জে কে বৰুৱা ১৯ বছৰৰ অনুৰ্ধ্ব ক্ৰিকেট
ডিব্ৰুগড় শক্তিশালী স্থিতিত অনিকেটৰ শতক
চাইন অন ডেস্ক,১৮ আগষ্ট:
ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত তথা অসম ক্ৰিকেট সন্থাৰ তত্বাৱধানত আজিৰে পৰা আৰম্ভ হোৱা জেকে বৰুৱা আন্তঃ জিলা ১৯ বছৰৰ অনুৰ্ধ্ব ক্ৰিকেট প্ৰতিযোগিতাৰ উদ্বোধনী খেলত প্ৰথম দিনাই ডিব্ৰুগড় জিলা শক্তিশালী স্থিতিত উপনীত হৈছে। জালান আউটডৰ ষ্টেডিয়ামত অনুষ্ঠিত দুদিনীয়া খেলখনত ডিব্ৰুগড় জিলা দলে নাহৰকটীয়া দলৰ বিৰুদ্ধে প্ৰথম দিনা ৮ টা উইকেট হেৰুৱাই ২৮০ ৰাণ কৰি নিজৰ ইনিংছ ঘোষণা কৰে। দলৰ হৈ অনিকেট বাস্ফৰে ১৩৯ ৰাণৰ এক সুন্দৰ ইনিংছ খেলে। অনিকেতে ১৩ টা বাউণ্ডেৰী আৰু ৬ টা ছয়ৰে নিজৰ ইনিংছ সজায়। আনহাতে বাওঁহতীয়া উইকেটকীপাৰ বেটাৰ জায়ান য়াছিন আহমেদে ৫৩ ৰাণৰ আৰু মিডল অৰ্ডাৰ বেটাৰ বিশাল কুমাৰেও ৫৩ ৰাণৰ সুন্দৰ ইনিংছ খেলে। প্ৰত্যুত্তৰত, দিনান্ত লৈকে নাহৰকটীয়া দলে নিজৰ প্ৰথম ইনিংছত ৩ টা উইকেট হেৰুৱাই ২৯ ৰাণ কৰে। ডিব্ৰুগড় জিলা দলৰ হৈ অভিষেক যাদৱ, কানহায়া কুমাৰ আৰু আমানত হুছেইনে গাইপতি এটাকৈ উইকেট লাভ কৰিছে। আজি পুৱা ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ কাৰ্য্যকৰী সভাপতি মানস জ্যোতি দত্তই পতাকা উত্তোলনৰে খেলখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে।