নকৰে ৰাইজে। দলগাঁও থানাৰ আৰক্ষী বিষয়া নিপু কলিতাৰ উপস্থিতিত অনুষ্ঠিত উক্ত ৰাইজমেলত উপস্থিত থাকে কেবাটাও সংখ্যালঘু সংগঠনৰ নেতা কর্মীও।

Leave a Reply

Your email address will not be published. Required fields are marked *